ভক্তি চালক
অন্ধ্ৰপ্ৰদেশৰ তিৰুচিৰাপল্লীৰ খজামলাইৰ ওচৰৰ জে কে নগৰত দেখা গল সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। অঞ্চলটোৰ এটা ঘৰৰ পৰা ৰমজানৰ সময়ত প্ৰতিদিনে নিশা ৮ বজাৰ পিছত ঘিউ আৰু মছলাৰ সুগন্ধি বিয়পি পৰে।
ঘৰখনৰ ভিতৰত চেলভি ৰাজেশ্বৰী নামৰ এগৰাকী মহিলাই চহৰখনৰ বিভিন্ন হোষ্টেলত থকা মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ থাকে। যেতিয়া সমগ্ৰ চহৰখনে দিনটোৰ কাম সামৰি জিৰণি ল’বলৈ সাজু হয়, তেতিয়া ৰাজেশ্বৰীয়ে চুলাত ডাঙৰ পাত্ৰ তুলি দিয়ে, পিয়াঁজ কাটে, চাউল ধোৱে আৰু এটা বৃহৎ কেৰাহীত খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰে।
ৰান্ধনীঘৰত আনৰ সৈতে চেলভি ৰাজেশ্বৰীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে ছেহৰী প্ৰস্তুত কৰি আছে
এগৰাকী হিন্দু হোৱা স্বত্বেও তেওঁ ৰমজানৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকলে যাতে ৰোজা ৰাখি নিজৰ ধৰ্মীয় বিশ্বাস পালন কৰিব পাৰে, তাৰ সহায়ৰ বাবে তেওঁ বছৰ বছৰ ধৰি ৰমজানৰ পবিত্ৰ মাহত ছেহৰী (প্ৰাতঃকালৰ আহাৰ) প্ৰস্তুত কৰি আহিছে।
অধ্যাপক মাইদিন আব্দুল কাদেৰৰ পাকঘৰত ৰাজেশ্বৰীয়েই হৈছে একমাত্ৰ হিন্দু মহিলা, য’ত ৰমজান মাহত ৰোজা ৰখা মুছলমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহাৰ প্ৰস্তুত কৰে। অধ্যাপকগৰাকী ৰাজেশ্বৰীৰ ঘৰতে ভাড়া কৰি থাকে। কেইবছৰমান আগতে তেওঁ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট দেখি আপ্লুত হৈছিল আৰু তেওঁলোকৰ বাবে প্ৰাতঃকালৰ আহাৰৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল।
তাৰ ফলস্বৰূপে তেওঁ খাদ্য ৰান্ধিবলৈ আৰু বিনামূল্যে বিতৰণ কৰিবলৈ আৰম্ভ কৰে। এটা সৰু পদক্ষেপ হিচাপে যি আৰম্ভ হৈছিল, সেয়া এতিয়া এক বৃহৎ সেৱালৈ ৰূপান্তৰিত হৈছে, যিয়ে দৈনিক ১০০ ৰ পৰা ২০০ ছাত্ৰ-ছাত্ৰীক আহাৰ যোগান ধৰে।
এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজেশ্বৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিয়াঁজ বকলা ছটিওৱাৰ পৰা আৰম্ভ কৰি চুলা জ্বলোৱা আৰু খাদ্যৰ পেকেট কৰালৈকে তেওঁ মাইদিন আৰু তেওঁৰ মাতৃ ফাটিমাৰ সৈতে কাম কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঘিউ ভাত, কুস্কা, নিৰামিষ বিৰিয়ানি, দাইল ভাত, বিলাহী ভাত আৰু সিজোৱা কণী বিতৰণ কৰা হয়।
সংবাদ মাধ্যমৰ আগত ৰাজেশ্বৰীয়ে কয়, "ফাটিমা আৰু তেওঁৰ পুত্ৰই ৰোজা ৰখা মুছলমান ছাত্ৰ-ছাত্ৰীৰ বাবে ছেহৰীৰ আহাৰ প্ৰস্তুত কৰে। তেওঁলোকে প্ৰতি নিশা ৮ বজাত কাম আৰম্ভ কৰে আৰু মই তেওঁলোকক সহায় কৰোঁ। মই জাতি বা ধৰ্মৰ ফালে নোচোৱাকৈ মানৱতাৰ সেৱা কৰিব বিচাৰো। ই মোক মানসিক শান্তি দিয়ে।"
ছাত্র-ছাত্রীৰ বাবে ছেহৰী ৰন্ধাত সহায় কৰি থকা চেলভি ৰাজেশ্বৰী
নিশা ১১ বজাৰ ভিতৰত খাদ্যৰ পেকেটসমূহ সাজু হৈ উঠে। তাৰ পিছত মাইদিনে নিজৰ যাত্ৰাত ওলাই যায়। কে কে নগৰ, সুব্ৰমনিয়াপুৰম আৰু সেতুৰাপট্টিৰ দৰে এলেকাসমূহ সামৰি ৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তেওঁ চৰকাৰী আৰু ব্যক্তিগত মহাবিদ্যালয়ৰ হোষ্টেলসমূহত এই পেকেটসমূহ যোগান ধৰে।
এই কাম পুৱা ৪ বজালৈকে চলি থাকে। বন্ধু-বান্ধৱ আৰু দানশীল সংগঠনৰ সহায়ত ইয়াৰ খৰচ বহন কৰা হয়। অৱশ্যে ৰাজেশ্বৰীৰ অংশগ্ৰহণৰ বাবে এই পদক্ষেপে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। ৰাজেশ্বৰীয়ে ইয়াক অতি সৰলভাৱে লৈছে। তেওঁ কয়, "মই যি কৰি আছো সেয়া ভাল পাওঁ; এই কামে মোক সন্তুষ্টি দিয়ে।"
জামিয়া আনৱাৰুল উলুম আৰবী কলেজৰ শিক্ষক এন. মহীদিন আব্দুল কাদেৰ আৰু তেওঁৰ দলে ১৯ ফেব্ৰুৱাৰীত ৰমজান আৰম্ভ হোৱাৰ পৰা প্ৰতিদিনে নিশা ১১ বজাৰ পৰা পুৱা ৪:৩০ বজালৈ এই সেৱা আগবঢ়াই আহিছে। খাদ্যৰ বাবে পঞ্জীয়ন দুপৰীয়ালৈকে লোৱা হয়। বিশেষভাৱে মন কৰিবলগীয়া যে এই সকলোবোৰ প্ৰস্তুতি ৰাজেশ্বৰীয়ে বিনামূল্যে আগবঢ়োৱা এটা ঠাইতে কৰা হয়।
ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰম্ভ হোৱা এই যাত্ৰা আজিও ধাৰাবাহিকভাৱে চলি আছে। ৰাজেশ্বৰীৰ পাকঘৰত মছলাৰ দৰেই বিভিন্ন ধৰ্মও একত্ৰিত হৈ পৰিছে। তিৰুচিৰাপল্লীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো ৰমজানত যোগান ধৰা এই গৰম আহাৰৰ জৰিয়তে এক বৃহৎ সম্বল বিচাৰি পাইছে। এই পেকেটসমূহৰ জৰিয়তে ৰাজেশ্বৰীৰ মাতৃসুলভ স্নেহ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ ওচৰ পাইছেগৈ।