‘কিং খান’ৰ শৈক্ষিক প্ৰতিভাই হতভম্ব কৰিলে অনুৰাগীক

Story by  atv | Posted by  [email protected] • 3 h ago
বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান
বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খান
 
আৱাজ দ্য ভইচ/নতুন দিল্লী
 
বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে বিশ্বজুৰি তেওঁৰ অভিনয়, তেওঁৰ চমকপ্ৰদ ব্যক্তিত্ব আৰু তেওঁৰ চুপাৰহিট ছবিৰ বাবে জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু বহুতেই হয়তু এই কথাটো নাজানে যে, এইগৰাকী ৰজাগৰাকী শিক্ষাৰ ক্ষেত্ৰটো কোনোপধ্যেই পিছ পৰি থকা নাছিল। শেহতীয়াকৈ সামাজিক মাধ্যমত তেওঁৰ পুৰণি কলেজ এখন মাৰ্কশ্বিট ভাইৰেল হৈ পৰাৰ পিছত অনুৰাগীসকল আচৰিত আৰু গৌৰৱান্বিত হৈ পৰিছে।
 
এক ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাইৰেল হৈ থকা মাৰ্কশ্বিটখন শ্বাহৰুখ খানৰ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সন্মানীয় হংসৰাজ কলেজৰ হয়। ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈ তেওঁ তাত অৰ্থনীতি বিষয়ত অধ্যয়ন কৰিছিল। মাৰ্কশ্বিটখন দেখাৰ লগে লগে অনুৰাগীসকলৰ মাজত আলোচনা তীব্ৰতৰ হৈ পৰিছিল। শ্বাহৰুখ খানৰ পঢ়া-শুনাৰ সৈতে জড়িত এই বিৰল দৃশ্যটো জনসাধাৰণে অতিশয় পছন্দ কৰিছে।

মাৰ্কশ্বিটখনৰ মতে, শ্বাহৰুখ খানে কেইবাটাও বিষয়ত ৯২ নম্বৰ লাভ কৰিছিল, যিটো কোনো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি আকৰ্ষণীয় বুলি গণ্য কৰা হয়। গণিত আৰু পদাৰ্থ বিজ্ঞানৰ দৰে কঠিন বিষয়ত তেওঁ ৭৮ - ৭৮ নম্বৰ লাভ কৰিছিল। ইংৰাজী বিষয়ত তেওঁৰ ৫১ নম্বৰ লাভ কৰিছিল, যিটো স্বাভাৱিক আছিল। কিন্তু অন্যান্য বিষয়ৰ উত্তীৰ্ণ নম্বৰবোৰে প্ৰমাণ কৰিছে যে, শ্বাহৰুখ কেৱল মঞ্চ আৰু কেমেৰাৰ সন্মুখতে নহয়, শ্ৰেণীকোঠাতো তেওঁৰ 'ষ্টাৰ পাৰফৰ্মেন্স'ৰ বাবে পৰিচিত আছিল।
 
আটাইতকৈ ডাঙৰ  কথাটো হ'ল যে, মাৰ্কশ্বীটত তেওঁৰ জন্ম তাৰিখ নৱেম্বৰ ২, ১৯৬৫ তালিকাভুক্ত হৈ আছে। যিখনত থকা পিতৃৰ নাম আৰু শ্বাহৰুখৰ পুৰণি ফটোখন সকলো প্ৰকৃত নথিপত্ৰৰ সৈতে মিলি গৈছে। ইয়াৰ ফলত অনুৰাগীসকলৰ বিশ্বাস আৰু অধিক শক্তিশালী হৈছিল যে, এই নথিখন তেওঁৰেই আছিল। ছ'চিয়েল মিডিয়াত মানুহে ধেমালি কৰি মন্তব্য কৰিছে যে, "বাদশ্বাহ পঢ়াতো শ্ৰেষ্ঠ আছিল। কেৱল আমিহে জনা নিছিলো!"
 
শ্বাহৰুখ খান
 
১৯৯২ চনত শ্বাহৰুখ খানে "দীৱানা" ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল। ছবিখনে বক্স অফিচত ছুপাৰহিট হৈছিল। ইয়াৰ লগতে হিন্দী চিনেমাই এনে এগৰাকী তাৰকা লাভ কৰিছিল, যিগৰাকীয়ে পিছলৈ উদ্যোগটোৰ  ৰূপ সলনি কৰি দিয়ে। ছবিত প্ৰৱেশ কৰাৰ পূৰ্বে শ্বাহৰুখে ইতিমধ্যে ফৌজী আৰু চাৰ্কাছৰ দৰে টিভি ধাৰাবাহিকৰ জৰিয়তে হৃদয় জয় কৰিছিল। শক্তিশালী শৈক্ষিক পটভূমি আৰু থিয়েটাৰ আৰু টিভিৰ প্ৰশিক্ষণে তেওঁক সেই আত্মবিশ্বাস প্ৰদান কৰিছিল, যিয়ে তেওঁক পৰৱৰ্তী সময়ত 'কিং খান' হিচাপে পৰিগণিত কৰিছিল।
 
ভাইৰেল মাৰ্কশ্বীটক লৈ অনুৰাগীসকলে উৎসাহেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজনে লিখিছে, "শ্বাহৰুখ সকলো ক্ষেত্ৰতে অসাধাৰণ হয়।" বহু অনুৰাগীৰ বাবে এই নথিখন কষ্ট আৰু নিষ্ঠাৰে অধ্যয়ন কৰা এজন ছাত্ৰই কেনেকৈ এদিন বলীউডত ৰাজত্ব কৰিব পাৰে তাৰ দলিল হৈ পৰিছে।