আদিবা আনম: মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মুছলিম মহিলা IASৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা

Story by  atv | Posted by  Munni Begum • 19 h ago
আদিবা আনম
আদিবা আনম
 
ভক্তি চালক
 
দেশৰ সৰ্বোচ্চ প্ৰশাসনিক সেৱা আইএএছ (IAS)ত স্থান লাভ কৰাটো লাখ লাখ যুৱক-যুৱতীৰ সপোন। কিন্তু দৰিদ্ৰতা, সামাজিক বাধা আৰু সীমিত সুযোগ-সুবিধাৰ মাজেৰে এই সপোন পূৰণ কৰাটো সঁচাকৈয়ে এক অসাধাৰণ কৃতিত্ব। মহাৰাষ্ট্ৰৰ য়াৱতমাল জিলাৰ এগৰাকী অট'ৰিক্সা চালকৰ কন্যা আদিবা আনমে নিজৰ অধ্যৱসায়, ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ বলত এই অসম্ভৱ যেন লগা লক্ষ্য পূৰণ কৰি মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মুছলমান মহিলা প্ৰশাসনিক বিষয়া হিচাপে ইতিহাস ৰচনা কৰিছে। আৱাজ-দ্য ভইচ'ৰ 'পৰৱাজ' শৃংখলাত আজি জানো আঁহক এই সাহসী যুৱতীগৰাকীৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰামৰ কাহিনী।  
 
২০২৫ চনৰ এপ্ৰিল মাহত সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা খবৰে সমগ্ৰ মহাৰাষ্ট্ৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেই দিনটোত এক নতুন ইতিহাসৰ ৰচনা হৈছিল। কিয়নো সেই দিনটোতে ইউপিএছচি (UPSC) ২০২৪-ৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছিল আৰু মহাৰাষ্ট্ৰই লাভ কৰিছিল নিজৰ প্ৰথমগৰাকী মুছলমান মহিলা প্ৰশাসনিক বিষয়া। য়াৱতমালৰ এখন সৰু গাঁৱত বাস কৰা এগৰাকী সাধাৰণ মুছলমান অট'ৰিক্সা চালকৰ জীয়ৰী এতিয়া এগৰাকী প্ৰশাসনিক বিষয়া হৈ পৰিছিল। এই খবৰ বন জুইৰ দৰে বিয়পি পৰিছিল আৰু সমগ্ৰ মহাৰাষ্ট্ৰত আনন্দৰ ঢৌ উঠিছিল। 
 
 
পিতৃৰ গৌৰৱ আৰু সংগ্ৰাম
 
আদিবা আনম মূলতঃ মহাৰাষ্ট্ৰৰ য়াৱতমাল জিলাৰ বাসিন্দা। য়াৱতমাল চহৰখন সাধাৰণতে কৃষকৰ আত্মহত্যা আৰু আৰ্থিক সমস্যাৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আদিবাৰ পিতৃ আশ্বফাক আহমেদ শ্বেইখ পেছাত এগৰাকী অট'ৰিক্সা চালক, আনহাতে মাতৃ এগৰাকী গৃহিণী। আদিবাৰ দুজন সৰু ভাতৃ আছে। আদিবাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা সদায়েই সাধাৰণ আছিল। 
 
আৰ্থিক সংকটক পৰাস্ত কৰি আদিবা এগৰাকী বিষয়া হ'বলৈ সক্ষম হৈছিল। তেওঁৰ পিতৃ আশ্বফাক আহমেদ শ্বেইখে আজি গৌৰৱেৰে কয়— "পুৱাটো উজ্জ্বল, সন্ধিয়াটোও উজ্জ্বল... জীৱনৰ ব্যৱস্থাও উজ্জ্বল। মানুহে পুত্ৰক লৈ গৌৰৱ কৰে, কিন্তু মোৰ নাম উজ্জ্বল কৰিছে মোৰ জীয়ৰীয়ে।"
 
তেওঁ লগতে কয়, "মই কেতিয়াও পুত্ৰ আৰু কন্যাৰ মাজত কোনো পাৰ্থক্য কৰা নাছিলোঁ। মোৰ জীয়ৰী সৰুৰে পৰা অত্যন্ত মেধাৱী আছিল। মই তেতিয়াই তাইৰ এই গুণটো চিনাক্ত কৰিছিলোঁ। সেয়েহে তাইক উন্নত শিক্ষা দিয়াৰ দৃঢ় সংকল্প কৰিছিলোঁ। ইয়াৰ বাবে মই পৰিস্থিতিৰ সৈতেও যুঁজ দিব লগাও হৈছিল।" 
 
আশ্বফাকে কয়, "আদিবাৰ এই পৰ্যায়লৈ অহাৰ যাত্ৰা একেবাৰেই সহজ নাছিল। আমি সকলোৱে বহু মানসিক চাপ আৰু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। সমাজৰ বহু মানুহৰ কটু মন্তব্যও শুনিব লগা হৈছিল, কিন্তু মই সেই সকলোবোৰ উপেক্ষা কৰিছিলোঁ। মই কেতিয়াও সেইবোৰৰ প্ৰভাৱ আদিবাৰ পঢ়া-শুনাৰ ওপৰত পৰিবলৈ দিয়া নাছিলোঁ। তাইক পঢ়ুৱাই-শিকোৱাই এজন ডাঙৰ বিষয়া বনাব লাগে— এইটোৱেই আমাৰ একমাত্ৰ লক্ষ্য আছিল।" 
 
আদিবা আনম
 
শিক্ষা আৰু ইউপিএছচিৰ প্ৰতি আগ্ৰহ
 
আদিবাই জফৰনগৰৰ জিলা পৰিষদ উৰ্দু প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ য়াৱতমালৰ এখন চৰকাৰী প্ৰতিষ্ঠানত শিক্ষা সমাপ্ত কৰিছিল। স্কুলীয়া দিনৰে পৰাই তেওঁ পঢ়া-শুনাত অত্যন্ত মেধাৱী আছিল। তেওঁ বিশেষকৈ গণিত বিষয়ৰ ওপৰত  যথেষ্ট দক্ষতা আছিল। তেওঁ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত উৎকৃষ্ট সফলতা অৰ্জন কৰিছিল। পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে  পুনেলৈ যায় আৰু আজম কেম্পাছৰ পৰা গণিতত স্নাতক ডিগ্ৰী লাভ কৰে। 
 
তেওঁৰ স্নাতক ডিগ্ৰী গ্ৰহণৰ সময়তেই অসামৰিক সেৱাৰ বিষয়ে তেওঁৰ মনত আগ্ৰহৰ জন্ম হৈছিল। তেওঁ সেই সময়ত উপলব্ধি কৰিছিল যে, "যদি আমি সমাজত পৰিৱৰ্তন আনিব বিচাৰো বা মানুহৰ সমস্যা সমাধান কৰিব বিচাৰো, তেন্তে প্ৰশাসনিক সেৱা হৈছে এক উৎকৃষ্ট মাধ্যম।" অৱশেষত, আদিবাই চতুৰ্থ প্ৰচেষ্টাত সৰ্বভাৰতীয় পৰ্যায়ত ১৪২ তম স্থান লাভ কৰি এই অসাধাৰণ সফলতা অৰ্জন কৰিছিল।  

পৰিয়ালৰ সমৰ্থন আৰু পুনেলৈ যাত্ৰা
 
কিছুমান পৰিস্থিতিৰ বাবে, আদিবাৰ পিতৃয়ে নিজৰ শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। কিন্তু তেওঁ দৃঢ়তাৰে সিদ্ধান্ত লৈছিল যে, যিবোৰ সমস্যা তেওঁ ভুগিছে, সেইবোৰ যাতে তেওঁৰ সন্তানসকলে ভুগিব নালাগে। আদিবাৰ পৰিয়ালত শিক্ষাক সদায় সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। আনকি কঠিন পৰিস্থিতিৰ মাজতো, আদিবাৰ পিতৃয়ে দৰিদ্রতাৰ চাপ তেওঁৰ কন্যাৰ সপোনৰ ওপৰত কেতিয়াও পৰিবলৈ দিয়া নাছিল।
 
আৱেগিক হৈ আদিবাই কয়, "মোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি বেয়া আছিল, যদিও মোৰ পিতৃ-মাতৃয়ে মোক কেতিয়াও পঢ়া-শুনা এৰিবলৈ কোৱা নাছিল। বহু লোকে মোক চাকৰি কৰিবলৈ পৰামৰ্শ দিছিল। মোৰ আশে-পাশে থকা বহুতো ল'ৰা-ছোৱালীয়ে পঢ়া-শুনা এৰি কাম কৰিছিল, বা পঢ়াৰ সময়ত কাম কৰিছিল। কিন্তু মোৰ পিতৃ-মাতৃয়ে মোক কেতিয়াও চাকৰি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা নাছিল।"
 
আদিবা আনম এক অনুষ্ঠানত
 
আদিবাই তেওঁৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ পুনেলৈ আহিছিল। এখন সৰু চহৰৰ পৰা ডাঙৰ চহৰ এখনলৈ অহা আৰু অকলে বাস কৰাটো কোনো সহজ কথা নাছিল। প্ৰথম অৱস্থাত, তেওঁ বহুত সংগ্ৰাম কৰিব লগা হৈছিল। তেওঁ নিজৰ খাদ্য, বাসস্থান আৰু ভ্ৰমণৰ সকলো ব্যৱস্থা নিজেই কৰি ল'বলগীয়া হৈছিল। পঢ়াৰ বোজা আৰু ঘৰৰ পৰা আঁতৰত থকাৰ বেদনা আদি সকলোবোৰো আছিল। 
 
এনে কঠিন পৰিস্থিতিত, তেওঁৰ পৰিয়ালটোৱে দৃঢ়তাৰে তেওঁৰ কাষত থিয় দি তেওঁক সমৰ্থন আৰু আস্থা প্ৰদান কৰিছিল। আদিবাই কয়, "আমি পুৰুষতান্ত্ৰিক সমাজত বাস কৰোঁ। কিন্তু মোৰ পৰিয়ালত ল'ৰা-ছোৱালীৰ মাজত কেতিয়াও ভেদাভেদ কৰা হোৱা নাছিল; তেওঁলোকে মোক মোৰ দুই ভাইৰ দৰে মৰম আৰু স্নেহৰ সৈতে ডাঙৰ-দীঘল কৰিছিল। ইয়াৰ বিপৰীতে, তেওঁলোকে মোক সদায় ডাঙৰ সপোন দেখিবলৈ আৰু সেই সপোনবোৰ পূৰণ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হ'বলৈ শিকাইছিল।"  
 
ব্যৰ্থতাৰ পৰা সফলতাৰ পথ
 
এই যাত্ৰাত বিফলতাৰো অভাৱ নাছিল। প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰথম দুবাৰ চেষ্টা কৰিও সফল হোৱা নাছিল আদিবাই। এবাৰ তেওঁ সাক্ষাৎকাৰৰ পৰ্যায়তো উপনীত হৈছিল, যদিও চূড়ান্ত তালিকাত স্থান লাভ কৰাৰ পৰা মাত্ৰ কেইটামান নম্বৰৰ বাবে বঞ্চিত হৈছিল। তথাপিও  আদিবাই হতাশ হৈ পৰা নাছিল। তেওঁ আকৌ শূন্যৰ পৰা আৰম্ভ কৰিছিল। এই সময়ত আৰ্থিক বোজা বহন কৰাটো তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। তাৰ পিছত তেওঁ দিল্লীৰ হজ হাউছ আইএএছ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু জামিয়া আবাসিক প্ৰশিক্ষণ একাডেমী(আৰচিএ)ত নামভৰ্তি কৰিছিল। এই প্ৰতিষ্ঠানসমূহৰ সহায়-সহযোগ আৰু নিজৰ দৃঢ় সংকল্পৰ বলত তেওঁ পুনৰ দৃঢ়ভাৱে আগবাঢ়িছিল।
 
আইএএছ বিষয়া হোৱাৰ পথত আদিবাই এক আকৰ্ষণীয় অভিজ্ঞতাৰ সন্মুখীন হৈছিল। সাক্ষাৎকাৰৰ সময়ত প্ৰাৰ্থীৰ ব্যক্তিত্বৰ মূল্যায়ন কৰা হয়। সাক্ষাৎকাৰ ব'ৰ্ডে তেওঁক তেওঁৰ পটভূমি আৰু মহাৰাষ্ট্ৰত প্ৰচলিত সামাজিক সমস্যাসমূহৰ বিষয়ে প্ৰশ্ন কৰিছিল। বিশেষকৈ, তেওঁলোকে জানিব বিচাৰিছিল যে, এগৰাকী মহিলা বিষয়া হিচাপে তেওঁ কি পৰিৱৰ্তন আনিব বিচাৰে। আদিবাৰ স্পষ্ট চিন্তা আৰু আত্মবিশ্বাসে ব'ৰ্ডৰ সদস্যসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।  
 
আদিবা আনম
 
অৱশেষত, আদিবাই সকলো পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈ আই এ এছ বিষয়া হয়। তেওঁৰ এই সফলতাৰ আঁৰত ধাৰাবাহিকতা আৰু নিয়মানুৱৰ্তিতাৰে কৰা অধ্যয়নৰ বিশেষ ভূমিকা পালন কৰিছিল। তেওঁ প্ৰতিদিনে ৮ ৰ পৰা ১০ ঘন্টালৈকে অধ্যয়ন কৰিছিল। দৈনিক বাতৰি কাকত পঢ়া আৰু নিজৰ নোটবোৰ লিখা তেওঁৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল।
 
যুৱতীসকলৰ বাবে আদিবাৰ বাৰ্তা
 
আদিবাই গুৰুত্ব দিয়ে যে, যিকোনো ধৰণৰ সফলতা অৰ্জন কৰিবলৈ ধাৰাবাহিকতা আৰু ধৈৰ্য্য অপৰিহাৰ্য। তেওঁ কয়, "মোৰ লক্ষ্যত উপনীত হ'বলৈ চাৰিটা প্ৰয়াস কৰাটো আচলতে মোৰ ধৈৰ্যৰ পৰীক্ষা আছিল। কিন্তু প্ৰতিটো ক্ষেত্ৰতে ধৈৰ্য্যশীল হৈ থকাটোও সঠিক নহয়। কাৰণ কেতিয়াবা এনে পৰিস্থিতি উদ্ভৱ হয়, য'ত কোনোবাই অন্যায় কৰি আছে আৰু আমি কেৱল থিয় হৈ চাই থাকো; এনে সময়ত ধৈৰ্য্য ধৰাৰ পৰিৱৰ্তে, আমি মাত মাতিব লাগে।"
 
সংখ্যালঘু সম্প্ৰদায় আৰু গ্ৰামাঞ্চলৰ ছোৱালীসকলৰ বাবে আদিবাৰ সফলতা এক উৎকৃষ্ট উদাহৰণ। তেওঁৰ দৰে ডাঙৰ সপোন দেখা ছোৱালীবোৰলৈ তেওঁ এক বাৰ্তা প্ৰেৰণ কৰি কয়, "মই গ্ৰামাঞ্চলত অধ্যয়ন কৰা মোৰ বন্ধুসকলক ক'ব বিচাৰো যে, আপোনাৰ পৰিস্থিতি যিয়েই নহওঁক, নিজৰ সপোনবোৰ ডাঙৰকৈ চাবলৈ শিকক। শিক্ষাৰ পৰা কেতিয়াও আঁতৰি যাব নালাগে। সমাজত বা আপোনাৰ আশে-পাশে কি হৈ আছে, তাতকৈ অধিক গুৰুত্বপূৰ্ণ কথা হ'ল আপুনি আপোনাৰ লক্ষ্যত কিমান মনোনিবেশ কৰে। কঠোৰ পৰিশ্ৰম কৰক, ধাৰাবাহিক হৈ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। সফলতা নিশ্চিতভাৱে আপোনাৰেই হ'ব।"
 
তেওঁ শেষত এটি অতি সুন্দৰ কথা কয়, "চন্দ্ৰলৈ যোৱাৰ আকাংক্ষা কৰিলেহে আপুনি তৰাবোৰৰ ওচৰলৈ যাব পাৰিব... যদি আপুনি কিবা এটা অৰ্জন কৰিব বিচাৰে, তেন্তে সদায় ডাঙৰ সপোন দেখিবলৈ শিকক। আৰু জীৱনৰ কোনো লক্ষ্য থাকিবই লাগিব। যাতে আপোনাৰ মৃত্যুৰ পিছতও মানুহে আপোনাক আপোনাৰ ভাল কামৰ বাবেই স্মৰণ কৰিব।"
 
আদিবাই এতিয়া অসামৰিক সেৱাৰ জৰিয়তে নিপীড়িত আৰু বঞ্চিত লোকসকলৰ বাবে কাম কৰিব বিচাৰে, বিশেষকৈ ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে। চৰম বাধা-বিপত্তি অতিক্রম কৰি, আদিবাই এই কথা প্ৰমাণ কৰিছে যে, অতি সাধাৰণ পৰিয়ালৰ এগৰাকী ছোৱালীয়েও নিজৰ সামৰ্থ্য আৰু পৰিশ্ৰমৰ জৰিয়তে জিলা উপায়ুক্ত (DM) হ'ব পাৰে।