২২ দিনৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হ'ল বৈষ্ণো দেৱী যাত্ৰা

Story by  atv | Posted by  [email protected] • 1 Months ago
বৈষ্ণো দেৱী মন্দিৰ
বৈষ্ণো দেৱী মন্দিৰ
 
নতুন দিল্লী

মাতা বৈষ্ণো দেৱী ধামত পুনৰপ্ৰতিধ্বনিত হৈছে ‘জয় মাতা দি’ ধ্বনি। ৩ সপ্তাহৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা। একেৰাহে ২২ দিন বন্ধ হৈ থকা মা বৈষ্ণো দেৱী যাত্ৰা ১৭ ছেপ্টেম্বৰ বুধবাৰৰ পৰা ভক্তসকলৰ বাবে পুনৰ আৰম্ভ হৈছে।

অৱশ্যে বতৰে বিধি-পথালি দিলে ততালিকে স্থগিত ৰখা হ’ব এই যাত্ৰা। উল্লেখযোগ্য যে, ভূমিস্খলনৰ ঘটনাৰ পিছত ২৬ আগষ্টৰ পৰা বৈষ্ণো দেৱী যাত্ৰা স্থগিত ৰখা হৈছিল। এই দুৰ্ঘটনাত ৩৪ জন ভক্ত নিহত হোৱাৰ বিপৰীতে ২০ জন আহত হৈছিল।
প্ৰথমে ১৪ ছেপ্টেম্বৰৰ পৰা এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ধাৰাবাহিক বৰষুণৰ বাবে যাত্ৰা পিছুৱাই দিয়া হয়। পলম হোৱাত হতাশ হৈ একাংশ ভক্তই কাটৰাৰ বঙাংগা দৰ্শনী গেটত নিৰাপত্তা বেষ্টনী ভংগ কৰাৰ চেষ্টাও কৰে।

পৰিস্থিত নিয়ন্ত্ৰণ কৰি আজি পুৱা অনুকূল বতৰৰ বাবে শ্ৰাইন ব’ৰ্ডে পুনৰ তীৰ্থযাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। লগে লগে কাটৰা চহৰত থকা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ মুখত হাঁহি বিৰিঙি উঠে। পুৱাই বঙাইগা দৰ্শনী গেটত ভক্তৰ সমাগম হয়, আৰু "জয় মাতা দি" ধ্বনিৰে তীৰ্থযাত্ৰা আৰম্ভ কৰে।