আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ'ল বিজয় দেৱেৰাকোণ্ডা-ৰশ্মিকা মান্দান্না

Story by  atv | Posted by  [email protected] • 1 h ago
আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ'ল বিজয় দেৱেৰাকোণ্ডা-ৰশ্মিকা মান্দান্না
আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ'ল বিজয় দেৱেৰাকোণ্ডা-ৰশ্মিকা মান্দান্না
 
নতুন দিল্লী
 
দক্ষিণ ভাৰতীয় ছবিজগতৰ জনপ্ৰিয় যুটী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাই আজি আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হৈছে। তেওঁলোকৰ এই বিশেষ দিনটোত অনুৰাগীৰ লগতে চিনেমা জগতৰ বন্ধু-বৰ্গই শুভেচ্ছা জনাইছে।
 
তেওঁলোকৰ অতি জনপ্ৰিয় ছবি 'গীতা গোবিন্দম'ৰ প্ৰযোজক বানী বাসে নৱ-দম্পতীটোক অভিনন্দন জনাই কয়, "তোমালোক একেলগে থাকিলে সঁচাকৈয়ে যাদুৰ সৃষ্টি হয়।"
 
প্ৰযোজক বানী বাসে (Bunny Vas) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ বিবাহ উপলক্ষে তেওঁলোকৰ জনপ্ৰিয় ছবি 'গীতা গোবিন্দম'ৰ এটা দৃশ্য শ্বেয়াৰ কৰি এক আৱেগিক বাৰ্তা লিখিছে। "মোৰ 'গীতা গোবিন্দম' (বিজয় আৰু ৰশ্মিকা), তোমালোকে চিৰদিনৰ বাবে ইজনে সিজনক সংগী হিচাপে বাছি লোৱা দৃশ্যটো মোৰ বাবে অতি বিশেষ। বিজয়, তোমাৰ কামৰ প্ৰতি থকা উছাহ আৰু আনুগত্য... আৰু ৰশ্মিকা, তোমাৰ উদাৰতা আৰু নিৰ্মল হৃদয়... তোমালোক দুয়ো একেলগে থাকিলে সঁচাকৈয়ে যাদুৰ সৃষ্টি হয়।"
ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা— এই দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হ’ব৷ পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে আবেলিলৈ কোডাভা পৰম্পৰাৰে বিয়াত বহিব দুয়ো।
 
বিয়াৰ আনুষ্ঠানিকতাৰ পিছত তেওঁলোকে অহা ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে৷ দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই দক্ষিণৰ এই জনপ্ৰিয় তাৰকা যুটীটোৱে আজিৰ পৰা জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ কৰিলে।