ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে চৰ্দাৰ বল্লভভাই পেটেলক শপত গ্ৰহণ কৰাই থকা মুহূৰ্তত
                                
                                    
	 
	ছাকিব ছালিম
	 
	টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ (টিআইএছএছ) অধ্যাপক আব্দুল শ্বাবানে ভাৰতৰ চহৰসমূহৰ বিষয়ে এটা বেদনাদায়ক সত্য ব্যাখ্যা কৰিছে।
	 
	তেওঁ কয়, “দাঙ্গা, দূৰ্বল অৰ্থনৈতিক অৱস্থা, গৃহ নিৰ্মাণৰ বজাৰত বৈষম্যৰ ভয়ৰ বাবে মুছলমানসকলে পুৰণি চহৰৰ অঞ্চল বা গেট’ (এখন নগৰৰ এনে এটা অংশ য’ত একেটা মানৱগোষ্ঠীৰ, একে ধৰ্মৰ লোকে দৰিদ্ৰতাৰ কৱলত বাস কৰে)ত থাকিবলৈ বাধ্য হৈছে। এই ঠাইবোৰ প্ৰায়ে অনুন্নত আৰু ভয়ৰে ভৰি থাকে।"
	 
	ভাৰতৰ মুছলমানসকলৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰা সাচাৰ কমিটীয়েও একেধৰণৰ পৰ্যবেক্ষণ কৰিছিল। ইয়াত কোৱা হৈছে যে যদিও গেট’ (ghettos)ত থাকিলে মুছলমানসকলে ইয়াৰ বৃহৎ সংখ্যাৰ বাবে নিৰাপত্তাৰ অনুভৱ কৰে, তথাপিও প্ৰকৃততে ই দীৰ্ঘম্যাদীভাৱে তেওঁলোকৰ ক্ষতি কৰে। এই কেন্দ্ৰীভূত অঞ্চলসমূহক পৌৰসভা আৰু চৰকাৰী কৰ্তৃপক্ষই প্ৰায়ে আওকাণ কৰে।
	 
	বিশুদ্ধ পানী, অনাময় ব্যৱস্থা, বিদ্যুৎ, বিদ্যালয়, চিকিৎসালয়, বেংক, ৰেচনৰ দোকান, পথ আৰু পৰিবহণৰ দৰে মৌলিক সা-সুবিধাসমূহ এই চুবুৰীয়া অঞ্চলত পোৱা নাযায়। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে মুছলমান মহিলাসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে, কিয়নো তেওঁলোকে এই সেৱাসমূহৰ বাবে তেওঁলোকৰ "নিৰাপদ" অঞ্চলসমূহৰ বাহিৰত খুব কমেই যায়। সমিতিয়ে সতৰ্ক কৰি দিয়ে যে মুছলমানসকলৰ ক্ৰমবৰ্ধমান গেট'ইজেশ্যনে (ghettoisation) ৰাজহুৱা জীৱনত তেওঁলোকৰ অংশগ্ৰহণ হ্ৰাস কৰিছে। ই এক অস্বাস্থ্যকৰ প্ৰৱণতা, যি ক্ৰমান্বয়ে বাঢ়ি গৈ আছে।
	 
	বেছিভাগ পণ্ডিত আৰু বিশ্লেষকে এই কথাত একমত যে মুছলমানসকলৰ বিচ্ছিন্নকৰণে (ghettoisation) ভাৰতৰ বৃহত্তম ধৰ্মীয় সংখ্যালঘুৰ বিকাশত গুৰুতৰ প্ৰভাৱ পেলাইছে। স্বাধীনতাৰ বহু আগতেই, ২০ শতিকাৰ আৰম্ভণিতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল, যেতিয়া সঘনাই হিন্দু-মুছলমান দাঙ্গাই বিশেষকৈ চহৰ অঞ্চলত ভয় আৰু বিভাজনৰ সৃষ্টি কৰিছিল।
	 
	মোৰাৰজী দেশাই আৰু চৌধুৰী চৰণ সিঙৰ সৈতে চৰ্দাৰ বল্লভভাই পেটেল
	 
	মানুহবোৰ পৃথক পৃথক অঞ্চললৈ যাবলৈ ধৰিছিল — হিন্দুৰ মাজত হিন্দু, আৰু মুছলমানৰ মাজত মুছলমান। ১৯৪৭ চনৰ বিভাজনৰ পিছত এই বিচ্ছেদ আৰু অধিক শক্তিশালী হৈ উঠিছিল। মুছলমানসকলে “নিজৰ মানুহৰ” মাজত থাকিবলৈ পছন্দ কৰিছিল আৰু বহু হিন্দুৱে নিজৰ ওচৰ-চুবুৰীয়াত মুছলমানক ৰাখিবলৈ অনিচ্ছুক আছিল।
	 
	ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু আন বহু নেতাই ইয়াক স্বাভাৱিক বুলি গণ্য কৰিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে মুছলমানসকলৰ নিজৰ “নিৰাপদ স্থান”ত বাস কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু চৰ্দাৰ বল্লভভাই পেটেলে এই ক্ষেত্ৰত তীব্ৰ মতানৈক্য প্ৰকাশ কৰে। আৰম্ভণিৰে পৰাই তেওঁ একচেটিয়া সম্প্ৰদায়ভিত্তিক বাসস্থানৰ ধাৰণাটোৰ বিৰোধিতা কৰিছিল। তেওঁ সকীয়াই দিয়ে যে এনে চিন্তাৰ ফলত বিচ্ছিন্নকৰণ হ’ব আৰু মুছলমানসকল মূলসুঁতিৰ জাতীয় জীৱনৰ অংশ হোৱাৰ পৰা বিৰত থাকিব।
	 
	বিভাজনৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত হিন্দু আৰু মুছলমান শৰণাৰ্থীসকল গতিশীল হৈ থকাৰ সময়তে দিল্লীয়ে গৃহ নিৰ্মাণৰ এক বৃহৎ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৯৪৭ চনৰ ২১ নৱেম্বৰত নেহৰুৱে পেটেললৈ পত্ৰ লিখিছিল যে পাকিস্তানলৈ যোৱাসকলে খালী কৰা মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত অমুছলমান (non-muslims)ক ঘৰ দিব নালাগে। এনে হ’লে মুছলমানসকলে নিজকে অসুৰক্ষিত অনুভৱ কৰিব বুলি নেহৰুৱে আশংকা কৰিছিল।
	 
	চৰ্দাৰ পেটেলে উত্তৰত কয় যে তেওঁ চহৰত মুছলমান আৰু হিন্দুৰ পকেট সৃষ্টিৰ বিৰোধিতা কৰে। তেওঁৰ মতে এনে পৃথকীকৰণে ঘৃণা বৃদ্ধি কৰিব আৰু সামাজিক যোগাযোগ হ্ৰাস কৰিব। পেটেলে এই কথাত সন্মত হৈছিল যে চৰকাৰে নতুন বাসিন্দাসকলৰ পটভূমি পৰীক্ষা কৰিব লাগে — কিন্তু তেওঁলোকৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি, ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়।
	 
	১৯৪৭ চনৰ ৯ ডিচেম্বৰত পেটেলে কে চি নিয়োগী (K. C. Niyogi)লৈও পত্ৰ লিখিছিল, যিয়ে শৰণাৰ্থী আৰু দাঙ্গাৰ বলি হোৱা লোকক চম্ভালিবলৈ কেৱল একে ধৰ্মৰ চৰকাৰী কৰ্মচাৰী আৰু আৰক্ষী বিষয়াক নিয়োগ কৰাৰ পৰামৰ্শ দিছিল। পেটেলে এই ধাৰণাটো দৃঢ়তাৰে নাকচ কৰি কয় যে ইয়াৰ ফলত সাম্প্ৰদায়িক বিভাজন গভীৰ হ’ব। তেওঁ বিশ্বাস কৰিছিল যে চৰকাৰে কেতিয়াও ধৰ্মীয় পৃথকীকৰণক সমৰ্থন বা উৎসাহ দিব নালাগে।
	 
	চৰ্দাৰ বল্লভভাই পেটেল
	 
	বহু সমালোচকে চৰ্দাৰ পেটেলক মুছলমান বিৰোধী বুলি ভুল অভিযোগ উত্থাপন কৰিছে যদিও তেওঁৰ লেখা আৰু কৰ্মই এক পৃথক কাহিনী কয়। ১৯৪৭ চনৰ ৫ ছেপ্টেম্বৰত ড° ৰাজেন্দ্ৰ প্ৰসাদে পেটেলক চিঠি লিখি দিল্লীত মুছলমান আৰক্ষীৰ সংখ্যা হ্ৰাস কৰিবলৈ কয়, কিয়নো একাংশ হিন্দুৱে নিৰাপত্তা অনুভৱ কৰা নাছিল।
	 
	আত্মৰক্ষাৰ বাবে হিন্দুসকলক অস্ত্ৰ-শস্ত্ৰ দিয়াৰ লগতে মুছলমান অস্ত্ৰ ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবেও তেওঁ পৰামৰ্শও আগবঢ়ায়।
	 
	কিন্তু চৰ্দাৰ পেটেলে এই প্ৰস্তাৱ নাকচ কৰিলে। তেওঁ কয় যে মুছলমান আৰক্ষী বিষয়াসকল স্থায়ী কৰ্মচাৰী আৰু তেওঁলোকে পাকিস্তানলৈ যাবলৈ সিদ্ধান্ত নোলোৱা পৰ্যন্ত তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰি। অস্ত্ৰ সন্দৰ্ভত পেটেলে সকীয়াই দিয়ে যে অস্ত্ৰ-শস্ত্ৰ কাকো মুক্তভাৱে বিতৰণ কৰিব নালাগে, কিয়নো ইয়াৰ অপব্যৱহাৰ মুছলমানৰ বিৰুদ্ধেও হ’ব পাৰে।
	 
	পেটেলে কৈছিল যে ভাৰতৰ শক্তি বিচ্ছিন্নতাত নহয়, ঐক্য আৰু সহাৱস্থানতহে আছিল। তেওঁৰ মতে হিন্দু আৰু মুছলমানে একেলগে জীয়াই থাকিব লাগিব, কাম কৰিব লাগিব, ইজনে সিজনক সেৱা কৰিব লাগিব — তেতিয়াহে ধৰ্মনিৰপেক্ষ ভাৰতৰ ধাৰণাটো জীয়াই থাকিব।
	 
	তেওঁৰ দৃষ্টিভংগী মহাত্মা গান্ধীৰ দৃষ্টিভংগীৰ সৈতে মিলি গৈছিল, যিয়ে এবাৰ হিন্দু জনতাৰ দ্বাৰা স্বামীক হত্যা কৰা এগৰাকী মুছলমান মহিলা আনিছ কিডৱাক হিন্দু শৰণাৰ্থীসকলক সেৱা কৰিবলৈ কৈছিল। গান্ধীয়ে বিশ্বাস কৰিছিল যে কেৱল মানৱীয় সম্পৰ্কৰ জৰিয়তে সাম্প্ৰদায়িক ঘৃণাক পৰাভূত কৰিব পাৰি।
	 
	চৰ্দাৰ পেটেলে ১৯৪৭ চনৰ পৰাই আগতেই অনুমান কৰিছিল যে মুছলমানসকলক বিচ্ছিন্নকৰণে তেওঁলোকৰ সকলোতকৈ বেছি ক্ষতি কৰিব। তথাপিও সেই সময়ত তেওঁৰ কথাবোৰ মানুহে ভুলকৈ বুজিছিল। আনকি কিছুমানে ইয়াক মুছলমান বিৰোধী বুলিও কৈছিল। কিন্তু পেটেলৰ দৃষ্টিভংগী আছিল স্পষ্ট আৰু সৰ্বাংগীন।
	 
	১৯৪৯ চনত হায়দৰাবাদত ভাষণ দি তেওঁ কৈছিল- মুছলমানসকল বিদেশী নহয়, তেওঁলোক আমাৰ মাজৰে এজন। গান্ধীজীয়ে সদায় কৈছিল যে যদি আমি প্ৰকৃত স্বৰাজ্য বিচাৰো তেন্তে অস্পৃশ্যতা আঁতৰাই হিন্দু-মুছলমানক একত্ৰিত কৰিব লাগিব।
	 
	(এই প্ৰতিবেদনটো চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হৈছে)