গুৱাহাটী
মেজিত অগ্নি সংযোগ কৰি পৰিয়ালৰ সৈতে চাহ-জলপান খাই ভোগালী বিহু উদযাপন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ পৰম্পৰা পালন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক জনালে ভোগালীৰ শুভেচ্ছা।
সামাজিক মাধ্যমত ভোগালী বিহু উদযাপনৰ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক জনালে বিহুৰ শুভেচ্ছা৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে, ‘‘অগ্নিং প্ৰজ্বলিতং বন্দে চাতুৰ্বণ্যং হুতাশনম্। সুবৰ্ণ-বৰ্ণমমলং জ্যোতিৰূপায়তে নমঃ মেজিৰ জুয়ে নাশ কৰক সকলোৰে অপায়-অমংগল, লৈ আহক কল্যাণৰ বতৰা৷ মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক আটাইলৈ পুনৰবাৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷’’
ৰিণিকি, নন্দিল আৰু মই আমাৰ বাসগৃহত মেজি জ্বলাই ৰাজ্যবাসীৰ সমৃদ্ধিৰ বাবে মেজিত সেৱা জনাই প্ৰাৰ্থনা কৰিলোঁ আৰু সুস্বাদু পিঠা-লাৰুৰ জুতি ল'লোঁ।