শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
উত্তৰ ২৪ পৰগনাৰ সুন্দৰবনৰ অন্তৰ্গত হিংগলগঞ্জৰ এখন অতি প্ৰত্যন্ত গাঁও উত্তৰ মামুদপুৰ। য'ত দৰিদ্ৰতা, অন্ধবিশ্বাস আৰু পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ শিকলিয়ে বহুদিন ধৰি নাৰীৰ জীৱনক বন্দী কৰি ৰাখিছিল, তাৰ পৰাই ওলাই আহিছে এক সাহসী নাম- হালিমা খাতুন। নিজৰ জীৱনৰ সংগ্ৰামকেই মূল অস্ত্ৰ হিচাপে লৈ তেওঁ আজি হাজাৰ হাজাৰ নাৰীৰ মুক্তিৰ প্ৰতীক হৈ পৰিছে।
বিড়ি বন্ধা শ্ৰমিকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা হালিমাই সৰুৰে পৰাই দেখি আহিছিল নাৰীৰ অসহায় অৱস্থা, বাল্যবিবাহ, শিক্ষাৰ অভাৱ আৰু ন্যূনতম অধিকাৰৰ পৰা বঞ্চিত এক দুৰ্বিষহ জীৱন। কিন্তু এই কঠোৰ বাস্তৱক তেওঁ কেতিয়াও মানি লোৱা নাছিল। পৰৱৰ্তী সময়ত কলকাতাত পঢ়া-শুনা কৰিবলৈ গৈ তেওঁ গভীৰভাৱে উপলব্ধি কৰিব পাৰিছিল যে তেওঁৰ গাঁৱৰ দৰেই দেশৰ অগণন অঞ্চলত নাৰীসমাজ আজিও নীৰৱে বঞ্চনাৰ বলি হৈ আছে।
হালিমা খাতুন
২০০৯ চনত তেওঁ 'একচন এইড ইণ্ডিয়া'ৰ সৈতে জড়িত হৈ পৰে। ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ তৃণমূল পৰ্যায়ৰ যাত্ৰা। গাঁৱে গাঁৱে গৈ তেওঁ কেৱল মানুহৰ সমস্যাৰ কথাবোৰ শুনাতেই ক্ষান্ত থকা নাছিল, নাৰীসকলক একত্ৰিত কৰি নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে যুঁজ দিবলৈ সাহস আৰু প্ৰেৰণা যোগাইছিল।
হালিমাৰ এই সংগ্ৰামৰ আটাইতকৈ চকুত লগা দিশটো আছিল- বাল্যবিবাহ ৰোধ কৰাৰ সাহসী অভিযান। বহু সময়ত হালিমাই নিজে আৰক্ষীক লগত লৈ বিয়াৰ মণ্ডপত উপস্থিত হৈ কম বয়সীয়া ছোৱালীৰ বিয়া বন্ধ কৰি দিছিল। সমাজৰ একাংশই তেওঁক বাধা প্ৰদান কৰিছিল, আনকি ভাবুকিও দিছিল, কিন্তু তেনে পৰিস্থিতিতো তেওঁ অধিক দৃঢ়তাৰে থিয় দিছিল। ইয়াৰ ফলস্বৰূপেই আজি বহু কিশোৰীয়ে নতুনকৈ বিদ্যালয়লৈ উভতি যোৱাৰ লগতে নিজৰ ভৱিষ্যত গঢ়াৰ এক সুন্দৰ সুযোগ লাভ কৰিছে।
তেওঁৰ নিৰলস প্ৰচেষ্টাতেই গঢ় লৈ উঠে ‘হাছনাবাদ-হিংগলগঞ্জ মুছলিম মহিলা সংঘ’। এই সংঘৰ জৰিয়তে আজি হাজাৰ হাজাৰ নাৰীয়ে একগোট হৈ নিজৰ অধিকাৰৰ দাবী উত্থাপন কৰিবলৈ সক্ষম হৈছে। আগতে যিসকল নাৰীৰ পৰিচয় কেৱল ঘৰৰ চাৰিবেৰৰ মাজতেই আৱদ্ধ আছিল, আজি তেওঁলোকে নিজৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ দৰে মৌলিক অধিকাৰসমূহৰ বাবে মাত মাতিবলৈ শিকিছে।
হালিমা খাতুন
হালিমাৰ এই পথ অৱশ্যে ইমান সৰল আৰু সুচল নাছিল। তেওঁৰ বিৰুদ্ধে 'বিৰোধী সংস্কৃতি' বা অপসংস্কৃতি বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি সমাজৰ একাংশই আক্ৰমণ কৰিছিল, আনকি তেওঁলৈ প্ৰাণনাশৰ ভাবুকিও আহিছিল। তথাপিও তেওঁ থমকি ৰোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ সন্মুখলৈ অহা প্ৰতিটো বাধাকে তেওঁ নিজৰ শক্তিলৈ ৰূপান্তৰিত কৰিছিল।
আজি সুন্দৰবনৰ বহু গাঁৱত পৰিৱৰ্তনৰ নৱজাগৰণৰ বতাহ বলিছে। যিখন সমাজত এসময়ত নাৰীৰ মাত কোনেও শুনা নাছিল, সেই একেখন সমাজতেই আজি তেওঁলোকে অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ আৰু নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল'বলৈ শিকিছে। এই সমগ্ৰ পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দুত আছে হালিমা খাতুন- যিগৰাকী নাৰীয়ে কেৱল নিজৰেই নহয়, সলনি কৰি দিছে হাজাৰ হাজাৰ নিৰ্যাতিতা নাৰীৰ জীৱনৰ গতিপথ। তেওঁৰ এই অদম্য যাত্ৰাই সমাজলৈ এই বাৰ্তাই কঢ়িয়াই আনিছে যে, এগৰাকী নাৰীৰ দৃঢ় ইচ্ছাশক্তিয়ে যিকোনো অন্ধকাৰক বিনাশ কৰি পোহৰৰ বন্যা বোৱাব পাৰে।