ছানিয়া আঞ্জুম / বেংগালুৰু
বেংগালুৰুৰ কে আৰ পুৰামৰ ব্যস্ত ৰাজপথত ছপা মেচিনৰ হুলস্থুলীয়া শব্দৰ মাজতে জন্ম হৈছিল চৈয়দ নৱাজ মিফতাহীৰ। তেওঁৰ পিতৃয়ে ডেকান হেৰাল্ড আৰু প্ৰজাৱণী সংবাদপত্ৰৰ বিশ্বস্ত ট্ৰেন্সপৰ্ট ইনচাৰ্জ হিচাপে কাম কৰিছিল। দেউতাকে বাতৰি কাকতৰ কাহিনীবোৰ এঠাইৰ পৰা আন এঠাইলৈ পৰিবহন কৰি থকাৰ সময়তে নৱাজৰ ভাগ্যই অন্য এক গাঁথা লিখিবলৈ আৰম্ভ কৰিছিল।
চাৰিগৰাকী ভাতৃ-ভগ্নীৰ ভিতৰত ব্যতিক্ৰম আছিল নৱাজ। তেওঁ কেৱল সংগ্ৰামৰদ্বাৰাই নহয়, আত্মিকভাৱেও তেওঁ পৃথক আছিল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ি তেওঁৰ ভাতৃ-ভগ্নীসকলে লাভৱান হোৱাৰ বিপৰীতে নৱাজৰ শিক্ষণ শৈলী আছিল অনন্য। নৱাজৰ হাতখন বেলেগ ছন্দৰ দিশে গতি কৰিছিল৷ নাৱাজে স্মৰণ কৰি কয়, "মই সোঁফালৰ পৰা এ বি চি ডি লিখিছিলো। কিন্তু শিক্ষকসকলে মোক বাওঁফালৰ পৰা লিখা আৰম্ভ কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু মোৰ হাতখন স্বাভাৱিকতে সোঁফালৰ পৰাহে কাম কৰিছিল।"
চৈয়দ নৱাজ মিফতাহী বঁটা লাভ কৰাৰ এক দৃশ্য
পিছলৈ তেওঁ আলিমৰ শিক্ষা গ্ৰহণ কৰাৰ বাবে তামিলনাডুলৈ গুছি গৈছিল আৰু তাৰ পিছত ঊৰ্দু ভাষাত বি এ আৰু এম এ সম্পূৰ্ণ কৰিছিল। তেওঁৰ কথাবোৰ বিশ্বাস আৰু শক্তিৰ উৎস হৈ পৰিছিল।
২০১১ চনত নৱাজে মুম্বাইত অন্ধ শিশুৰ বাবে এখন সন্মিলন আয়োজন কৰিছিল। এই মুহূৰ্তটোৱে তেওঁৰ জীৱনটো সলনি কৰি দিছিল। কণ কণ অন্ধ ল’ৰা-ছোৱালীয়ে যেনেকৈ বিশুদ্ধ আৰু আৱেগিক কণ্ঠৰে 'আম্মা পাৰা' পাঠ কৰিছিল, সেয়া দেখি সম্পূৰ্ণ দৃষ্টিশক্তি সম্পন্ন নৱাজে গভীৰভাৱে আপ্লুত হৈছিল। তেওঁ কয়, "তেওঁলোকৰ কণ্ঠবোৰে কিবা এক যেন দুখ কঢ়িয়াই লৈ ফুৰিছিল, মই সেইটো আওঁকাণ কৰিব পৰা নাছিলোঁ।" নাৱাজৰ অন্তৰে দুখৰ বাবে নহয় তেওঁলোকক সহায় কৰাৰ প্ৰবল ইচ্ছাত উচুপি উঠিছিল।
সেইদিনাই তেওঁ ব্ৰেইল শিকাৰ সিদ্ধান্ত লৈছিল। ব্ৰেইল কিতাপ আৰু স্ক্ৰীপ্ট সংগ্ৰহ কৰি নতুন অভিযানৰ আৰম্ভণিৰ বাবে তেওঁ বেংগালুৰুলৈ উভতি আহিছিল। নাৱাজৰ বাবে ব্ৰেইল কেৱল এক শিক্ষণ নাছিল, বৰং ই দৃষ্টিশক্তিহীনসকলৰ মৰ্যাদাৰ বাবে যুঁজ দিয়াৰ এক উপায় হৈ পৰিছিল।
বেংগালুৰুৰ শিৱাজী নগৰৰ চুলতান শ্বাহ মাৰ্কাজ আছিল তবলিগী জামাতৰ কেন্দ্ৰ। ২০১২ চনত মৌলানা ৰিয়াজ আৰু মৌলানা ছামছুদ্দিন বাজলীৰ সৈতে নৱাজে অন্ধ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বিশেষ শাখা আৰম্ভ কৰিছিল। মাৰ্কাজত সাপ্তাহিক ক্লাছ অনুষ্ঠিত কৰা হৈছিল, আৰু দৈনিক অনলাইন ক্লাছে বহু দূৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীক সংযোগ কৰিছিল।
এগৰাকী দৃষ্টিহীন ব্যক্তিয়ে ব্ৰেইল শিকি থকা এক দৃশ্য
তেওঁৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই আছিল প্ৰাপ্তবয়স্ক, যিসকলে আগতে কেতিয়াও শিক্ষা লাভ কৰা নাছিল। নৱাজে তেওঁলোকক শিকাওঁতে নিজেও ব্ৰেইল শিকিছিল। তেওঁ মিছিকিয়াই কয়, "তেওঁলোকে ধেমালি কৰি কৈছিল যে, মই তেওঁলোকৰ মাজৰ এজনৰ দৰেই তেওঁলোকক শিকাইছো। কিন্তু মই তেওঁলোকৰ সম্ভাৱনা স্পষ্টকৈ দেখা পাইছিলোঁ।"
বয়সস্থ লোকক ব্ৰেইল শিকোৱাটো কঠিন আছিল। উখহা বিন্দুবোৰ পঢ়িবলৈ তেওঁলোকৰ আঙুলিবোৰ যথেষ্ট সংবেদনশীল নাছিল। সেয়েহে নৱাজে বিশেষ কৌশলৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ স্পৰ্শবোধক চোকা কৰিবলৈ তেওঁ 'পিঞ্চিং টেকনিক'ৰ প্ৰৱৰ্তন কৰিছিল। তাৰ পিছত তেওঁ ভঙা চাউল (কংকি), ৰাগী আদি শস্য ব্যৱহাৰ কৰিছিল। তেওঁ সিহঁতক শস্যবোৰ অনুভৱ কৰি পৃথক কৰিবলৈ কৈছিল। ইয়াৰ ফলত তেওঁলোকৰ আঙুলিৰ সংবেদনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি পাইছিল। নাৱাজে কেৱল পঢ়োৱাই নাছিল— তেওঁলোকক শিকিবলৈ সহায় কৰাৰ এক সৃষ্টিশীল আৰু দয়ালু উপায় আছিল।
২০১৩ চনত নৱাজে ১২ জন অন্ধ ছাত্ৰ-ছাত্ৰীক লৈ মুম্বাইৰ এখন সন্মিলনলৈ উভতি আহিছিল। ভাষণৰ সময়ত তেওঁ আকস্মিকভাৱে উল্লেখ কৰিছিল যে, তেওঁ ৫০ জন অন্ধ ছাত্ৰ-ছাত্ৰীক ফোনযোগেও পঢ়ুৱাইছিল। তেওঁ এই কথাত উদ্যোক্তাসকল আচৰিত হৈ পৰিছিল। তেওঁৰ পদ্ধতি সহজ আছিল যদিও বৈপ্লৱিকো আছিল।
ইয়াৰ পিছতে হায়দৰাবাদ, গুজৰাট, জলগাঁৱে তেওঁৰ আৰ্হি গ্ৰহণ কৰিছিল। নৱাজৰদ্বাৰা পৰিচালিত হায়দৰাবাদৰ এম এছ এডুকেচন ট্ৰাষ্টে এতিয়া ১৫০ জন অন্ধ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাই আছে। নৱাজৰ বহু ছাত্ৰই পিছলৈ শিক্ষক হৈ আনৰ মাজত শিক্ষাৰ পোহৰ বিলাই আছে।
চৈয়দ নৱাজ মিফতাহীৰ উমাং ফাউণ্ডেশ্যনছ অৱ দ্য ব্লাইণ্ড
নৱাজৰ যাত্ৰা এনে বহু প্ৰেৰণাদায়ক কাহিনীৰে ভৰপূৰ। তাৰে মাজৰ এজন ব্যক্তি হৈছে আছলাম। ৫০ বছৰীয়া এই ব্যক্তিগৰাকীয়ে প্ৰতি ৰমজানত কান্দিছিল। তেওঁ মনতে ভাবি লৈছিল যে, তেওঁ কেতিয়াও কোৰাণ পাঠ কৰিব নোৱাৰিব। কিন্তু নৱাজৰ নিৰ্দেশনাত আছলামে ইমানেই ভালকৈ কোৰাণ পঢ়িবলৈ শিকিছিল যে, এতিয়া তেওঁ প্ৰতি ৰমজানত ৮–১০ খাটম (সম্পূৰ্ণ আবৃত্তি) সম্পূৰ্ণ কৰে। আছলামে কয়, "ইশ্বৰে যদি মোক দৃষ্টি দিয়ে, তেন্তে মই প্ৰথম চাব বিচৰা মুখখন হ’ল নৱাজ ভাইৰ।"
এই কাহিনীবোৰে ইয়াকে প্ৰমাণ কৰিছে যে, কেনেকৈ সুযোগ আৰু বিশ্বাসে জীৱন সলনি কৰিব পাৰে। ২০২৩-২৪ চনলৈকে নৱাজে বেংগালুৰুৰ হেন্নুৰৰ মাদ্ৰাছা-ই-নূৰত নিজৰ কাম সম্প্ৰসাৰণ কৰিছিল। তাত থকা অন্ধ শিশুসকলে ব্ৰেইলত শিক্ষা, সন্মান আৰু ধৰ্মীয় শিক্ষা লাভ কৰিছিল। কিন্তু ব্ৰেইল মাদ্ৰাছা অতি কম হোৱা বাবে নৱাজে দুখ প্ৰকাশ কৰিছে। সমগ্ৰ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, কাশ্মীৰ, কলকাতা, আৰু গুজৰাটত মাত্ৰ কিছু সংখ্যকহে ব্ৰেইল মাদ্ৰাছা আছে। নাৱাজে কয়, “এয়া এক অতি পৰিতাপৰ কথা যে, ইমান কম প্ৰতিষ্ঠানে অন্ধ শিশুসকলক সঠিকভাৱে সেৱা আগবঢ়াই আছে।”
'অন্ধৰ দ্বাৰা, অন্ধৰ বাবে' এই ধাৰণাটোৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছিল উমাং ফাউণ্ডেশ্যনছ অৱ দ্য ব্লাইণ্ড। এই ফাউণ্ডেশ্যনছৰ নাছিৰ খান, মুজাহিদ পাছা, আমজাদ দলভি, হাইদৰ, ঘৌছিয়া, ছুমাইয়া, আৰু খালিদ মুঠ সাতজন অন্ধ ট্ৰাষ্টী আছে। ইয়াৰে অন্যতম প্ৰেৰণাদায়ক সদস্য হৈছে অনুষা। মমতাৰে ভৰা হৃদয়ৰ এইগৰাকী ২০ বছৰীয়া অ-মুছলমান মহিলাইও উমাঙৰ ট্ৰাষ্টী হিচাপে যোগদান কৰিছিল। নৱাজে গৌৰৱেৰে কয়, “তেওঁৰ যত্ন অতুলনীয়।"
জাতি-ধৰ্ম নিৰ্বিশেষে সকলো দৃষ্টিশক্তিহীন লোকৰ বাবে ২০২৫ চনৰ নৱেম্বৰ মাহত বেংগালুৰুৰ উমাং আৱাসিক কেন্দ্ৰ হিচাপে মুকলি হয়। মুছলমান ছাত্ৰ-ছাত্ৰীয়ে সঠিক তাজৱীদৰ সৈতে ব্ৰেইল আৰবী লিপিত কোৰাণ আয়ত্ব কৰিব পাৰিব। সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ অধীনত জীৱন দক্ষতা, কম্পিউটাৰ প্ৰশিক্ষণ, আৰু বৃত্তিমূলক শিক্ষা লাভ কৰিব।
চৈয়দ নৱাজৰ ছাত্ৰসকল
নৱাজে প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়: নিৰ্দেশনা অবিহনে বহু অন্ধ ব্যক্তিয়ে নিজৰ ধৰ্মৰ সৈতে সংযোগ হেৰুৱাই পেলাইছিল, আনকি কোনো কোনোৱে ধৰ্মান্তৰিতও হৈছিল। এয়া 'চাদকা-ই-জাৰিয়া' বুলি উল্লেখ কৰি নৱাজে ঘোষণা কৰে, "ই ছূৰা আবাছাৰ পৰা অনুপ্ৰাণিত হৈ চলি থকা দান-বৰঙণি, য’ত আল্লাহে অন্ধ সংগী আব্দুল্লা ইবনে উম্ম মাকটুমক অগ্ৰাধিকাৰ দিয়াৰ আদেশ দিছে।"
কোৰাতুলাইন আব্দুল লতিফ আৰু ছফিয়া আব্দুল হামিদৰ সহযোগত প্ৰতিষ্ঠা কৰা মাদ্ৰাছা-ই-নুৰত দুবছৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩৫ৰ পৰা ৭০লৈ বৃদ্ধি পাইছিল। আত্মাক আলোড়িত কৰা নাট, নিখুঁত তাজৱীদৰ সৈতে তিলাৱাট কৰা আৰু শক্তিশালী ভাষণে তেওঁলোকৰ প্ৰতিভাক প্ৰতিফলিত কৰি আহিছে। নৱাজে জোৰ দি কয়, "তেওঁলোকক কৰুণাৰ প্ৰয়োজন নাই। তেওঁলোকক সুযোগৰহে প্ৰয়োজন।"
নাৱাজে তেওঁলোকক কোনো উচ্চমানৰ ব্যক্তি হিচাপে নহয়, অংশীদাৰ হিচাপেহে শিকাই আহিছে। তেওঁ কয়, "আমি তেওঁলোকক শিকাবলৈ আহিছিলো, কিন্তু তেওঁলোকে আমাক ধৈৰ্য্য আৰু জীৱনটোক নতুনকৈ চোৱাৰ ধৰণ শিকাইছে।" উমাঙে ধৰ্মীয় শিক্ষাৰ সৈতে আধুনিক শিক্ষাৰ সংমিশ্ৰণ, স্বাধীনতা আৰু মৰ্যাদা নিশ্চিত কৰাৰ এই অভিযানক আগুৱাই লৈ গৈছে।
নৱাজে প্ৰমাণ কৰি দেখুৱাইছে যে, প্ৰকৃত দৃষ্টি চকুত নহয়, সহানুভূতিতহে থাকে। মুম্বাইৰ এটা হলত চকুলোৰে আৰম্ভ হোৱা তেওঁৰ অভিযান এতিয়া দৃষ্টিহীন লোকৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনা আন্দোলনলৈ পৰিণত হৈছে। তেওঁ প্ৰমাণ কৰিছে যে, আন্ধাৰৰ মাজতো নতুন সুৰুজৰ উদয় হ’ব পাৰে।