দৈনন্দিন জীৱনক স্পৰ্শ কৰা ব্যৱস্থাৰ আঁৰৰ নীৰৱ প্ৰশাসক হৈছে ডঃ আদীলা আব্দুল্লা

Story by  atv | Posted by  Munni Begum • 16 h ago
ডঃ আদীলা আব্দুল্লা
ডঃ আদীলা আব্দুল্লা
 
এম শ্ৰীলতা
 
আমি দৈনন্দিন জীৱনত বহু সুবিধা স্বাভাৱিকভাৱে লাভ কৰোঁ, কিন্তু এই সুবিধাসমূহৰ বিষয়ে চিন্তা কৰিবলৈ তথা ইয়াৰ আঁৰত থকা মানুহবোৰৰ কথা সচৰাচৰ ভাবি চাবলৈ বেছিভাগ মানুহৰেই হাত সময় নাই। দৈনিক পুৱা সোনকালে ৰাস্তাঘাট পৰিষ্কাৰ হৈ থাকে, আৱৰ্জনা সময়মতে সংগ্ৰহ কৰা হয়, কল্যাণমূলক আঁচনিসমূহ হিতাধিকাৰীসকলৰ ওচৰলৈ যায় আৰু চৰকাৰী সেৱাসমূহ অবিৰতভাৱে চলি থাকে। এই সকলোবোৰৰ আঁৰত থাকে এনে কিছুমান প্ৰশাসক, যিসকলে জটিল ব্যৱস্থাসমূহ সুসংহতভাৱে চলি থকাটো নিশ্চিত কৰে।
 
এনে প্ৰশাসকসকলৰ ভিতৰত আছে কেৰালা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডঃ আদীলা আব্দুল্লা। তেওঁ মালাবাৰ অঞ্চলৰ ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে স্বীকৃত। তেওঁ ৰাজহুৱা ব্যৱস্থাৱলী শক্তিশালী কৰা আৰু দুৰ্বল সম্প্ৰদায়ৰ জীৱন উন্নত কৰাত মনোনিৱেশ কৰি কেৰিয়াৰ গঢ়ি তুলিছে। আজি কেৰালা চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ বিশেষ সচিব হিচাপে তেওঁ ৰাজহুৱা প্ৰশাসনত এক অতি স্পৰ্শকাতৰ পদত অধিষ্ঠিত হৈ আছে, য'ত চৰকাৰী নীতিয়ে সহায় আৰু সন্মানৰ প্ৰয়োজন থকা লোকসকলৰ জীৱনক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰি আহিছে। 
 
ডঃ আদীলা আব্দুল্লা
 
সামাজিক ন্যায় বিভাগে সেইসকল লোকৰ সৈতে কাম কৰে যিসকল প্ৰায়ে জনসাধাৰণৰ দৃষ্টিগোচৰ নহয়, যাৰ ভিতৰত আছে বিশেষভাৱে সক্ষম ব্যক্তি, জ্যেষ্ঠ নাগৰিক,  তৃতীয় লিংগৰ ব্যক্তি আৰু অন্যান্য যিসকলে ৰাজ্যিক সহায়ৰ ওপৰত নিৰ্ভৰ কৰে। এনে বিভাগত, প্ৰশাসনৰ নিয়মীয়া কাগজ-পত্ৰৰ কামৰ উপৰিও চলে। ইয়াৰ লগত নীতি আৰু কল্যাণমূলক কাৰ্যসূচীসমূহে যাতে  সেৱা আগবঢ়াব বিচৰা লোকসকলৰ ওচৰলৈ ফলপ্ৰসূভাৱে উপনীত হয়, সেইটো নিশ্চিত কৰাৰ সৈতে তেওঁলোক জড়িত হৈ আছে।
 
এফালে বৃহৎ সংখ্যক লোকৰ প্ৰয়োজন পূৰণ কৰিবলগীয়া হয়, আনফালে বিভিন্ন ধৰণৰ সমস্যাৰো সমাধান কৰিবলগীয়া হয়। এই পৰিস্থিতিত ড০ আদীলা আব্দুল্লাৰ দৰে প্ৰশাসকৰ ভূমিকা হৈছে চৰকাৰী কাৰ্যসূচী আৰু জনসাধাৰণৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰা। তেওঁলোকৰ দায়িত্ব হৈছে আঁচনিসমূহ সঠিক লোকসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা।
 
বৰ্তমানৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে ডঃ আদীলা কেৰালাৰ অন্যতম উচ্চাভিলাষী নগৰ প্ৰশাসন প্ৰকল্প কেৰালা ছ'লিড ৱেষ্ট মেনেজমেণ্ট প্ৰকল্প (কেএছডব্লিউএমপি) ৰ সৈতে জড়িত আছিল। এই প্ৰকল্পৰ উদ্দেশ্য আছিল আৱৰ্জনা পৰিচালনাৰ এক জটিল প্ৰত্যাহ্বান সমাধান কৰা, য'ত সংগ্ৰহ, পৃথকীকৰণ, প্ৰক্ৰিয়া আৰু নিষ্পত্তিৰ বাবে এক ব্যাপক প্ৰণালীৰ ব্যৱস্থা কৰা হৈছিল।
 
৯৩ টা নগৰীয়া স্থানীয় সংস্থাত ৰূপায়ণ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰদ্বাৰা সমৰ্থিত এই প্ৰকল্প ৰাজ্যিক, জিলা আৰু ব্লক পৰ্যায়ত কাৰ্যকৰী কৰা হয়। এই কাৰ্যসূচীৰ অন্যতম মুখ্য কাৰ্যকৰ্তা হিচাপে ড০ আদীলা আব্দুল্লাৰ দায়িত্ব আছিল এই বিস্তৃত ব্যৱস্থাৰ সকলো অংশৰ কাৰ্যকৰী সংযোগ আৰু সমন্বয় নিশ্চিত কৰা।
 
কেৰালা চৰকাৰৰদ্বাৰা প্ৰকাশিত কেৰালা কলিং নামৰ প্ৰকল্পটোৰ বিষয়ে লিখি তেওঁ ইয়াৰ লক্ষ্য আৰু প্ৰত্যাহ্বান দুয়োটাৰ বিষয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে, এই উদ্যোগত স্বল্পকালীন সমাধানৰ পৰিৱৰ্তে দীৰ্ঘকালীন সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আৱৰ্জনাৰ ব্যৱস্থাপনাক এটা পুনৰাবৃত্তিমূলক সংকট হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে, এই প্ৰকল্পৰ লক্ষ্য আছিল দশকজুৰি জনগোষ্ঠীসমূহক সেৱা আগবঢ়াব পৰাকৈ আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক ক্ষমতা সৃষ্টি কৰা।
 
নিজৰ কাৰ্যালয়ত ডঃ আদীলা আব্দুল্লা
 
কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁৰ দায়িত্ব যেনেকৈ সমন্বয় আৰু জবাবদিহিতাৰ ওপৰত নিৰ্ভৰশীল আছিল, তেনেদৰে সমাজ কল্যাণৰ ক্ষেত্ৰতো নীতিসমূহক বাস্তৱ জীৱনৰ অভিজ্ঞতালৈ ৰূপান্তৰিত কৰাটো তেওঁৰ কামৰ মূল অংশ।
 
এনে কাৰ্যসূচীৰ প্ৰকৃত প্ৰভাৱ তৎক্ষণাৎ দেখা নাযায়। তেওঁলোকৰ সফলতাই আগন্তুক দহ বছৰত এখন ৰাজ্যৰ সামাজিক আৰু প্ৰশাসনিক কাঠামো কেনেকুৱা হ’ব, তাক নিৰ্ধাৰণ কৰিব। সেয়েহে, জনসম্মুখত খুব কমেই দেখা পোৱা এই প্ৰশাসকসকলে প্ৰায়ে জনসাধাৰণৰ মনোযোগ বা স্বীকৃতি আকৰ্ষণ নকৰাকৈ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 
তথাপিও ড° আদীলা আব্দুল্লাৰ জীৱনৰ কাহিনী চাই অনুভৱ হয় যে, তেওঁ যেন সৰুৰে পৰাই এনে দায়িত্বৰ বাবে নিজকে প্ৰস্তুত কৰি আহিছিল।
 
শেহতীয়াকৈ এক ইনষ্টাগ্ৰাম পোষ্টত, তেওঁ শৈশৱৰ এটা ঘটনা মনত পেলায়। গৃহহীন লোকসকলক মুক্ত ঠাইত বাস কৰা দেখি, তেওঁৰ মাতৃয়ে মন্তব্য কৰিছিল যে, যদি তেওঁ ডাঙৰ হৈ কিবা পৰিৱৰ্তন সাধন কৰিব পাৰে, তেনেহ'লে তেওঁ গৃহহীনসকলক সহায় কৰিব লাগে।
 
আজি সমাজ কল্যাণ বিভাগৰ বিশেষ সচিব হিচাপে কৰ্মৰত ডঃ আদীলাই অনুভৱ কৰে যে, অৱশেষত তেওঁ সেই ইচ্ছা পূৰণ কৰাৰ সুযোগ লাভ কৰিছে। তেওঁ কয় যে, সকলো মাতৃয়ে সকলো শিশুৰ বাবে এটা আশা ৰাখিব লাগে, তেওঁলোকে যিয়ে নহওক কিয়, যাতে কোনেও গৃহহীন হৈ পথৰ কাষত নিশা কটাবলগীয়া নহয়। 
 
তেওঁ কয় যে, চহৰৰ গৃহহীন লোকসকলৰ বাবে তেওঁ প্ৰস্তুত কৰা এটা প্ৰকল্পই বহু বছৰ পূৰ্বে তেওঁৰ মাতৃয়ে কোৱা সেই কথাবোৰৰ পৰা অনুপ্ৰেৰণা পাইছিল।
 
ডঃ আদীলাই তেওঁৰ জীৱনজুৰি  লাভ কৰা এনেধৰণৰ প্ৰেৰণাবোৰৰ পৰাই শক্তি লাভ কৰিছে, যিয়ে সৃষ্টিশীল আৰু ইতিবাচক পৰিৱৰ্তন সৃষ্টিকাৰী হিচাপে তেওঁৰ পৰিচয় গঢ় দিয়াত সহায় কৰিছে। 
 
কেইবছৰমান আগতে নগৰ উন্নয়ন বিভাগৰ মুৰব্বী হৈ থাকোতে তেওঁ তেওঁৰ পিতৃৰ কথা ভাবিছিল, যিয়ে তেওঁক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰিছিল, যাক তেওঁ মৰমেৰে ওশ্বো আব্দুল্লা বুলি মাতিছিল। এক ফেচবুক পোষ্টত, যিটো তেওঁৰ বাবে প্ৰায় স্মৃতিগ্ৰন্থৰ দৰে, তেওঁ পোষ্টটোত বৰ্ণনা কৰিছে যে, তেওঁৰ মূল্যবোধে তেওঁৰ জীৱন আৰু কামক কেনেদৰে প্ৰভাৱিত কৰিছিল। 
 
ডঃ আদীলা আব্দুল্লা
 
তেওঁ লিখিছিল, "মোৰ জীৱনত মই পিতৃক মাত্ৰ এবাৰেই নামাজ পঢ়া দেখিছোঁ— সেইয়া হৈছে ঈদৰ নামাজ। কিন্তু তেওঁ সদায় আনক মছজিদলৈ যাবলৈ উৎসাহিত কৰিছিল। মই কেতিয়াও তেওঁক কাৰোবাক তুচ্ছ-তাচ্ছিল্য কৰা বা কাৰোবাৰ বিষয়ে বেয়া মন্তব্য কৰা শুনা নাই।"
 
তেওঁ এইটোও লক্ষ্য কৰিছিল যে, তেওঁৰ মাকে নিষ্ঠাৰে দিনটোত পাঁচবাৰ নামজ পঢ়িছিল, যদিও দেউতাকে  তেওঁৰ ভক্তিক সম্পূৰ্ণৰূপে সন্মান কৰিছিল, আৰু দুয়োগৰাকীয়ে নিজৰ মাজত এক গভীৰ সমন্বয়ৰ সম্পৰ্ক গঢ়ি তুলিছিল।
 
মালাবাৰী গল্পকাৰ ৰাস্কিন বণ্ডৰ কাহিনীৰ এক দৃশ্যৰ দৰে এটা অংশত তেওঁ লিখিছেঃ
 
মাহেৰ মাজেৰে যাত্ৰা কৰাৰ সময়ত,  পিতৃয়ে পাতত মেৰিয়াই  ভজা পকোৰা আৰু অসংখ্য গল্প লৈ আহিছিল। মই তেওঁৰ বাবে অপেক্ষা কৰি আছিলো, কাৰণ মই জানিছিলোঁ এতিয়াই গল্পৰ ধাৰা আৰম্ভ হব। সেই  নিশাবোৰত আমাৰ কথোপকথন চলিছিল, যেতিয়ালৈকে আমি টোপনি নাযাওঁ।"
 
সেই অভিজ্ঞতাসমূহেই আদীলাৰ চিন্তা-চৰ্চা আৰু দৃষ্টিভংগীৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলাইছিল, যিটো তেওঁৰ চিন্তাশীল আৰু প্ৰচলিত সামাজিক মাধ্যমৰ লেখাসমূহত স্পষ্টভাৱে প্ৰতিফলিত হৈছে।
 
ড° আদীলাই প্ৰায়ে উল্লেখ কৰিছে যে, দুগৰাকী ব্যক্তিয়ে ভৱিষ্যদ্বাণী কৰিছিল যে, এদিন তেওঁ এগৰাকী সুপৰিচিত ব্যক্তি হ'ব। সেই দুগৰাকী ব্যক্তি হৈছে তেওঁৰ পিতৃ, যাক তেওঁ মৰমেৰে 'কুঞ্জাপাপা' (আব্দুল্লাহ, ওশ্বো আব্দুল্লাহ) বুলি সম্বোধন কৰিছিল, আৰু আনগৰাকী হৈছে তেওঁৰ চুবুৰীয়া, যাক তেওঁ 'পাপেট্টান' বুলি মাতিছিল।
 
পাপেট্টনে জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু মাদ্ৰাজত বহু বছৰ ধৰি বাস কৰিছিল। গুগল আৰু ইণ্টাৰনেটৰ আগৰ যুগত তেওঁৰ পিতৃ আৰু পাপেট্টানৰ সৈতে হোৱা কথোপকথনবোৰ তেওঁৰ বৃহত্তৰ পৃথিৱীখন চোৱাৰ পোনপটীয়াকৈ এখন খিৰিকী হৈ পৰিছিল।
 
এক অনুষ্ঠানত ডঃ আদীলা আব্দুল্লা
 
তেওঁলোকৰ যোগেদি মই দেশ, মানুহ আৰু কাহিনীৰ সৈতে পৰিচিত হৈছিলোঁ, যিবোৰ মই কেতিয়াও শাৰীৰিকভাৱে দেখা নাছিলো। এনেদৰেই সেই অভিজ্ঞতাই মোক ভৱিষ্যতে মই যি হ’লোঁ, সেইজন ব্যক্তি হ’বলৈ সহায় কৰিছিল। মই অসামৰিক সেৱাত যোগদান কৰাৰ বহু আগতেই এই জগতবোৰে মোৰ চিন্তাধাৰাক আকৃতি দিছিল। সেই সময়ত মই যি মূল্যবোধৰ শিক্ষা লাভ কৰিছিলোঁ, সেইবোৰক মই গোটেই জীৱন ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। যিবোৰে কেৱল মোক সাহস দিয়েই নহয়, মই বিশ্বাস কৰো যে  এইবোৰে যিকোনো ছোৱালীকো সাহস দিব পাৰে।  
 
ড° আদীলাই তেওঁৰ পিতৃৰ পৰা কেইবাটাও নিৰ্দেশাত্মক নীতিৰ কথাও উল্লেখ কৰিছে, যিবিলাক তেওঁ মুথুকাল বা জ্ঞানৰ মুকুতা বুলি কয়, যিবিলাক তেওঁ পিতৃৰ পৰা লাভ কৰিছে আৰু যি তেওঁৰ হৃদয়ত সদায় আছে। এইবোৰৰ ভিতৰত প্ৰথমটো হৈছে আশা। পিতৃয়ে তেওঁক শিকাইছিল যে, পৃথিৱীত যদি এজন মানুহও বাকী থাকে, তেতিয়াও আশা জীয়াই থাকিব। 
 
আন এটা শিক্ষা হ'ল যে, কোনো ব্যক্তিই অপৰিহাৰ্য নহয়, কিয়নো জীৱন আমাৰ সৈতে বা আমাৰ অবিহনেও চলি থাকে। অন্যান্য মূল্যবোধৰ ভিতৰত আছে এই বিশ্বাস যে, বিফলতা কেৱল তেতিয়াহে থাকে যেতিয়া মানুহে ইয়াক চূড়ান্ত ফলাফল হিচাপে গ্ৰহণ কৰে, মানুহে জীৱনভৰ শিকি থাকিব লাগে আৰু জীয়াই থকা সময়ছোৱাত সদায় ভাল কাম কৰি যাব লাগে।।
 
জ্ঞানৰ এই মুকুতাসমূহ তেওঁৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ ৰৈছে। সমাজৰ আটাইতকৈ দুৰ্বল লোকসকলৰ জীৱনক স্পৰ্শ কৰা এক কেৰিয়াৰত, তেওঁলোকে তেওঁক নিৰ্দেশনা আৰু শক্তি প্ৰদান অব্যাহত ৰাখিছে, যিয়ে তেওঁক সেৱা, সহানুভূতি আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ প্ৰশাসক হিচাপে গঢ়ি তুলিছে।