ডাঃ ফিৰদৌছ খান
সমাজত এনে কিছুমান ব্যক্তি আছে, যিসকলৰ সফলতাই কেৱলমাত্ৰ তেওঁলোকৰ পৰিয়ালৰ বাবে গৌৰৱৰ বিষয় নহয়, বৰঞ্চ সমগ্ৰ চহৰ আৰু প্ৰদেশৰ লোকসকলে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰে। হাৰিয়ানাৰ কৰ্ণালৰ জ্যেষ্ঠ অধিবক্তা তথা সমাজসেৱক মহম্মদ ৰফিক চৌহান তেনে এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ কেৱল এজন অভিজ্ঞ অধিবক্তায়ে নহয়, তেওঁ এজন নিষ্ঠাৱান শিক্ষক তথা লেখক, যিয়ে জনসেৱা আৰু ন্যায়ৰ পথত নিজৰ জীৱন উৎসৰ্গা কৰিছে।
মহম্মদ ৰফিক চৌহানে কয়, "যিকোনো ব্যক্তিয়ে জীৱনক উন্নত কৰিবলৈ কেৱল তেওঁৰ ভাগ্যই যথেষ্ট নহয়, তেওঁ নিজেও কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ভাগ্য আৰু প্ৰচেষ্টা মিলিয়েই সফলতা সুনিশ্চিত কৰে। যিজনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁ কেতিয়াও বাস্তৱিক সাফল্য লাভ কৰিব নোৱাৰে। মোৰ জীৱন এই তত্ত্বৰে প্ৰমাণ। ১৯৫৪ চনৰ ২২ এপ্ৰিলত হাৰিয়ানাৰ কৰ্ণাল জিলাৰ উচানা গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নৱাব, যিয়ে খেতি-বাতি কৰিছিল আৰু মাতৃ মক্সুদী এগৰাকী গৃহিণী আছিল। পিতৃ-মাতৃ নিৰক্ষৰ হোৱা সত্ত্বেও ৰফিকৰ পঢ়াৰ প্ৰতি বিশেষ আগ্ৰহ আছিল, যাৰ বাবে তেওঁ উচ্চ শিক্ষাৰ দিশে আগবাঢ়িছিল।"
তেওঁৰ শিক্ষাৰ যাত্ৰা ইমানো সহজ নাছিল। তেওঁ কয় যে, অষ্টম শ্ৰেণীৰ পিছত তেওঁৰ মাকে তেওঁক কাৰোবাৰ ঘৰলৈ কাম কৰিবলৈ পঠাব বিচাৰিছিল, কিন্তু তেওঁক লৈ ঈশ্বৰৰ পৰিকল্পনা বেলেগ আছিল। তেওঁ কঠোৰ পৰিশ্ৰম কৰি দশম শ্ৰেণী উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী পৰ্যায়ত অধ্যয়ন অব্যাহত ৰাখিছিল। নিজৰ জীৱন নিৰ্বাহৰ বাবে তেওঁ চাইকেলেৰে ফেৰীৰ কাম কৰিছিল, চাহৰ দোকান চলাইছিল আৰু এজন চিকিৎসকৰ ওচৰত দুবছৰলৈ কম্পাউণ্ডাৰ হিচাপে কাম কৰিছিল।
ইয়াৰ পিছত তেওঁ ৰেডিঅ' আৰু ট্ৰানজিষ্টাৰৰ মেৰামতিৰ কাম কৰিবলৈ শিকি ১৯৭৫ চনত কৰ্ণালৰ ৰামনগৰত এটা দোকান খুলিছিল আৰু এই দোকানখন তেওঁ ১৯৯৫ চনলৈকে চলাইছিল। এই সময়ছোৱাত তেওঁ পুৱাৰ পৰা দুপৰীয়া পৰ্যন্ত কলেজত পঢ়িবলৈ গৈছিল আৰু দুপৰীয়াৰ পৰা নিশালৈকে দোকানত কাম কৰিছিল। সেই সময়তে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল।
তেওঁ সদায় শিক্ষাৰ গুৰুত্বক প্ৰাধান্য দিছিল। তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা হিন্দী আৰু ৰাজহুৱা প্ৰশাসনত এমএ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৮৩ চনত তেওঁ কৰ্ণালৰ তৰাৱড়ীত গীতা পাব্লিক স্কুল মুকলি কৰিছিল। যদিও আৰম্ভণিতে এই পৰিকল্পনা বিফল হৈছিল, তথাপিও তেওঁ হতাশ হোৱা নাছিল। ১৯৮৪ চনৰ পৰা তেওঁ তৰাৱড়ী আৰু পখানাত সৰস্বতী পাব্লিক স্কুল স্থাপন কৰিছিল, যি বৰ্তমান তেওঁৰ দুই পুত্ৰৰ নেতৃত্বত পৰিচালিত হৈ আছে। তেওঁলোকৰ বিদ্যালয়ত শিশুক কেৱল কিতাপৰ জ্ঞানে নহয়, ব্যৱহাৰিক আৰু নৈতিক শিক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। মহাপুৰুষসকলৰ জয়ন্তী আৰু পুণ্যতিথিত শিশুসকলক তেওঁলোকৰ জীৱন আৰু শিক্ষাৰ বিষয়ে অৱগত কৰা হয়।
মহম্মদ ৰফিক চৌহান তেওঁৰ সতীৰ্থসকলৰ সৈতে
ৰফিক চৌহানৰ মতে, শিক্ষা কেৱল চাকৰি লাভ কৰাৰ মাধ্যম নহয়, বৰং ই ব্যক্তিৰ সৰ্বব্যাপী বিকাশৰ এক মাধ্যম। তেওঁ কয়, "অভিভাৱকসকলে তেওঁলোকৰ সন্তানক জীৱনৰ মূল্যবোধৰ শিক্ষা দিব লাগে। আজিকালি প্ৰেম বিবাহ এক ফেশ্যন হৈ পৰিছে। পিতৃ-মাতৃৰ পৰামৰ্শক আওকাণ কৰি যুৱক-যুৱতীসকলে পলায়ন কৰি বিবাহপাশত আৱদ্ধ হয়। ইয়াৰ ফলত বহু সময়ত তেওঁলোকৰ জীৱন বহু সমস্যাৰ সন্মুখীন হবলগীয়া হৈ পৰে। শিশুসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰিলেহে তেওঁলোকক সঠিক দিশত পৰিচালিত কৰিব পৰা যাব।
ৰফিক চৌহানে ন্যায় আৰু অধিবক্তাক নিজৰ জীৱনৰ উদ্দেশ্য কৰি লৈছিল। তেওঁ ১৯৯৭ চনত কৰ্ণালত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ভুক্তভোগীসকলক ন্যায় প্ৰদানৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে। তেওঁ দৰিদ্ৰ আৰু অসহায় মহিলাসকলৰ গোচৰত কোনো মাচুল আদায় নোলোৱাকৈ সহায় আগবঢ়াই আহিছে। তেওঁ কয় যে, বহু মহিলাক তেওঁলোকৰ স্বামীয়ে ঘৰৰ পৰা খেদি পঠিয়াইছে। তেওঁলোকৰ খোৱা-বোৱাৰো কোনো ব্যৱস্থা নাই। এনে লোকক ন্যায় প্ৰদান কৰাটো মোৰ কৰ্তব্য। তেওঁ তেওঁৰ ক্লায়েণ্টসকলৰ বাবে আইনী পৰামৰ্শ আৰু ষ্টেচনাৰীৰো খৰচো বহন কৰি আহিছে।
ৰফিক চৌহানে নিজৰ জ্ঞান বিলায় দিয়াৰ ক্ষেত্ৰত বিশ্বাস কৰে। তেওঁ আইন সন্দৰ্ভত, আইন সম্পৰ্কীয় আপডেট আদিৰ দৰে কেইবাটাও হোৱাটছএপ গ্ৰুপৰ সৃষ্টি কৰিছে। য'ত নতুন আৰু জ্যেষ্ঠ অধিবক্তাসকলক বিনামূলীয়াকৈ আইন সম্পৰ্কীয় জ্ঞান আৰু দৈনিক আপডেট প্ৰদান কৰা হয়। ইয়াৰ উপৰিও তেওঁ 'কুৰাণ-এ-পাক তালিমাৎ' নামৰ এটা গোটও চলাই আহিছে, যিয়ে লোকসকলক ধৰ্ম আৰু নৈতিকতাৰ বিষয়ে তথ্য প্ৰদান কৰি আহিছে। তেওঁ বিশ্বাস কৰে যে, যিকোনো ধৰ্মৰ মৌলিক বাৰ্তা হৈছে মানৱতাক অগ্ৰাধিকাৰ দিয়াটো উচিত, সেয়েহে বৈষম্যহীনভাৱে প্ৰতিজন আৰ্তলোকক সহায় কৰা উচিত।
মহম্মদ ৰফিক চৌহানে সংস্কাৰ কৰা এটি মছজিদ
সামাজিক খণ্ডতো যথেষ্ট সক্ৰিয় ৰফিক চৌহান। তেওঁ "হাৰিয়ানা মুছলিম খিদমত সভা" নামৰ এটা স্বেচ্ছাসেৱী সংগঠন চলাই আহিছে, যিয়ে শিক্ষা, স্বাস্থ্য, পৰিৱেশ আৰু মহিলাৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পাই আহিছে। তেওঁ তৰাৱড়ীত এটা পুৰণি মছজিদ সংস্কাৰ কৰি তাত ইমাম নিযুক্তি দিছিল। পঞ্জাৱৰ সাংগুৰুৰ জিলাৰ মাজাৰা গাঁৱৰ এটা মছজিদ সংস্কাৰ কৰি তাত মুছলমান সমাজৰ ধৰ্মীয় প্ৰয়োজন পূৰণ কৰিছিল। লেখাৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় আছিল। ১৯৮৬ চনৰ পৰা ২০০৬ চনলৈ তেওঁ বিভিন্ন বাতৰি কাকতত প্ৰবন্ধ লিখিছিল আৰু ২০২১ চনত তেওঁৰ "ভাৰতত পৰিয়াল আইন" নামৰ গ্ৰন্থখন প্ৰকাশ পাইছিল, যিখন গ্ৰন্থ পাঠকে অতিশয় প্ৰশংসা কৰিছিল।
মহম্মদ ৰফিক চৌহানৰ জীৱন যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ কাহিনীয়ে আমাক শিকাইছে যে, শিক্ষা, সততা, কঠোৰ পৰিশ্ৰম, সমাজসেৱাৰ জৰিয়তে এজন ব্যক্তিয়ে কেৱল নিজৰ জীৱন উন্নত কৰাই নহয়, সমগ্ৰ সমাজৰ বাবেও আদৰ্শ দাঙি ধৰিব পাৰে। আল্লামা ইকবালৰ কথাই তেওঁৰ জীৱন দৰ্শনক নিখুঁতভাৱে প্ৰকাশ কৰিছে: "নিজকে ইমানেই উন্নীত কৰক যে প্ৰতিটো ভাগ্যৰ পূৰ্বে, ঈশ্বৰে নিজেই তেওঁৰ ভক্তক সোধক যে তোমাৰ ইচ্ছা কি কোৱা।" (ख़ुदी को कर बुलंद इतना कि हर तक़दीर से पहले, ख़ुदा बंदे से ख़ुद पूछे बता तेरी रज़ा क्या है।)
ৰফিক চৌহানৰ জীৱনটোৱে আমাক এই বাৰ্তায়ে প্ৰদান কৰিছে যে, যদি আমাৰ উদ্দেশ্য সবল হয়, তেন্তে কঠিন পৰিস্থিতিৰ পিছতো সফলতা আৰু সমাজ সেৱাৰ পথ সম্ভৱপৰ হৈ পৰে।