মেৱাটত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শনঃ হিন্দু তীৰ্থযাত্ৰীৰ বাবে নিজৰ ঘৰ-বিদ্যালয় আশ্ৰয়স্থল কৰি তুলিলে মুছলমান পৰিয়ালে

Story by  atv | Posted by  Munni Begum • 1 Months ago
হিন্দু তীৰ্থযাত্ৰীৰ বাবে নিজৰ ঘৰ-বিদ্যালয় আশ্ৰয়স্থল কৰি তুলিলে মুছলমান পৰিয়ালে
হিন্দু তীৰ্থযাত্ৰীৰ বাবে নিজৰ ঘৰ-বিদ্যালয় আশ্ৰয়স্থল কৰি তুলিলে মুছলমান পৰিয়ালে
 
মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
 
যি সময়ত সাম্প্ৰদায়িক সংঘাতৰ ঘটনাসমূহে বাতৰিৰ শিৰোনাম দখল কৰি আছে, তেনে সময়তে হাৰিয়ানাৰ মেৱাট অঞ্চলৰ পৰা আহিছে সম্প্ৰীতিৰ এক সুন্দৰ বতৰা। মেৱাটৰ নেমকা আৰু বাছোৰ গাঁৱৰ মুছলমান পৰিয়ালসমূহে 'ব্ৰজ চৌৰাশী কোছ পৰিক্ৰমা যাত্ৰা'ত অংশ লোৱা হাজাৰ হাজাৰ হিন্দু তীৰ্থযাত্ৰীৰ বাবে নিজৰ ঘৰ, বিদ্যালয় গৃহ আৰু সম্পদ মুকলি কৰি দি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক প্ৰেৰণাদায়ক নিদৰ্শন দাঙি ধৰিছে। 
 
তেওঁলোকৰ এই মহানুভৱতাই কেৱল ভক্তসকলৰ হৃদয় জয় কৰাই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত আজিও জীয়াই থকা পাৰস্পৰিক শ্ৰদ্ধা আৰু সহাৱস্থানৰ স্থায়ী বান্ধোনকো উজলাই তুলিছে।
 
 
প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই ব্ৰজ মণ্ডল যাত্ৰাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে আৰু এই যাত্ৰা মেৱাট অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। ইমান বৃহৎ সংখ্যক তীৰ্থযাত্ৰীৰ বাবে থকা-খোৱা, খোৱাপানী আৰু অন্যান্য মৌলিক সুবিধাসমূহৰ ব্যৱস্থা কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু তীৰ্থযাত্ৰীসকলক সন্মানীয় অতিথি হিচাপে আদৰি লৈ এই দায়িত্ব কান্ধ পাতি ল’বলৈ স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে স্থানীয় ৰাইজ।
 
ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু আখ্যানৰ সৈতে জড়িত 'ব্ৰজ চৌৰাশী কোছ পৰিক্ৰমা' হৈছে এক পৱিত্ৰ তীৰ্থযাত্ৰা। নুহৰ নলহৰ মন্দিৰৰ পৰা আৰম্ভ হৈ এই যাত্ৰা শিংগাৰ অঞ্চলত উপস্থিত হোৱাৰ পূৰ্বে কেইবাখনো ধৰ্মীয় স্থানৰ মাজেৰে পাৰ হয়। বিশ্ব হিন্দু পৰিষদ হৈছে ইয়াৰ অন্যতম প্ৰধান আয়োজক।
 
আতিথ্যৰ আটাইতকৈ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে নেমকা গাঁৱৰ 'ডিচিএম পাব্লিক স্কুল'ৰ প্ৰতিষ্ঠাপক আৰিফ খানে। তীৰ্থযাত্ৰীসকলক আশ্ৰয় দিবলৈ তেওঁ নিজৰ বিদ্যালয়ৰ আটাইবোৰ কোঠা মুকলি কৰি দিয়ে, আনকি নিজৰ ঘৰটোও খালী কৰি তেওঁ পৰিয়ালৰ সৈতে গাঁৱৰ আন এটা ঘৰলৈ থাকিবলৈ গুচি যায়।
 
শ শ তীৰ্থযাত্ৰীয়ে বিদ্যালয়খনৰ চৌহদত নিশা যাপন কৰে আৰু বিশ্ৰাম লয়। তেওঁলোকৰ সুবিধাৰ্থে কোঠাবোৰত বিদ্যুত, ফেন, খোৱাপানী আৰু অন্যান্য প্ৰয়োজনীয় সা-সুবিধাৰ সুন্দৰ ব্যৱস্থা কৰা হয়।
 
আৰিফ খানে জানিবলৈ দিয়া মতে, যাত্ৰাৰ সময়ত বহু তীৰ্থযাত্ৰী বহুত পলমকৈ আহি উপস্থিত হয়, যাৰ বাবে তেওঁলোকক তাৎক্ষণিকভাৱে আশ্ৰয় আৰু সাহায্য প্ৰদান কৰাটো প্ৰয়োজনীয় হৈ পৰে। যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই থকাৰ ঠাই আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰিবলৈ তেওঁৰ দলটো সদায় সাজু থাকে। "অতিথিক সেৱা কৰাটো মানৱতাৰ অন্যতম শ্ৰেষ্ঠ ধৰ্ম," তেওঁ কয়।
 
বিদ্যালয়খনৰ পাকঘৰত আটা, গাখীৰ, চাহপাত আৰু অন্যান্য লাগতিয়াল সামগ্ৰী মজুত ৰখা হৈছিল যাতে তীৰ্থযাত্ৰীসকলে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। ম'বাইল ফোন চাৰ্জ কৰাৰ পৰা আৰম্ভ কৰি আৰামদায়কভাৱে শুবলৈ ব্যৱস্থা কৰালৈকে, তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল।
 
এনে উষ্ম আতিথ্য লাভ কৰি তীৰ্থযাত্ৰীসকলে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা অহা বহু ভক্তই কয় যে তেওঁলোকে অচিনাকি মানুহৰ লগত নহয়, নিজৰ পৰিয়ালৰ মানুহৰ লগতে থকা যেন অনুভৱ কৰিছে।
 
এগৰাকী মহিলা তীৰ্থযাত্ৰীয়ে মন্তব্য কৰে যে মানৱতা আৰু মৰমেই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। গাঁওবাসীয়ে দেখুওৱা এই মৰম আৰু আন্তৰিকতাই মেৱাটৰ প্ৰতি থকা তেওঁৰ ধাৰণা একেবাৰে সলনি কৰি পেলোৱা বুলিও তেওঁ প্ৰকাশ কৰে।
 
 
নেমকা গাঁৱৰ আন এজন বাসিন্দা মুস্তাক খানেও তীৰ্থযাত্ৰীৰ বাবে নিজৰ ঘৰ মুকলি কৰি দিয়ে আৰু আলহীৰ বাবে ঠাই উলিয়াবলৈ পৰিয়ালৰ সৈতে আন এখন ঠাইলৈ গুচি যায়।
 
তেওঁৰ ঘৰৰ দুয়োটা মহলাতে শোৱাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছিল, য’ত মহিলা তীৰ্থযাত্ৰীৰ দলবোৰে একেলগে ৰন্ধা-বঢ়া কৰা দেখা গৈছিল আৰু আনসকলে বিভিন্ন সেৱামূলক কামত অংশ লৈছিল। সেই সময়ৰ পৰিৱেশটো কোনো ধৰ্মীয় সমাৱেশতকৈ এখন বৃহৎ পাৰিবাৰিক মিলনৰ দৰেহে লাগিছিল।
 
মধ্যপ্ৰদেশৰ সাগৰৰ পৰা অহা তীৰ্থযাত্ৰী সবিতাই জানিবলৈ দিয়ে যে তেওঁলোকৰ ১৩ জনীয়া দলটোক থাকিবলৈ সম্পূৰ্ণ সুবিধা প্ৰদান কৰাৰ লগতে আহাৰ প্ৰস্তুত কৰাতো সহায় কৰা হৈছিল। "আমি নিজকে কেতিয়াও বাহিৰৰ মানুহ বুলি অনুভৱ কৰা নাছিলো," তেওঁ কয়।
 
আন এজন তীৰ্থযাত্ৰী নীৰজ কুমাৰ শৰ্মাই কয় যে, স্থানীয় মুছলমানসকলৰ সহযোগিতাৰ অবিহনে ইমান বৃহৎ সংখ্যক ভক্তৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰাটো অতিশয় কঠিন হ’লহেঁতেন। "এই অভিজ্ঞতা মোৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব," তেওঁ আৱেগিক হৈ কয়।
 
ইফালে, বাছোৰ গাঁৱতো ভিন্ন ধৰ্মৰ মাজত ভাতৃত্ববোধৰ আন এক হৃদয়স্পৰ্শী নিদৰ্শন দেখিবলৈ পোৱা গ'ল। তীৰ্থযাত্ৰাত ওলোৱাৰ আগতে অধিবক্তা পৰশুৰাম গৌতমে গাঁৱৰ এগৰাকী শ্ৰদ্ধেয় জ্যেষ্ঠ মুছলমান ব্যক্তি ইকবাল জাইলদাৰৰ চৰণ চুই আশীৰ্বাদ লয়।
 
গৌতমে কয় যে ইকবাল জাইলদাৰ তেওঁৰ বাবে কেৱল এজন প্ৰতিৱেশীয়েই নহয়, তেওঁ এজন পথপ্ৰদৰ্শক, যিয়ে তেওঁক সদায় পিতৃসুলভ মৰম দি আহিছে।
 
ভগৱান শ্ৰীকৃষ্ণৰ পালক পিতৃ নন্দ বাবাৰ সৈতে তেওঁক তুলনা কৰি গৌতমে এই পৱিত্ৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তেওঁৰ আশীৰ্বাদ বিচাৰে। এই আৱেগিক মুহূৰ্তটোৱে জাইলদাৰক আপ্লুত কৰি তোলে, তেওঁ গৌতমক সাবটি ধৰে, মৰমৰ চিনস্বৰূপে কিছু ধন উপহাৰ দিয়ে আৰু তেওঁৰ তীৰ্থযাত্ৰাৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে।
 
স্থানীয় ৰাইজৰ মতে, মেৱাট কেৱল এক ভৌগোলিক অঞ্চলেই নহয়; ই হৈছে উমৈহতীয়া সংস্কৃতি, পাৰস্পৰিক শ্ৰদ্ধা আৰু সামাজিক সম্প্ৰীতিৰ বাবে পৰিচিত এখন পুণ্যভূমি, য’ত হিন্দু আৰু মুছলমান উভয়েই দীৰ্ঘদিন ধৰি ইজনে সিজনৰ উৎসৱ, পাৰিবাৰিক অনুষ্ঠান আৰু সামাজিক কাৰ্যসূচীত অতি আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আহিছে।
 
এইবাৰৰ 'ব্ৰজ চৌৰাশী কোছ পৰিক্ৰমা'ই যি এক অপূৰ্ব দৃশ্যৰ অৱতাৰণা কৰিলে, সেয়া আমাৰ সমাজৰ বাবে এক গভীৰ বাৰ্তা। সাম্প্ৰদায়িক বিভেদ আৰু ঘৃণাৰ কোলাহলৰ ঊৰ্ধ্বত গৈ এই যাত্ৰাই সোঁৱৰাই দিলে যে সদিচ্ছা, বিশ্বাস আৰু ভাতৃত্ববোধৰ এনে অলেখ কাহিনীয়ে আজিও আমাৰ সমাজখনক এডাল শক্তিশালী এনাজৰীৰে বান্ধি ৰাখিছে। মেৱাটৰ এই মানৱীয়তাই প্ৰমাণ কৰিলে যে ধৰ্মৰ ঊৰ্ধ্বত মানৱ ধৰ্মই সৰ্বশ্ৰেষ্ঠ আৰু প্ৰেমৰ জৰিয়তে গঢ়া সম্পৰ্ক কোনো কৃত্ৰিম বিভাজনে কেতিয়াও ম্লান কৰিব নোৱাৰে।