কালী পূজা আৰু দীপাৱলীৰ উমৈহতীয়া বাৰ্তা

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
অপৰ্ণা দাস / গুৱাহাটী
 
প্ৰতি বছৰে শীতৰ আগমনৰ লগতে সমগ্ৰ দেশতে আৰম্ভ হয় পোহৰৰ উৎসৱৰ প্ৰস্তুতি। সেই সময়ত বংগৰ প্ৰতিখন ঘৰেই কালী পূজাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰে। সমগ্ৰ ৰাজ্যখন চাকি, ধূপ আৰু ফুলেৰে আলোকিত হৈ পৰে। বংগত এই উৎসৱ কেৱল ধৰ্মীয়  উৎসৱ হৈ থকা নাই, বৰং ই সংস্কৃতিৰ মাজত গভীৰভাৱে শিপাই থকা এক পৰম্পৰা হৈ পৰিছে।
 
একেদৰে আনন্দ আৰু সমৃদ্ধিৰ প্ৰতীক পোহৰৰ উৎসৱ দীপাৱলী উত্তৰ ভাৰততো একে সময়তে পালন কৰা হয়। অযোধ্যাৰ পৰা দিল্লী, লক্ষ্ণৌৰ পৰা জয়পুৰ; সকলোতে দীপাৱলীৰ চাকিয়ে  শুভ শক্তিৰ বিজয়ৰ বাৰ্তা বিয়পাই আহিছে।  
 
অযোধ্যাত চাকি জ্বলাই দীপাৱলী উদযাপন
 
এই দুয়োটা উৎসৱে ইটো আনটোৰ সৈতে সংলগ্ন হৈ আছে; এফালে শক্তিৰ পূজা আৰু আনফালে পোহৰৰ পূজা। যদিও কালী পূজা মূলতঃ বংগৰ বুকুত স্থান পাইছে আনফালে আকৈ দীপাৱলীয়ে উত্তৰ ভাৰতৰ আত্মাত স্থান দখল কৰি আহিছে। তথাপিও দুয়োৰে মতাদৰ্শ একে; অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ বিজয়। একে সময়তে উদযাপন কৰা এই দুটা উৎসৱ দেখাত একে হ’লেও ইয়াৰ উৎপত্তি আৰু পৌৰাণিক কাহিনী সম্পূৰ্ণ পৃথক।  
 
কালী পূজাৰ উৎপত্তি, পৌৰাণিক কাহিনী আৰু তাৎপৰ্য
 
পৌৰাণিক কাহিনী অনুসৰি দেৱী কালী হৈছে মাতৃ দুৰ্গাৰ ভয়ংকৰ ৰূপ। যেতিয়া দেৱতা আৰু অসুৰৰ যুদ্ধত অশুভ শক্তিয়ে অসীম শক্তি লাভ কৰিছিল, তেতিয়া দেৱতাসকলে দেৱী দুৰ্গাৰ পৰা সহায় বিচাৰিছিল। তাৰ পিছত দেৱী দুৰ্গাই নিজৰ কপালৰ পৰাই কালীক জন্ম দিছিল - ক'লা ৰঙৰ, চাৰিহাতীয়া, ডিঙিত মূৰৰ খোলাৰ মালা পিন্ধি, জিভাখন ওলাই থকা, হাতত তৰোৱাল আৰু অসুৰৰ মূৰ। যুদ্ধত কালীয়ে নিজৰ ভয়ংকৰ ৰূপত অসুৰ সৈন্যক বধ কৰি নাশ কৰিছিল। অসুৰৰ তেজৰ টোপালৰ পৰা অগণন নতুন অসুৰ সৃষ্টি কৰিবলৈ ধৰিছিল। কালীয়ে নিজৰ ভয়ংকৰ ৰূপত অসুৰৰ তেজৰ বীজটো বধ কৰি জিভাৰে তাৰ তেজ  শুহি খাইছিল, যাতে পুনৰ অসুৰৰ জন্ম নহয়। অৱশ্যে অত্যন্ত উন্মাদ হৈ পৰা কালীয়ে পৃথিৱীখন ধ্বংস কৰি পেলাইছিল। তেতিয়া শিৱ নিজেই কালীৰ সন্মুখত শুই পৰিছিল। যেতিয়া কালীয়ে শিৱৰ শৰীৰত ভৰি দিছিল তেতিয়া নিজে লাজতে জিভাখন উলিয়াই দিয়াৰ লগে লগে কালী সাৰ পাই উঠিছিল; এই ভংগীমাত তেওঁক দক্ষিণকালী বুলি পূজা কৰা হয়।  
 
দক্ষিণকালী ৰূপত মা কালী
 
বংগত কালী পূজাৰ প্ৰথা তুলনামূলকভাৱে নতুন। ইতিহাসবিদসকলৰ মতে, ১৮ শতিকাৰ মাজভাগত নৱদ্বীপৰ ৰজা কৃষ্ণচন্দ্ৰ ৰায়ে প্ৰথমে নিজৰ ৰাজপ্ৰসাদত অতি বিশালকৈ কালী পূজাৰ আয়োজন কৰিছিল। তেতিয়াৰ পৰাই সমগ্ৰ বংগত এই পূজা জনপ্ৰিয় হৈ পৰিছিল। লাহে লাহে ই কেৱল ৰাজ পৰিয়াললৈ নহয়, সাধাৰণ মানুহৰ ঘৰলৈও বিয়পি পৰিছিল। অৱশ্যে তাৰ বহু আগতেই দেৱী কালীৰ পূজা প্ৰচলিত আছিল। প্ৰাচীন তন্ত্ৰ আৰু শাক্ত ধৰ্মত কালীক 'আদি শক্তি' বা 'প্ৰকৃতিৰ আদি শক্তি' বুলি কোৱা হয়। কালী পূজা হৈছে তান্ত্ৰিক শক্তি পূজাৰ এক প্ৰকাৰ, যি কালক্ৰমত লোকধৰ্মৰ লগত মিলি গৈছে। 
 
প্ৰকৃততে কালী পূজা কেৱল ক্ষমতাৰ পূজা নহয়, অজ্ঞানতা, অন্ধকাৰ আৰু অশুভ শক্তিৰ বিনাশৰ প্ৰতীক। দেৱী কালীয়ে শিক্ষা দিয়ে যে ধ্বংসো সৃষ্টিৰ এক ৰূপ, কাৰণ ধ্বংসৰ দ্বাৰা নতুন শক্তি আৰু পবিত্ৰতাৰ জন্ম হয়। বংগত সাধাৰণতে অমাৱস্যাৰ নিশা কালী পূজা অনুষ্ঠিত হয়, যিয়ে প্ৰতীকীভাৱে আন্ধাৰৰ শেষত পোহৰৰ জন্মৰ সংকেত দিয়ে।  
 
দীপাৱলীৰ উৎপত্তি, পৌৰাণিক কাহিনী আৰু তাৎপৰ্য
 
দীপাৱলী শব্দৰ অৰ্থ হৈছে পোহৰৰ শাৰী। বৈদিক যুগত উৎপত্তি হোৱা ভাৰতৰ অন্যতম পুৰণি উৎসৱ। ঐতিহাসিকভাৱে নতুন শস্যৰ বতৰৰ আৰম্ভণিতে কৃষক সমাজৰ বাবেও দীপাৱলী আনন্দৰ উৎসৱ আছিল। পুনৰ এই দিৱসটো ব্যৱসায়িক শ্ৰেণীৰ মাজত বিত্তীয় বৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰা হয়।
 
বংগত উদযাপন কৰা কালী পূজাৰ এক দৃশ্য
 
দীপাৱলীৰ লগত জড়িত কেইবাটাও পৌৰাণিক কাহিনী আছে। ইয়াৰে আটাইতকৈ জনপ্ৰিয় কাহিনীটো হৈছে, শ্ৰী ৰামচন্দ্ৰৰ অযোধ্যালৈ ঘূৰি অহা। ৰামায়ণৰ মতে, চৈধ্য বছৰ নিৰ্বাসন আৰু ৰাৱণৰ বধৰ পিছত ৰামচন্দ্ৰ পত্নী সীতা আৰু ভাতৃ লক্ষ্মণক লৈ অযোধ্যালৈ উভতি যায়। তেওঁৰ আগমনত সমগ্ৰ চহৰখন আনন্দিত হৈ পৰিছিল। ঘৰে ঘৰে মানুহে চাকি জ্বলাই অযোধ্যাক আলোকিত কৰিছিল। সেই দিনটোকে দীপাৱলী হিচাপে পালন কৰা হৈ আহিছে। 
 
আন এক জনপ্ৰিয় কাহিনী অনুসৰি ভগৱান শ্ৰীকৃষ্ণই আজিৰ দিনটোতে নৰকাসুৰক বধ কৰিছিল। নৰকাসুৰ আছিল প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ অসম)ৰ ৰজা, যিয়ে অসংখ্য মহিলাক কাৰাগাৰত ভৰাই থৈছিল। কৃষ্ণই তেওঁক হত্যা কৰি জগতক মুক্ত কৰিছিল, যাৰ বাবে দক্ষিণ ভাৰতত দেৱালীৰ প্ৰথম দিনটোক "নৰক চতুৰ্দশী" বুলিও কোৱা হয়। আনহাতে বৈষ্ণৱ ধৰ্মত এই দিনটো লক্ষ্মী পূজাৰ লগতো জড়িত। বিশ্বাস কৰা হয় যে, আজিৰ দিনটোতে সাগৰৰ মন্থনৰ ফলত ধন-সম্পত্তি আৰু সৌভাগ্যৰ প্ৰতীকস্বৰূপ লক্ষ্মী দেৱীৰ উন্মেষ ঘটিছিল। সেয়ে আশীৰ্বাদ আৰু সমৃদ্ধি বিচাৰি দীপাৱলীৰ দিনা প্ৰত্যেক ঘৰতে লক্ষ্মী পূজা কৰা হয়। 
 
প্ৰাচীন তন্ত্ৰ আৰু শাক্ত ধৰ্মৰ প্ৰতিনিধিত্বমূলক ছবি
 
দীপাৱলী কেৱল ধৰ্মীয় উৎসৱ নহয়; ই আশা, পোহৰ আৰু ঐক্যৰ প্ৰতীক। আন্ধাৰৰ পিছত পোহৰ, দুখৰ পিছত আনন্দ - এই চিৰন্তন সত্য প্ৰতিফলিত হৈছে দীপাৱলীৰ শিখাত। আজিও দীপাৱলীৰ নিশা মানুহে চাকি জ্বলাই আমাক সোঁৱৰাই দিয়ে যে, অপশক্তি যিমানেই  শক্তিশালী নহওঁক কিয়, শেষত জয় পোহৰৰে হ'ব।    
 
বৈসাদৃশ্যৰ মাজত সাদৃশ্য 
 
দুয়োটা উৎসৱৰ পৌৰাণিক কাহিনী বেলেগ বেলেগ, কিন্তু দুয়োটায়ে এক উমৈহতীয়া বাৰ্তা দিয়ে। দুয়োটা উৎসৱ পোহৰৰ প্ৰতীক; মূল ধাৰণাটো হ'ল আন্ধাৰক আতঁৰোৱা আৰু ভাল শক্তিৰ আগমনক আদৰণি জনোৱা। মানুহে ঘৰ পৰিস্কাৰ কৰে, চাকি জ্বলায়, নতুন কাপোৰ পিন্ধে আৰু আনন্দৰ ভাগ লয়। অৱশ্যে কালী পূজা হৈছে ভয়ংকৰ মাতৃ ৰূপৰ পূজা; যি ক্ষমতা, মৃত্যু আৰু মুক্তিৰ প্ৰতীক; য'ত দীপাৱলী হৈছে আনন্দ, সমৃদ্ধি আৰু নতুন আৰম্ভণিৰ উৎসৱ। বংগৰ সাংস্কৃতিক হৃদপিণ্ডত কালী পূজা গভীৰভাৱে শিপাই থকাৰ বিপৰীতে দীপাৱলী উত্তৰ ভাৰতৰ উৎসৱ হ'লেও আজি সমগ্ৰ দেশৰ এক সমাগমস্থলীত পৰিণত হৈছে।   
 
ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰাৰ প্ৰতিনিধিত্বমূলক ছবি
 
আজি এই উৎসৱবোৰ কেৱল ধৰ্মীয় ৰীতি-নীতিতে সীমাৱদ্ধ হৈ থকা নাই। চহৰৰ ৰাজপথ, বজাৰ, মন্দিৰ বা চোতালত আমি সকলোতে এক বেলেগ ধৰণৰ ঐক্য দেখিবলৈ পাওঁ। সেয়ে কালী পূজা আৰু দীপাৱলী কেৱল দেৱতাৰ পূজা নহয়, সম্প্ৰতি ই মানৱতাৰ উৎসৱৰ বিষয় হৈ পৰিছে। 
 
চাকিৰ পোহৰ: ধৰ্মীয় পৰিধি অতিক্ৰম কৰি ঐক্যৰ প্ৰতীক হৈ পৰিছে  
 
চাকি জ্বলোৱা সহজ কাৰ্য্য যদিও ই এক গভীৰ প্ৰতীকী কাৰ্য্য। দীপাৱলী আৰু কালী পূজা দুয়োটা উৎসৱতে চাকি প্ৰজ্বলন প্ৰধান অনুষ্ঠান, যিটো কেৱল পোহৰৰ উৎসৱৰ বাহ্যিক প্ৰকাশ নহয়, আধ্যাত্মিক জাগৰণৰো প্ৰতীক। পূৰ্বে উল্লেখ কৰা হৈছে যে, হিন্দু ধৰ্মত ই ভগৱান ৰামৰ অযোধ্যালৈ ঘূৰি অহা আৰু লক্ষ্মী দেৱীৰ আগমনৰ প্ৰতীক। পুনৰ জৈন ধৰ্মত মহাবীৰৰদ্বাৰা নিৰ্বাণ প্ৰাপ্তিৰ স্মৃতিত এই দিৱস পালন কৰা হয়, আৰু শিখ ধৰ্মতো গুৰু হৰগোবিন্দৰ মুক্তি দিৱস হিচাপে দীপাৱলীৰ অতি তাৎপৰ্য আছে। অৰ্থাৎ এই পোহৰৰ উৎসৱ ভাৰতৰ বহু ধৰ্ম আৰু জনগোষ্ঠীয়ে বিভিন্ন অৰ্থত একেলগে পালন কৰি আহিছে।  
 
আজিৰ ভাৰতত এই প্ৰতীকটোৱে এক বহল অৰ্থ লাভ কৰিছে। দীপাৱলী এতিয়া ধৰ্ম, জাতি, ৰীতি-নীতিৰ সীমা অতিক্ৰম কৰি জাতীয় ঐক্য আৰু মানৱতাৰ উৎসৱত পৰিণত হৈছে। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলোৱে একত্ৰিত হৈ নিজৰ ঘৰখন পোহৰাই তোলে আৰু আনন্দত অংশগ্ৰহণ কৰে। এইদৰে চাকি এতিয়া কেৱল পূজাৰ সামগ্ৰী হৈ থকা নাই, বৰঞ্চ সমগ্ৰ ভাৰতীয় জাতিৰ হৃদয় আলোকিত কৰা ঐক্য, সহাৱস্থান আৰু আশাৰ প্ৰতীক হৈ পৰিছে।  
 
চাকি জ্বলাই দীপাৱালী উদযাপনৰ এক দৃশ্য
 
আজি যেতিয়া সমাজখন বিভিন্ন বিভাজনৰ মাজেৰে পাৰ হৈ গৈ আছে, তেতিয়া কালী পূজা আৰু দীপাৱালীয়ে আমাক সোঁৱৰাই দিয়ে যে, পোহৰ কেতিয়াও এটা ধৰ্ম, এটা পৰম্পৰা, বা এটা অঞ্চলৰ সম্পত্তি নহয়। ই সাৰ্বজনীন। দেৱী কালীয়ে সাহস আৰু আত্মশক্তিৰ গুৰুত্বক শিকায়, আৰু দীপাৱলী উৎসৱে আশা আৰু সৌভাগ্যৰ জয়ৰ শিক্ষা দিয়ে। দুয়োটা উৎসৱৰ সাৰমৰ্ম একেই; আন্ধাৰ যিমানেই গভীৰ নহওঁক কিয়, এটা  চাকিয়ে সেই আন্ধাৰক ৰোধিব পাৰে।
 
এই উৎসৱবোৰৰ প্ৰকৃত তাৎপৰ্য কেৱল পূজা বা আনন্দ কৰাই নহয়, বৰঞ্চ আত্মজাগৰণ, সহাৱস্থান, আৰু মানৱতাৰ উদযাপন কৰাকহে বুজায়। গতিকে এই উৎসৱে আমাক শিকাইছে যে, যদি আমি পোহৰেৰে পৃথিৱীক আলোকিত কৰি ৰাখিব বিচাৰো, তেন্তে কেৱল চাকিৰে নহয়, মানুহৰ হৃদয় পোহৰেৰে উজ্বলাই তুলিব লাগিব।