নতুন দিল্লী
২০২৬ চনৰ ফিফা বিশ্বকাপক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীৰ মাজত ব্যাপক উত্তেজনা বিৰাজ কৰিছে। ১১ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোক কেন্দ্ৰ কৰি আৰম্ভ হ’বলগীয়া এই মহাকাব্যিক প্ৰতিযোগিতাখনৰ বাবে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই তেওঁলোকৰ ২৬ জনীয়া চূড়ান্ত দল ঘোষণা কৰিছে। দলৰ মুখ্য প্ৰশিক্ষক লিওনেল স্কালোনিয়ে ঘোষণা কৰা এই তালিকাত অভিজ্ঞ খেলুৱৈৰ লগতে নতুন প্ৰতিভাকো সুযোগ দিয়া হৈছে।
দলৰ নেতৃত্বৰ দায়িত্বত থাকিব কিংবদন্তি ফুটবল খেলুৱৈ লিওনেল মেছি। ৩৮ বছৰীয়া এই তাৰকা খেলুৱৈগৰাকীৰ বাবে এইটো হ’ব ষষ্ঠটো বিশ্বকাপ। ইণ্টাৰ মায়ামিৰ হৈ খেলাৰ সময়ত বাওঁফালৰ হেমষ্ট্ৰীংত আঘাত পোৱা স্বত্বেও, মেছি দলৰ মূল শক্তি হিচাপে অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাক খিতাপ জিকাই দিয়াৰ ক্ষেত্ৰত মেছিয়ে সাতটা গ’ল আৰু তিনিটা সহায়কাৰী গ’লৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মহাযুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে নিজৰ প্ৰস্তুতি তুংগত ৰখাৰ লক্ষ্য লৈছে । স্কালোনিৰ শিষ্যসকলে ৬ জুনত হন্দুৰাছ আৰু ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে দুখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ মেচ খেলিব। এই মেচ দুখনৰ পিছতে দলটোৱে কানছাছ চিটিত নিজৰ বেইচ কেম্প স্থাপন কৰিব।
ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ ‘জে’-ত স্থান পোৱা আৰ্জেণ্টিনাই ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচ খেলি বিশ্বকাপ অভিযানৰ শুভাৰম্ভ কৰিব । গ্ৰুপৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক্ৰমে অষ্ট্ৰিয়া আৰু জৰ্ডানৰ দৰে দলৰ মুখামুখি হ’ব।
গ’লৰক্ষক : এমিলিয়ানো মাৰ্টিনেজ, জেৰোনিমো ৰুলি আৰু হুৱান মুছো।
ডিফেণ্ডাৰ্ছ : গঞ্জালো মন্টিয়েল, নাহুৱেল মলিনা, লিছান্দ্রো মাৰ্টিনেজ, নিকোলাছ অটামেন্দি, লিঅ’নাৰ্ডো ব্যালার্ডি, ক্রিষ্টিয়ান ৰোমেৰো, নিকোলাছ টাগলিয়াফি’কো, ফাকুন্দো মেডিনা।
মিড ফিল্ডাৰ্ছ : জিওভানি লো চেলছো, লিয়েন্দ্ৰো পারেদেছ, ৰড্রিগো ডি পল, এক্সেকুয়েল পালাচিঅ’ছ, এনজো ফাৰ্নান্দেজ, এলেক্সিস মেক এলিষ্টাৰ, ভেলেন্টিন বার্কো।
ফৰৱাৰ্ড : লিওনেল মেছি, নিকোলাছ গঞ্জালেজ, জুলিয়ানো ছিমিওনে, লাউতাৰো মাৰ্টিনেজ, হোজে মেনুৱেল লোপেজ, জুলিয়ান আলভাৰেজ, থিয়াগো আলমাডা, নিকো পাছ।
উল্লেখযোগ্য যে, বিশ্বকাপৰ এই খিতাপ বৰ্তাই ৰাখিবলৈ আৰ্জেণ্টিনাৰ এই দলটো কিমান সফল হ’ব, সেয়া এতিয়া সময়তহে লক্ষণীয় হ’ব।