আনহাতে, চৌদি চৰকাৰে এইবাৰ হজযাত্ৰীসকলৰ হজযাত্ৰা আৰু অধিক সহজ কৰিবলৈ এক নতুন পদ্ধতি অৱলম্বন কৰিছে। সকলো হজযাত্ৰীকে এটাকৈ হাতত পিন্ধা ডিজিটেল ঘড়ী দিয়া হৈছে। সেই ঘড়ীটোৱে হজযাত্ৰীসকলক যথেষ্ট সহায় কৰিব। হজযাত্ৰীসকলৰ উচ্চ ৰক্তচাপৰ লগতে স্বাস্থ্যজনিত প্ৰতিটো খবৰ ঘড়ীটোত পাই থাকিব। বিভিন্ন সময়ত দেখা যায়, বহু হজযাত্ৰী মাজে মাজে হেৰাই যায়, হজযাত্ৰীগৰাকী হেৰাই গ'লে ঘড়ীটোৱে কৰ্তৃপক্ষক খবৰ দিব। হজযাত্ৰাত আজিলৈ বহু হজযাত্ৰীৰ মৃত্যু হৈছে, মৃত্যু হোৱা বহু হজযাত্ৰীৰ পৰিচয় উলিওৱাত যথেষ্ট সমস্যা হয়, চৌদি কৰ্তৃপক্ষৰ, ঘড়ীটোত হজযাত্ৰীগৰাকীৰ সকলো তথ্য থাকিব। যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আশা প্ৰকাশ কৰিছে, যে এই ঘড়ীটোৱে হজযাত্ৰীসকলৰ হজযাত্ৰা যথেষ্ট সহজ কৰি তুলিব।
উল্লেখযোগ্য যে শুকুৰবাৰে যুটীয়া ৰাজ্যিক হজ সমিতিয়ে হজযাত্ৰীসকলক সম্বৰ্ধনা আৰু বিদায় জনাই এখন সভাৰ আয়োজন কৰে। সভাখনত উপস্থিত আছিল অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামী, প্ৰাক্তন লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা, নিউজ ১৮ অসম, নৰ্থইষ্টৰ পৰিচালন সম্পাদক পৰাগ মণি আদিত্য, DY365 ৰ মেনেজিং এডিটৰ ডঃ কুমুদ দাস। বিদায় সভাখনত যুটীয়া ৰাজ্যিক হজ সমিতিৰ বছেৰেকীয়া আলোচনী 'লাব্বায়িকা' উন্মোচন কৰা হয়।