নতুন দিল্লী
ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ স্বেচ্ছাচাৰী নীতি আৰু শোষণৰ প্ৰতিবাদত অহা ১২ নৱেম্বৰত নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েশ্বনে এক ২৪ ঘণ্টীয়া পেট্ৰ'ল পাম্প বন্ধৰ আহ্বান জনাইছে। দীৰ্ঘদিন ধৰি ডিলাৰসমূহে সন্মুখীন হৈ অহা বিভিন্ন গুৰুতৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাই সংগঠনটোৱে এই চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।
সংগঠনটোৰ সভাপতি ৰাজীৱ গোস্বামী আৰু সাধাৰণ সম্পাদক অৰূপ গোস্বামীৰ যুটীয়া স্বাক্ষৰ সম্বলিত এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, অহা ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ সমগ্ৰ মহানগৰীৰ তেল ডিপোসমূহত "ন' পাৰ্চেজ, ন' ছেল" অৰ্থাৎ তেল ক্ৰয় আৰু বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ এক কঠোৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।
ডিলাৰ্ছ এছ'চিয়েশ্বনৰ মূল অভিযোগ অনুসৰি, দেশৰ আগশাৰীৰ তেল বিপণন কোম্পানীসমূহে (আইঅ'চিএল, বিপিচিএল, এইচপিচিএল) পেট্ৰ'লিয়াম ডিলাৰ কৰ্তৃপক্ষৰ সৈতে অহৰহ স্বেচ্ছাচাৰী আচৰণ কৰি আহিছে। প্ৰায়েই কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ ডিলাৰৰ বিৰুদ্ধে একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। আনকি কোনো অভিযোগ উত্থাপন হ'লে, ডিলাৰক আত্মপক্ষ সমৰ্থনৰ নূন্যতম সুযোগো প্ৰদান নকৰাকৈ পেট্ৰ'ল আৰু ডিজেলৰ যোগান বন্ধ কৰি দিয়াৰ দৰে গুৰুতৰ ভাবুকি প্ৰদান কৰা হয় বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰিছে।
সংগঠনটোৱে মূলতঃ ৬ টা গুৰুত্বপূৰ্ণ বিষয় চৰকাৰ আৰু কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছে। ইয়াৰ ভিতৰত টেংকাৰ পৰিবহণৰ কনছৰ্টিয়াম ব্যৱস্থা বাতিল কৰা আৰু অকাৰণত ডিলাৰৰ পক্ষ নুশুনাকৈ তেল যোগান বন্ধ কৰাৰ যি ভাবুকি দিয়া হয়, তাৰ অৱসান ঘটোৱা অন্যতম। লগতে ডিলাৰসকলৰ ওপৰত লুব্ৰিকেণ্ট ক্ৰয় কৰিবলৈ অযুক্তিকৰভাৱে অতিৰিক্ত চাপ প্ৰয়োগ কৰা কাৰ্য বন্ধ কৰা আৰু কোনো আগতীয়া অনুমতি অবিহনে ডিলাৰৰ এছএপি একাউণ্টৰ পৰা ধন কৰ্তন কৰা ব্যৱস্থাৰো তীব্ৰ বিৰোধিতা কৰা হৈছে। ইয়াৰ উপৰিও ডিলাৰে কৰা বিভিন্ন কামৰ বাবদ পাবলগীয়া প্ৰাপ্য ধন আৰু ৰাজসাহায্যসমূহ কোম্পানীয়ে মুকলি কৰি নিদিয়া আৰু বিশেষকৈ আইঅ'চিৰ একাংশ বিষয়াৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰি ডিলাৰসকলক নিৰন্তৰ হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।
সংগঠনটোৱে আন এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি জনাইছে যে ডিলাৰসমূহে নিজৰ গাঁঠিৰ ধন ভাঙি আইনী মেট্ৰ'লজী বিভাগত ডিইউ কেলিব্ৰেশ্বনৰ মাচুল আদায় দি আহিছে। কিন্তু আশ্চৰ্যজনকভাৱে তেল কোম্পানীসমূহে বছৰ বছৰ ধৰি সেই ধন ঘূৰাই দিয়া নাই। সংগঠনটোৱে স্পষ্ট দাবী জনাইছে যে ডিলাৰসমূহে কোম্পানীৰ হৈ বহন কৰা অনুমোদিত ৰাজসাহায্য, কেলিব্ৰেশ্বন মাচুল আৰু অন্যান্য আনুষংগিক খৰচৰ ধন ১৫ দিনৰ ভিতৰত ঘূৰাই দিব লাগিব। ইয়াৰ লগতে পূৰ্বৰ সকলো বকেয়া ধনো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আদায় দিবলৈ দাবী জনোৱা হৈছে।
এই ২৪ ঘণ্টীয়া প্ৰতীকী ধৰ্মঘটৰ জৰিয়তে তেল কোম্পানীসমূহক সতৰ্ক কৰি দিয়া হৈছে। এছ'চিয়েশ্বনে স্পষ্টকৈ সকীয়াই দিছে যে ১২ নৱেম্বৰৰ বন্ধৰ পিছতো যদি তেওঁলোকৰ ন্যায়সঙ্গত দাবীসমূহ পূৰণ কৰা নহয়, তেন্তে ঠিক ১১ দিনৰ পিছত অৰ্থাৎ অহা ২৩ নৱেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰতিবাদ হিচাপে অনিৰ্দিষ্টকালীন পেট্ৰ'ল পাম্প বন্ধৰ দৰে কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।