নতুন দিল্লীত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকলি অসম চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা লোকসকলৰ বাবে অসম চৰকাৰে মুকলি কৰিছে এক বিশেষ অনলাইন পঞ্জীয়ন প’ৰ্টেল। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠান।
 
শুকুৰবাৰে, অৰ্থাৎ ৬ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে ‘ড০ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন’ৰ অনলাইন পঞ্জীয়ন প’ৰ্টেল। এই প’ৰ্টেলৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইচ্ছুক লোকসকলে অহা ২৮ নৱেম্বৰলৈকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আনহাতে, ১২ নৱেম্বৰৰ পৰা আবেদনকাৰীসকলে পঞ্জীয়ন পাছ ডাউনলোড কৰাৰ সুবিধা লাভ কৰিব।
 
ঘোষিত ব্যৱস্থা অনুসৰি, পঞ্জীয়ন প্ৰক্ৰিয়াৰ অংশ হিচাপে আবেদনকাৰীসকলৰ পৰিচয় আৰু পটভূমি সম্পৰ্কীয় তথ্যৰ সত্যাসত্য নিৰূপণ কৰা হ’ব। 
 
উল্লেখযোগ্য যে, ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত আয়োজন কৰা হ’ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ এই বৰ্ণাঢ্য সামৰণি অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বিশেষ অনুষ্ঠানতে বিশিষ্ট কণ্ঠশিল্পী ঊষা মংগেশকাৰক প্ৰদান কৰা হ’ব সন্মানীয় ‘ড০ ভূপেন হাজৰিকা বঁটা’।
 
সুধাকণ্ঠৰ স্মৃতি আৰু অনন্য সৃষ্টিৰাজি সুঁৱৰি আয়োজন কৰা এই অনুষ্ঠানত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। তেওঁলোকৰ ভিতৰত আছে শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, অংগৰাগ ‘পাপন’ মহন্ত, কবিতা কৃষ্ণমূৰ্তি, এল সুব্ৰমণিয়ম আৰু মহালক্ষ্মী আয়াৰ। 
 
ইয়াৰ উপৰি অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। তেওঁলোকৰ ভিতৰত আছে তৰালী শৰ্মা, মৌচুমী চহৰীয়া, আনন্দিতা পাল, জুবলী বৰুৱা, নাহিদ আফ্ৰিন, শংকুৰাজ কোঁৱৰ, ৰূপম ভূঞা, দীক্ষু শৰ্মা, ডাৱৰ হাজৰিকা, ময়ূৰ হাজৰিকা আৰু আচুৰ্য বৰপাত্ৰ।
 
আনহাতে, এই ঐতিহাসিক অনুষ্ঠানত অসমৰ নৱপ্ৰজন্মকো অংশীদাৰ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজ্যখনৰ প্ৰায় এক হাজাৰ ছাত্ৰ-ছাত্ৰীক নতুন দিল্লীৰ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ প্ৰদানৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। ইয়াৰ বাবে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক বাছনি কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে নৱপ্ৰজন্মই সুধাকণ্ঠৰ সংগীত, আদৰ্শ আৰু সাংস্কৃতিক অৱদানক অধিক ওচৰৰ পৰা উপলব্ধি কৰাৰ এক বিশেষ সুযোগ লাভ কৰিব। 
 
উল্লেখ্য যে, সংগীতৰ জৰিয়তে মানৱতা, সম্প্ৰীতি আৰু বিশ্বভাতৃত্বৰ বাণী বিয়পাই দিয়া ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি পৰিব অহা ২৯ নৱেম্বৰত। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত এই বৰ্ণাঢ্য অনুষ্ঠানে সুধাকণ্ঠৰ কালজয়ী সৃষ্টি, সাংস্কৃতিক অৱদান আৰু সমাজৰ প্ৰতি আগবঢ়োৱা অনন্য সেৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিব।