সংখ্যালঘুৰ কল্যাণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ দিল্লীত হজযাত্ৰীসকলক আদৰণি জনাই মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য

Story by  atv | Posted by  Nikunja Nath • 49 m ago
দিল্লীত হজযাত্ৰীসকলক আদৰণি মন্ত্ৰী কিৰেণ ৰিজিজুৰ
দিল্লীত হজযাত্ৰীসকলক আদৰণি মন্ত্ৰী কিৰেণ ৰিজিজুৰ
 
নতুন দিল্লী
 
পৱিত্ৰ হজ যাত্ৰা সম্পূৰ্ণ কৰি ছৌদি আৰৱৰ পৰা স্বভূমিলৈ উভতি আহিছে ভাৰতীয় হজযাত্ৰীসকলৰ প্ৰথমটো দল। ২ জুনত দিল্লী বিমানবন্দৰত উপস্থিত হোৱা এই দলটোক উষ্ম আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। এই উপলক্ষে বিমানবন্দৰত এক অতি আৱেগিক আৰু আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মঙলবাৰে পৱিত্ৰ মক্কাৰ পৰা উভতি অহা তীৰ্থযাত্ৰীসকলক আদৰণি জনাই মন্ত্ৰীগৰাকীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ দোঁহাৰে।
 
কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ নিশ্চিত কৰি কয় যে, বিভিন্ন মন্ত্ৰ্যালয়ৰ মাজত হোৱা ব্যাপক সমন্বয়ে এইবাৰৰ হজ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিছে। ৰিজিজুৱে হজযাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু বহু বয়োজ্যেষ্ঠ লোকে তেওঁক আশীৰ্বাদ দিয়ে।
 
তেওঁ দিল্লী হজ কমিটীৰ মুৰব্বী হিনা কাউছাৰৰ সৈতে মিলি তীৰ্থযাত্ৰীসকলক ফুলৰ মালা পিন্ধাই আদৰণি জনায়। বহু তীৰ্থযাত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে নিজৰ ম'বাইলত ছেলফি তোলাও দেখা যায়।
নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰিজিজুৱে এই তীৰ্থযাত্ৰা সুচল কৰিবলৈ আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত যাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোকপাত কৰে।
 
মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, "প্ৰতি বছৰে লাখ লাখ মুছলমান লোকে হজ পালন কৰিবলৈ ইয়াৰ পৰা যাত্ৰা কৰে আৰু ভাৰত চৰকাৰে প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়ে যাতে সফলতাৰে নিজৰ হজ সম্পূৰ্ণ কৰি নিৰাপদে ঘৰলৈ উভতি আহিব পাৰে, তাৰ বাবে অহোপুৰুষাৰ্থ কৰে। এইবাৰ আমি একেবাৰে আৰম্ভণিৰ পৰাই প্ৰস্তুতি চলাই বাছৰ চলাচল অতি দক্ষতাৰে পৰিচালনা কৰিছো।"
 
তেওঁ লগতে কয়, "আমি লাভ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, ইয়াৰ পৰা হজৰ বাবে যোৱা সকলো তীৰ্থযাত্ৰী নিৰাপদে আৰু সুকলমে আছে। এতিয়া তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ যাত্ৰাৰ সূচী আৰম্ভ হৈছে আৰু সকলো তীৰ্থযাত্ৰী যাতে সুৰক্ষিতভাৱে ঘৰলৈ উভতিব পাৰে, তাৰ বাবে সকলো স্থানতে নিৰ্দেশনা জাৰি কৰা হৈছে। পৱিত্ৰ হজ যাত্ৰা কৰি স্বভূমিত ভৰি থোৱাৰ পাছত যিদৰে সকলোৰে মনলৈ অপাৰ আনন্দ আহে, তেনেকৈ তেওঁলোকৰ পৰিয়ালৰ লোকসকলেও নিশ্চয়কৈ সীমাহীন আনন্দ লাভ কৰিব।"
 
সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে হজৰ ধৰ্মীয় গুৰুত্বৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰদান কৰে।
"প্ৰকৃততে, যিকোনো ব্যক্তিৰ বাবে হজ যাত্ৰা হৈছে জীৱনজোৰা এক সপোন পূৰণ হোৱাৰ দৰে। জীৱনত অন্ততঃ এবাৰলৈ হ'লেও মক্কাত হজ পালন কৰাটো প্ৰতিগৰাকী মুছলমানৰ এক ঐকান্তিক হেঁপাহ," ৰিজিজুৱে কয়।
 
এই বৃহৎ পৰিসৰৰ কাৰ্যসূচী পৰিচালনা কৰাৰ লগতে তীৰ্থযাত্ৰীসকলৰ আৰাম আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে একেলগে কাম কৰাৰ বাবে তেওঁ কেইবাটাও মন্ত্ৰ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে।
 
মন্ত্ৰীগৰাকীয়ে কয়, "ইয়াক সুচল কৰিবলৈ আমাৰ মন্ত্ৰ্যালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সৈতে ওতঃপ্ৰোত সমন্বয় ৰাখি ব্যাপক ব্যৱস্থা গ্ৰহণ কৰে। আন কেইবাটাও মন্ত্ৰ্যালয়েও ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু মই এই সুযোগতে তেওঁলোকক ধন্যবাদ জনাব বিচাৰোঃ গৃহ মন্ত্ৰ্যালয়ে নিৰাপত্তাজনিত ব্যৱস্থাসমূহ চোৱাচিতা কৰে; স্বাস্থ্য মন্ত্ৰ্যালয়ে চিকিৎসক আৰু প্ৰয়োজনীয় সকলো স্বাস্থ্য কৰ্মী নিয়োগ কৰি চিকিৎসা সাহায্য প্ৰদান কৰে; আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে বিমানৰ চলাচল আৰু বিমানবন্দৰৰ পৰিচালনাৰ সৈতে জড়িত সকলো বিষয় তদাৰক কৰে। একেদৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়েও এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।"
 
হজ হৈছে ইছলাম ধৰ্মৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম আৰু শাৰীৰিক তথা আৰ্থিকভাৱে সমৰ্থ মুছলমানসকলৰ বাবে এই তীৰ্থযাত্ৰা এক ধৰ্মীয় কৰ্তব্য বুলি গণ্য কৰা হয়। আন চাৰিটা স্তম্ভ হৈছে শ্বাহাদা (বিশ্বাসৰ ঘোষণা), ছালাহ (দৈনন্দিন প্ৰাৰ্থনা), জাকাত (দান-বৰঙণি) আৰু ছাওম (ৰমজান মাহত ৰোজা ৰখা)।


শেহতীয়া খবৰ