শিল্পী সমৰ হাজৰিকা, ধনদা পাঠকলৈ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

Story by  atv | Posted by  [email protected] • 2 h ago
শিল্পী সমৰ হাজৰিকা, ধনদা পাঠকলৈ ২০২৬ বৰ্ষৰ শিল্পী বঁটা
শিল্পী সমৰ হাজৰিকা, ধনদা পাঠকলৈ ২০২৬ বৰ্ষৰ শিল্পী বঁটা
 
গুৱাহাটী
 
অসম চৰকাৰে ২০২৬ বৰ্ষৰ বাবে শিল্পী বঁটা ঘোষণা কৰিছে। এই বঁটা লাভ কৰাসকলৰ ভিতৰত আছে প্ৰয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠক। ৰাজ্যখনৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰদান কৰা এই সন্মানে অসমৰ কলা, সাহিত্য, সংগীত, নাট্য, চলচ্চিত্ৰ আৰু সাংবাদিকতালৈ আগবঢ়োৱা অৱদানক সন্মানিত কৰে।
 
শিল্পী দিৱসৰ পূৰ্বে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই শুকুৰবাৰে এই ঘোষণা কৰে। শুকুৰবাৰে এক সংবাদমেলত তেওঁ বঁটা প্ৰাপক, পেঞ্চন প্ৰাপক আৰু হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰে।
 
সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত এক সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শিল্পী বঁটাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সন্মানীয় বঁটাৰ বিষয়ে ঘোষণা কৰে। ৰাজ্যখনৰ সাংস্কৃতিক আৰু সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই সন্মানীয় বঁটাসমূহ আগবঢ়োৱা হৈছে।
 
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি, সদ্য প্ৰয়াত ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ এই বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে। এই বঁটাৰ সৈতে নগদ ২ লাখ টকা প্ৰদান কৰা হ’ব। বিশিষ্ট সাহিত্যিক মনেশ্বৰ বৰাক সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।
 
ড০ অমলেন্দু চক্ৰৱৰ্তীক গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটাৰ বাবে আৰু বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকাক নটসূৰ্য ফণী শৰ্মা বঁটাৰ মনোনীত কৰা হৈছে। ইফালে ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰ বাবে নিৰ্বাচিত হৈছে অৰূপ মান্না। বিশিষ্ট সাংস্কৃতিক কৰ্মী অৱনী ৰঞ্জন পাঠকক প্ৰদান কৰা হ’ব এই বৰ্ষৰ বিজু ফুকন বঁটা।
 
চৰকাৰে বঁটাৰ লগতে শিল্পীসকলৰ কল্যাণৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ১৭৬ গৰাকী শিল্পীক বছৰি ৮ হাজাৰ টকাকৈ বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰা হ’ব। এই সন্মানৰ বাবে নিৰ্বাচিত শিল্পীৰ ভিতৰত ৩ গৰাকী বিশেষভাৱে সক্ষম শিল্পী থাকিব।
 
একেদৰে ৮৬ গৰাকী জ্যেষ্ঠ শিল্পীলৈ শিল্পী পেঞ্চন আগবঢ়োৱা হ’ব (৩ গৰাকী বিশেষভাৱে সক্ষম)। লগতে ২৬ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ফেমিলি পেঞ্চন দিয়া হ’ব। ইফালে, ৫ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।