ডিব্ৰুগড়ৰ টেঙাখাতত অইল ইণ্ডিয়াৰ তেল সংৰক্ষণ কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড; ১ জন নিহত, ৬ জন আহত

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ডিব্ৰুগড়
 
ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত (ITF) শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ছয়জন লোক অগ্নিদগ্ধ হৈ আহত হয়। 
 
অইল ইণ্ডিয়া লিমিটেডে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় ৯ বাজি ৫ মিনিটত তেল সংৰক্ষণ কেন্দ্ৰটোত মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাম চলি থকাৰ সময়তে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। ঘটনাটোত গুৰুতৰভাৱে আহত এজন লোকে পৰৱৰ্তী সময়ত মৃত্যুক সাবটি লয়। আনহাতে, অগ্নিদগ্ধ হোৱা ছয়জন লোকক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (AMCH) আৰু অইল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
প্ৰাথমিক তথ্য অনুসৰি, তেল সংৰক্ষণ কেন্দ্ৰটোত শ্ৰমিকসকলে এটা ভাল্‌ভৰ কাম কৰি থকাৰ সময়তে এই অঘটন সংঘটিত হয়। কেন্দ্ৰটোৰ খাৰুৱা তেল সংৰক্ষণ কৰা অংশত হঠাৎ এক বিস্ফোৰণ সংঘটিত হোৱাৰ ফলতে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
 
এই ঘটনাত আহত হোৱা লোকসকলৰ ভিতৰত পাঁচজনক চিনাক্ত কৰা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ মিলন নগৰৰ বাসিন্দা তপস গগৈ (৪০), টেঙাখাতৰ শৈলেন গগৈ (৪৫), কুমুদ গগৈ (৩৮), গোলাপ দত্ত (৫৮) আৰু ইন্দ্ৰ গগৈ (৪০)।
 
জানিব পৰা মতে, আহত শ্ৰমিকসকল মুম্বাইস্থিত ‘স্পেক্ট্ৰন ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড’ নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰী। অইল ইণ্ডিয়া লিমিটেডৰ অধীনত প্ৰতিষ্ঠানটোৱে সংশ্লিষ্ট কাম-কাজৰ দায়িত্ব পালন কৰি আহিছিল।
 
ইফালে, এই অগ্নিকাণ্ডত আন কেইবাজনো লোক আহত হোৱা বুলি আশংকা কৰা হৈছে। অৱশ্যে বিস্ফোৰণটো প্ৰকৃততে কেনেদৰে সংঘটিত হ’ল আৰু ইয়াৰ আঁৰৰ কাৰণ কি, সেই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত তথ্য প্ৰকাশ কৰা হোৱা নাই।
 
অইল ইণ্ডিয়া লিমিটেডে জনোৱা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৰ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলক ঘটনাস্থলীত নিয়োজিত কৰা হয়। তৎপৰতাৰে চলোৱা অগ্নিনিৰ্বাপণ অভিযানৰ পাছত বৰ্তমান জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে অগ্নিনিৰ্বাপক বাহিনী।
 
এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা লোকজনৰ পৰিয়াললৈ অইল ইণ্ডিয়া লিমিটেডে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। লগতে ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰাৰ লগে লগে পৰৱৰ্তী সময়ত সেয়া ৰাজহুৱা কৰা হ’ব বুলিও প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে।