ব্ৰহ্মপুত্ৰৰ বুকুত ২৪৮ কিলোমিটাৰ নৌযাত্ৰাৰ সফল সামৰণি; গুৱাহাটীৰ পাণ্ডু বন্দৰত এনচিচিৰ অভিযানক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 53 m ago
গুৱাহাটীৰ পাণ্ডু বন্দৰত এনচিচিৰ অভিযানক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটীৰ পাণ্ডু বন্দৰত এনচিচিৰ অভিযানক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
 
গুৱাহাটী
 
ব্ৰহ্মপুত্ৰৰ বুকুত দহদিন ধৰি চলা দুঃসাহসিক নৌযাত্ৰাৰ সফল সামৰণি পৰিল শুকুৰবাৰে। গুৱাহাটীৰ পাণ্ডু বন্দৰত আয়োজিত এক বৰ্ণাঢ্য অনুষ্ঠানৰ মাজেৰে ‘ব্ৰহ্মপুত্ৰ ছেইলিং এক্সপেডিচন–মেনু ২০২৬’ (Brahmaputra Sailing Expedition–MENU 2026)ৰ আনুষ্ঠানিক সামৰণি ঘোষণা কৰা হয়। এই উপলক্ষে আয়োজিত ফ্লেগ-ইন অনুষ্ঠানত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযানকাৰী দলটোক আনুষ্ঠানিকভাৱে আদৰণি জনায়।
 
শ্বিলংস্থিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (NCC) উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ তত্ত্বাৱধানত এই বিশেষ নৌ অভিযানৰ আয়োজন কৰা হৈছিল। ‘মোষ্ট এণ্টাৰপ্ৰাইজিং নেভেল ইউনিট’ (MENU 2026) কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত এই অভিযানৰ মূল উদ্দেশ্য আছিল যুৱপ্ৰজন্মৰ মাজত দুঃসাহসিক মনোভাব, দলীয় ঐক্য, অনুশাসন, নেতৃত্বৰ গুণ আৰু দেশপ্ৰেমৰ ভাবনা জাগ্ৰত কৰা।
 
যোৱা ২৮ অক্টোবৰত বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাটৰ পৰা এই নৌ অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। অভিযানত ৪৮ আৰু ৪৯ অসম নৌ এনচিচি ইউনিটৰ ছিনিয়ৰ ডিভিজন আৰু ছিনিয়ৰ উইঙৰ মুঠ ১০০ গৰাকী কেডেটে অংশগ্ৰহণ কৰে। দহদিনীয়া এই দুঃসাহসিক যাত্ৰাত কেডেটসকলে ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰায় ২৪৮ কিলোমিটাৰ জলপথ অতিক্ৰম কৰে।
 
বিশ্বনাথ ঘাটৰ পৰা আৰম্ভ হোৱা এই নৌযাত্ৰাই বিশ্বনাথ, শোণিতপুৰ, নগাঁও, দৰং, মৰিগাঁও আৰু কামৰূপ মহানগৰ— এই ছয়খন জিলাৰ মাজেৰে আগবাঢ়ি অৱশেষত গুৱাহাটীৰ পাণ্ডু বন্দৰত সামৰণি মাৰে। 
 
উল্লেখযোগ্য যে, এই অভিযানৰ জৰিয়তে আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ অতুলনীয় সাহস, বীৰত্ব আৰু নেতৃত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। ইয়াৰ লগতে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা নদীকেন্দ্ৰিক জীৱনধাৰাকো বিশেষভাৱে উজলাই তোলা হয়।
 
কেৱল দুঃসাহসিক নৌযাত্ৰাতে সীমাবদ্ধ নাথাকি অভিযানত অংশগ্ৰহণ কৰা কেডেটসকলে যাত্ৰাপথৰ বিভিন্ন স্থানত সমাজসেৱামূলক আৰু জনসচেতনতামূলক কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত স্বচ্ছতা অভিযান, জনসচেতনতা কাৰ্যসূচী আৰু ড্ৰাগছবিৰোধী সজাগতা অভিযান অন্যতম।
 
ইয়াৰ উপৰি যাত্ৰাপথৰ বিভিন্ন বিৰতিস্থলীত বীৰ লাচিত বৰফুকনৰ জীৱন, বীৰত্ব আৰু আদৰ্শক আধাৰ কৰি বাটৰ নাট আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই কাৰ্যসূচীসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ মাজত দেশপ্ৰেম, সামাজিক দায়বদ্ধতা আৰু ঐতিহ্য সংৰক্ষণৰ বাৰ্তা বিয়পাই দিয়াৰ প্ৰয়াস কৰা হয়।
 
এই বিশেষ নৌ অভিযানত অংশগ্ৰহণ কৰাৰ পূৰ্বে কেডেটসকলক কঠোৰ আৰু সুপৰিকল্পিত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। নৌকা পৰিচালনা, জলপথ নিৰ্দেশনা, নৌচালনাৰ কাৰিকৰী কৌশল, নদীপথৰ সুৰক্ষা, প্ৰতিকূল পৰিস্থিতিত আত্মৰক্ষাৰ পদ্ধতি আৰু উদ্ধাৰ অভিযানৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত তেওঁলোকে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
 
এই প্ৰশিক্ষণে কেডেটসকলক ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদীত দীঘলীয়া নৌযাত্ৰা সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতা, আত্মবিশ্বাস আৰু মানসিক দৃঢ়তা প্ৰদান কৰে। শুকুৰবাৰে পাণ্ডু বন্দৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানত অভিযানত অংশগ্ৰহণ কৰা কেডেটসকলৰ সাহস, শৃংখলাবদ্ধতা, একাগ্ৰতা আৰু দলীয় মনোভাবক স্বীকৃতি প্ৰদান কৰা হয়। 
 
এই অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট অন্যান্য সংস্থাসমূহে আগবঢ়োৱা সহযোগিতাকো বিশেষভাৱে স্বীকাৰ কৰা হয়। 
 
ব্ৰহ্মপুত্ৰৰ বুকুত সম্পন্ন হোৱা এই দহদিনীয়া নৌ অভিযানে যুৱপ্ৰজন্মৰ মাজত সাহস, নেতৃত্ব, একতা আৰু দেশসেৱাৰ মনোভাব গঢ়ি তোলাৰ লগতে অসমৰ গৌৰৱময় ইতিহাস, সংস্কৃতি আৰু নদীকেন্দ্ৰিক ঐতিহ্যৰ সৈতে তেওঁলোকক অধিক নিবিড়ভাৱে পৰিচিত হোৱাৰ এক বিশেষ সুযোগ প্ৰদান কৰে।