তেওঁৰ কথাবোৰৰ গভীৰ অৰ্থ আছে, কিয়নো এইবোৰ তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা নিগৰি অহা। মাত্ৰ চৈধ্য বছৰ বয়সতে জাহিদাৰ বিয়া হৈছিল, যিটো বয়সত বেছিভাগ ছোৱালীয়ে নিজকে আৱিষ্কাৰ কৰিবলৈহে আৰম্ভ কৰে। তাৰ ঠিক পাছতেই তেওঁ তেওঁ মাতৃত্বক আদৰি লয়। বহুতৰ বাবে, এয়া হয়তো শৈক্ষিক উচ্চাকাংক্ষাৰ অন্ত পৰাৰ ইংগিত হ'ব পাৰে। কিন্তু জাহিদাৰ বাবে ই এক নীৰৱ বিপ্লৱৰ আৰম্ভণিহে আছিল। নিজৰ কেঁচুৱাক স্তনপান কৰাই থকাৰ সময়তো তেওঁ দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।
"মোৰ মনত আছে, মই এহাতে মোৰ সন্তানক আৰু আনহাতে কিতাপবোৰ ধৰি ৰাখিছিলো," তেওঁ স্মৰণ কৰে। "মই বিচৰা নাছিলো যে মোৰ দায়িত্ববোৰে মোৰ শিক্ষাৰ অন্ত পেলাওক। বৰং মই বিচাৰিছিলো যে মোৰ শিক্ষাই মোৰ দায়িত্ববোধক অধিক শক্তিশালী কৰক।"
কোনো বিদ্ৰোহৰ মনোভাৱে নহয়, বৰং তেওঁৰ দৃঢ়তাহে তেওঁক আগুৱাই লৈ গৈছিল। তেওঁৰ সপোনক বিশ্বাস কৰা পৰিয়ালৰ সহযোগত তেওঁ নিজৰ পঢ়া-শুনা চলাই নিছিল। ১৯৯০-ৰ দশকৰ আৰম্ভণিতে, তেওঁ দূৰ শিক্ষাৰ জৰিয়তে দুটাকৈ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। এয়া আছিল এক প্ৰত্যাহ্বানমূলক সাফল্য, যাৰ বাবে প্ৰয়োজন আছিল অনুশাসন, ত্যাগ আৰু সময়ৰ সঠিক পৰিচালনা। কিন্তু তেওঁৰ বৌদ্ধিক তৃষ্ণা তেতিয়াও নিবাৰণ হোৱা নাছিল।
ভাষা, সাহিত্য আৰু সাংস্কৃতিক গভীৰতাৰ প্ৰতি থকা তেওঁৰ অনুৰাগে তেওঁক উৰ্দু সাহিত্যত PhD কৰিবলৈ অনুপ্ৰাণিত কৰিলে। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ এই যাত্ৰা কেৱল শৈক্ষিক নাছিল; ই আছিল গভীৰভাৱে ব্যক্তিগত। "উৰ্দু সাহিত্যই মোক কণ্ঠ প্ৰদান কৰিছিল," তেওঁ কয়। "ই মোক কথা কোৱা, আৱেগ আৰু সত্যক প্ৰকাশ কৰাৰ সাহস শিকাইছিল।"
দ্য এছ’চিয়েচন অৱ মুছলিম পেছাদাৰীসকলৰ বৈঠকত ড° জাহিদা খান
শৈক্ষিক যাত্ৰাৰ সমান্তৰালকৈ, জাহিদাই তেওঁৰ শহুৰেকৰ জৰিয়তে ইউনানী চিকিৎসাৰ সৈতেও পৰিচিত হৈছিল। শহুৰেক পৰম্পৰাগত চিকিৎসাত পাৰ্গত আছিল। ইউনানী চিকিৎসাৰ সামগ্ৰিক দৃষ্টিকোণৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ ইয়াৰ জ্ঞান আৰু দৰ্শন আয়ত্ত কৰিলে। সময়ৰ লগে লগে, তেওঁ ইউনানী নীতিৰ ওপৰত আধাৰিত সময়োত্তীৰ্ণ প্ৰতিকাৰ বা ব্যৱহাৰিক 'নুছখা'ৰ বিষয়ে জনোৱা আৰম্ভ কৰিলে।
"পৰম্পৰাগত জ্ঞান কেতিয়াও পাহৰি যাব নালাগে," তেওঁ ব্যাখ্যা কৰে। "ই আমাক আমাৰ শিপাৰ সৈতে সংযোগ কৰে আৰু শিকায় যে নিৰাময়ৰ আৰম্ভণি বুজাবুজিৰ পৰাহে হয়।"
তেওঁৰ দায়িত্ববোধ কেৱল পৰিয়াল আৰু শিক্ষাৰ মাজতে সীমাবদ্ধ নাছিল। জাহিদা সমাজৰ বিভিন্ন কাম-কাজত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতা তথা সমতাৰ হকে থিয় দিয়া কাৰ্যসূচীবোৰত অংশগ্ৰহণ কৰিছিল। তেওঁ কেৱল নীৰৱ দৰ্শক হৈ থকাত সন্তুষ্ট নাছিল। "যদি কিবা ভুল হৈ আছে, তেন্তে আমি মাত মাতিবই লাগিব, মৌনতাই কাকো সহায় নকৰে।"- তেওঁ দৃঢ়তাৰে কয়।
তেওঁৰ স্পষ্ট কণ্ঠস্বৰ আৰু আত্মবিশ্বাসী উপস্থিতিয়ে তেওঁক দূৰদৰ্শনৰ এগৰাকী নিউজ এংকৰ হিচাপে এক অপ্ৰত্যাশিত অথচ উপযুক্ত স্থানলৈ লৈ গৈছিল। কেমেৰাৰ সন্মুখত, তেওঁ নিজৰ দৰ্শকৰ বাবে এক শান্ত আৰু স্পষ্ট উপস্থাপন আগবঢ়াইছিল। তেওঁৰ বাবে সাংবাদিকতা কোনো গ্লেমাৰৰ বিষয় নাছিল; ই আছিল এক দায়িত্ব। "শব্দই আত্মবিশ্বাস গঢ়ি তুলিব পাৰে, কিন্তু ই সমাজকো জগাই তুলিব পাৰে, মিডিয়া হৈছে সত্য আৰু জনসাধাৰণৰ মাজৰ এখন সাঁকো।"- তেওঁ কয়।
তেওঁৰ নেতৃত্বৰ দক্ষতাই শীঘ্ৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে তেওঁক 'কৰ্ণাটক ষ্টেট ৱেৰহাউচিং কৰ্পোৰেচন'লৈ মনোনীত কৰিলে; যিটো আছিল খাদ্য সঞ্চয় আৰু বিতৰণৰ তদাৰক কৰা এক গুৰুত্বপূৰ্ণ দায়িত্বৰ পদ। যিখন দেশত খাদ্য নিৰাপত্তা জীৱিকা আৰু মৰ্যাদাৰ সৈতে গভীৰভাৱে জড়িত, তাত এই দায়িত্বৰ বাবে প্ৰয়োজন আছিল সততা আৰু নিষ্ঠা।
"খাদ্য কেৱল এক সামগ্ৰী নহয়," জাহিদাই কয়। "ই এক মৌলিক অধিকাৰ। ইয়াক দায়িত্বশীলভাৱে পৰিচালনা কৰাৰ অৰ্থ হৈছে ইয়াৰ ওপৰত নিৰ্ভৰশীল জীৱনবোৰক সন্মান কৰা।" তেওঁ নিষ্ঠাৰে সেৱা আগবঢ়াইছিল আৰু দক্ষতা তথা দায়বদ্ধতাৰ সুনামৰ সৈতে পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। কিন্তু অৱসৰে তেওঁক কৰ্মজীৱনৰ পৰা আঁতৰাই নিয়া নাছিল। বৰং ই এক নতুন আৰম্ভণিৰহে ইংগিত দিছিল।
সমাজ সেৱাত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰাৰ আগতে, জাহিদাই ৰিয়েল ইষ্টেট খণ্ডত উদ্যোগী হিচাপে নিজৰ ভাগ্য পৰীক্ষা কৰিছিল। তেওঁ উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে, যিয়ে প্ৰমাণ কৰিলে যে তেওঁৰ নেতৃত্বৰ দক্ষতা ব্যৱসায়িক ক্ষেত্ৰখনলৈকো সম্প্ৰসাৰিত। অৱশ্যে, তেওঁৰ ব্যৱসায়ৰ উন্নতি হোৱাৰ লগে লগে, তেওঁৰ বিবেকে তেওঁক আনফালেহে মাতিবলৈ ধৰিলে।
"সম্পদৰ মূল্য তেতিয়াহে থাকে যেতিয়া ই কিবা প্ৰভাৱ পেলাব পাৰে," তেওঁ গভীৰভাৱে কয়। "যদি সফলতাই আনক আগুৱাই যোৱাত সহায় নকৰে, তেন্তে তাৰ মূল্য অতি সামান্য।"- তেওঁ কয়।
এক অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত ড০ জাহিদা খান
অৱশেষত, সমাজ উন্নয়নত অধিক সময় দিবলৈ তেওঁ ব্যৱসায়িক কাম-কাজ স্থগিত ৰাখিলে। 'এছ’চিয়েচন অৱ মুছলিম প্ৰফেচনেলছ'ৰ সৈতে তেওঁৰ সম্পৰ্ক তেওঁৰ সেৱাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ অধ্যায় হৈ পৰিল। একেৰাহে তিনিটা কাৰ্যকালৰ বাবে কৰ্ণাটকৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিভিন্ন শাখাত অৱদান আগবঢ়াই তেওঁ মূলতঃ মেণ্টৰশ্বিপ (মাৰ্গদৰ্শন), দক্ষতা বিকাশ আৰু যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
"এজন ব্যক্তিক শক্তিশালী কৰি তোলা মানে এটা পৰিয়ালক শক্তিশালী কৰা। এটা পৰিয়ালক সৱল কৰক, তেতিয়া আপুনি এখন সমাজক সৱল কৰিব পাৰিব।"- তেওঁ প্ৰায়ে যুৱ স্বেচ্ছাসেৱকসকলক এইদৰে কয়।
ৰাজহুৱা ভূমিকা আৰু সন্মানৰ পাছতো, জাহিদাই এটা সৰল দৰ্শনত গভীৰভাৱে বিশ্বাস কৰেঃ সেৱা ঘৰৰ পৰাই আৰম্ভ হয়। তেওঁ নিজৰ আত্মীয়-স্বজনক লালন-পালন কৰিছে, বহুতৰে শিক্ষা আৰু নিয়োগত সহায় কৰিছে। তেওঁৰ মতে, পৰিৱৰ্তন নিজৰ ওচৰ-চুবুৰীয়াৰ মাজৰ পৰাই আৰম্ভ হয় আৰু তাৰ পাছতহে বাহিৰলৈ বিয়পি পৰে।
সংগঠিত সমাজসেৱাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাই তেওঁক পিছপৰা শ্ৰেণীৰ লোকসকলৰ শিক্ষা আৰু কল্যাণৰ বাবে সমৰ্পিত "মছিহা" নামৰ ট্ৰাষ্ট এখন প্ৰতিষ্ঠা কৰিবলৈ অনুপ্ৰাণিত কৰিলে। এই পদক্ষেপৰ জৰিয়তে, তেওঁ এনে বহু ছাত্ৰ-ছাত্ৰীক সুযোগ প্ৰদান কৰিছে, যিসকল এদিন তেওঁৰ দৰেই অনিশ্চিত অথচ আশাবাদী আছিল।
"শিক্ষাৰ বাবে সংগ্ৰাম কৰাৰ অৰ্থ কি মই জানো," তেওঁ কয়। "যদি মই আন কাৰোবাৰ বাবে সেই পথটো সহজ কৰিব পাৰো, তেন্তে সেয়াই মোৰ প্ৰকৃত সফলতা।"- তেওঁ কয়।
এগৰাকী ন-কইনা, এগৰাকী দৃঢ়মনা ছাত্ৰী, পণ্ডিত, সংবাদ মাধ্যমৰ পেছাদাৰী, প্ৰশাসক, উদ্যোগী আৰু সমাজ সেৱক হিচাপে তেওঁৰ জীৱনৰ প্ৰতিটো পৰ্যায়তে- ড০ জাহিদা খান শিক্ষাগ্ৰহণৰ প্ৰতি সদায় আগ্ৰহী হৈ থাকিল। হয়তো সেয়াই তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য। "মই এতিয়াও এগৰাকী ছাত্ৰী," তেওঁ হাঁহি মাৰি কয়। "জীৱনেই হৈছে আটাইতকৈ ডাঙৰ শিক্ষক।"- তেওঁ কয়।
তেওঁৰ যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে পৰিস্থিতিয়ে ভাগ্য নিৰ্ধাৰণ নকৰে; আমাৰ পছন্দ বা সিদ্ধান্তবোৰেহে কৰে। ই আমাক কয় যে দায়িত্বৰ সমান্তৰালভাৱেও শিক্ষা চলি থাকিব পাৰে, উচ্চাকাংক্ষা আৰু কৰুণাৰ মাজত সংঘাত হোৱাৰ প্ৰয়োজন নাই আৰু নম্ৰতাৰ ওপৰত প্ৰতিষ্ঠিত হ'লে নেতৃত্ব আটাইতকৈ শক্তিশালী হৈ পৰে।
হুবলীৰ শ্ৰেণীকোঠাৰ পৰা প্ৰশাসনৰ মজিয়ালৈ, টেলিভিছন ষ্টুডিঅ'ৰ পৰা তৃণমূল পৰ্যায়ৰ সক্ৰিয়তালৈকে ড০ জাহিদা খানে একাগ্ৰতা আৰু অধ্যৱসায়ৰ শক্তিক প্ৰতিফলিত কৰে। তেওঁ এই কথাৰ প্ৰমাণ যে যেতিয়া আগ্ৰহৰ লগত উদ্দেশ্য সন্মিলিত হয়, তেতিয়া পৰিৱৰ্তন নিশ্চিতভাৱে আহে, কেৱল এজন ব্যক্তিৰ বাবে নহয়, সমগ্ৰ সমাজৰ বাবে। আৰু তেওঁৰ নিজৰ ভাষাত, "যেতিয়া এগৰাকী মহিলাই শিক্ষা লাভ কৰে, তেতিয়া এটা প্ৰজন্মই মূৰ দাঙি থিয় দিয়ে।"