মুছলমান সম্প্ৰদায়ে কেৱল ধৰ্মৰ ক্ষেত্ৰখনতে নিজৰ পৰিচয় সীমাবদ্ধ কৰি ৰাখিব নালাগে: NSA অজিত ডোভাল

Story by   Atir Khan | Posted by  Munni Begum • 1 h ago
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে হোৱা বৈঠকৰ এক দৃশ্য
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে হোৱা বৈঠকৰ এক দৃশ্য
 
আতিৰ খান / নতুন দিল্লী
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত তেওঁ দেশৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সম্প্ৰদায়টোৰ অংশগ্ৰহণৰ বিষয়ে মুকলিকৈ মতামত আগবঢ়ায়। ডোভালে উল্লেখ কৰে যে, বিগত ১২ বছৰত অভিলেখ সংখ্যক মুছলমান যুৱক-যুৱতীয়ে সেনা আৰু অৰ্ধসামৰিক বাহিনীত যোগদান কৰিছে।
 
তেওঁ স্পষ্টভাৱে কয় যে, ভাৰতত নিযুক্তি প্ৰক্ৰিয়াত ধৰ্মৰ ভিত্তিত কোনো বৈষম্য নথকাৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে যুৱক-যুৱতীসকলক সেনাবাহিনীত নিযুক্তি দিয়া। 
 
ডোভালে উল্লেখ কৰে যে, গণতন্ত্ৰত চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু চৰকাৰৰ উদ্দেশ্যক সন্দেহ কৰা উচিত নহয়। চৰকাৰী চাকৰিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, যদি কোনো প্ৰাৰ্থীয়ে সফলতা লাভ কৰিব নোৱাৰে, তেন্তে ইয়াৰ আঁৰত অৰ্থনৈতিকভাৱে পিছপৰা আদিৰ দৰে বহুতো কাৰণ থাকিব পাৰে, ইয়াক কেৱল প্ৰতিষ্ঠানিক বৈষম্য বুলি গণ্য কৰা উচিত নহয়।
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে হোৱা বৈঠকৰ এক দৃশ্য

পৰিচয়ৰ পৰিসৰ বৃদ্ধি কৰা
 
বৈঠকৰ সময়ত ডোভলে এক অতি গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে। তেওঁ মুছলমান সম্প্ৰদায়ক আহ্বান জনায় যে, তেওঁলোকৰ বৈচিত্ৰ্যপূৰ্ণ পৰিচয়ক কেৱল ধৰ্মীয় পৰিচয়ত সীমাবদ্ধ কৰি ৰাখিব নালাগে।
 
তেওঁ কয় যে, প্ৰতিজন ব্যক্তিৰ বহুকেইটা স্তৰ থাকে; তেওঁ এগৰাকী ভাৰতীয়ও হয় আৰু নিজৰ পেছা বা ক্ষেত্ৰৰ সৈতেও জড়িত। যেতিয়া এজন ব্যক্তিয়ে নিজকে একক পৰিচয়ৰ মাজতে সীমাবদ্ধ কৰি ৰাখে আৰু তাক সৰ্বোচ্চ বুলি গণ্য কৰে, তেতিয়া তেওঁ সমাজৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয় যে,  এই মতবাদৰ দ্বাৰা ভুক্তভোগী হোৱাৰ ভ্ৰান্ত ধাৰণা সৃষ্ট হয় আৰু ইয়াক পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ।
 
ডোভালে এটি সুন্দৰ উদাহৰণ দি কয় যে, আমাৰ দেশখন এখন বৃহৎ জাহাজৰ দৰে, আৰু আমি সকলোৱেই ইয়াৰ একো এগৰাকী নাৱিক হয়। তেওঁ জোৰ দি কয় যে, আমি সকলোৱে একে যাত্ৰাত আগবাঢ়ি আছো; আমি হয় একেলগে জাহাজ চলাম, নহয় একেলগে ডুবি যাম। তেওঁ পাৰস্পৰিক অনাস্থা দূৰ কৰিবলৈ আলোচনা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
সম্প্ৰদায়ৰ নেতাসকলে নিজৰ মতামত প্ৰকাশ কৰে
 
সভাত নেতৃত্ব দিয়ে শিক্ষাবিদ তথা ব্যৱসায়ী জাফৰ সৰেশৱালাই। ইয়াত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নাইমা খাতুন, দিল্লী হজ কমিটিৰ কৌছাৰ জাহান, পদ্মশ্ৰী ড° জহিৰ আই কাজীকে ধৰি কেইবাজনো বিশিষ্ট উদ্যোগপতি উপস্থিত থাকে। নাইমা খাতুনে কয় যে, চৰকাৰে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে তেওঁ এ এম ইউৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হ'বলৈ সক্ষম হৈছে। 
 
গুজৰাটৰ বিক্ষিপ্ত এলেকা আইনৰ বাবে মুছলমান অঞ্চলত গৃহ নিৰ্মাণৰ নাটনিৰ বিষয়টো উত্থাপন কৰে জাফৰ সৰেশৱালাই। ড০ জহিৰ কাজীয়ে কয় যে, তেওঁৰ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে নাছালৈ যোৱাত সক্ষম হৈছে, কিন্তু এফচিআৰএৰ নিয়মে উপসাগৰীয় দেশসমূহৰ পৰা শিক্ষামূলক অনুদানত বাধাৰ সৃষ্টি কৰিছে।
 
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে হোৱা বৈঠকৰ এক দৃশ্য
 
গুজৰাটৰ উদ্যোগপতি ফাৰুক পেটেলে তেওঁৰ অভিজ্ঞতা প্ৰকাশ কৰি বুজাই দিলে যে, তেওঁৰ পিতৃ এজন বাছ কণ্ডাক্টৰ আছিল, কিন্তু আজি তেওঁৰ কোম্পানীত ১৬০০ লোকে কাম কৰি আছে, ইয়াৰে ৯০ শতাংশ অমুছলমান। তেওঁৰ ব্যৱসায়ত চৰকাৰৰ তৰফৰ পৰা কোনো বাধা সৃষ্টি কৰা নাই বুলিও তেওঁ উল্লেখ কৰিছে।
 
আগলৈ যোৱাৰ পথ
 
শেষত অজিত ডোভালে মুছলমান সমাজৰ সমৃদ্ধিশালী আৰু সফল লোকসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই আহিবলৈ পৰামৰ্শ দি কয় যে, তেওঁলোকে স্কুল খোলক আৰু দৰিদ্ৰ শিশুৰ বাবে বৃত্তি প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰক। তেওঁ লগতে কয় যে, জনগোষ্ঠীসমূহে কেৱল অভিযোগৰ মাজতে সীমাবদ্ধ নাথাকি চৰকাৰখনৰ সন্মুখত দৃঢ় প্ৰস্তাৱ আগবঢ়াব লাগে। ডোভালে সকলোকে আশ্বস্ত কৰে যে চৰকাৰে সকলোকে সহযোগিতা আগবঢ়াবলৈ সাজু আছে। কিছু সদস্যই ইছলামিক বেংকিংক বিকল্প হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে, যাৰ দ্বাৰা অৰ্থনীতিৰ উপকৃত হ’ব।