দিব্যাংগ খেলুৱৈ শীতল দেৱীৰ ইতিহাসঃ শাৰীৰিকভাৱে সক্ষম ভাৰতীয় জুনিয়ৰ আৰ্চাৰী দলত স্থান লাভ

Story by  atv | Posted by  [email protected] • 1 Months ago
দিব্যাংগ খেলুৱৈ শীতল দেৱী
দিব্যাংগ খেলুৱৈ শীতল দেৱী
 
নতুন দিল্লী

হাত নথকা বিশ্বৰ একমাত্ৰ পেৰা আৰ্চাৰ শীতল দেৱীয়ে আগন্তুক আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাৰ বাবে শাৰীৰিকভাৱে সক্ষম ভাৰতীয় ৰাষ্ট্ৰীয় দলত অংশ লোৱাৰ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচিছে। ইয়াৰ লগে লগে সমগ্ৰ বিশ্বই এই ১৯ বছৰীয়া যুৱতীগৰাকীৰ স্বপ্ন পূৰণ কৰাৰ সাহস আৰু সপোন বাস্তৱায়িত কৰাৰ পৰিশ্ৰমক ভূয়সী প্ৰশংসা কৰিছে।
 
জম্মুৰ কিষ্টৱাৰ জিলাৰ এখন সৰু পাহাৰীয়া গাঁৱৰ বাসিন্দা শীতলে ইতিমধ্যে সকলো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় পেৰা-আৰ্চাৰী প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ২০২৪ চনৰ পেৰিছ পেৰা অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।

১০-১৫ ডিচেম্বৰত  ছৌদি আৰৱৰ জেদ্দাহত অনুষ্ঠিত এছিয়া কাপৰ তৃতীয় পৰ্যায়ৰ বাবে ভাৰতৰ শাৰীৰিকভাৱে সক্ষম দল (India's junior able-bodied team)ৰ হৈ খেলি তেওঁ ছোনিপাটৰ বাছনি পৰীক্ষাত তৃতীয় স্থান লাভ কৰে। বাহুবিহীন হৈ জন্মগ্ৰহণ কৰা শীতলে নিজৰ ভৰি আৰু চুলিৰ সহায়ত শ্বুটিং কৰে আৰু এটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় পেৰা এথলীট হয়।

ভাৰতৰ শাৰীৰিকভাৱে সক্ষম দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি পদক জয় কৰাৰ সপোনৰ বিষয়ে শীতল দেৱীয়ে এক হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰিছে।বিখ্যাত ক্ৰীড়া বিশ্লেষক হৰ্ষ ভোগলেৰ প্ৰতিক্ৰিয়াও সমানেই স্পৰ্শকাতৰ আছিল।