নতুন দিল্লী
বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু পৰিচালক আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জে বক্স অফিচত অভিলেখ ভংগকাৰী ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। মুক্তিৰ মাত্ৰ তিনিদিনৰ ভিতৰতে বিশ্বজুৰি ২৫০০ কোটিৰ সীমা অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে।
ভাৰতত তৃতীয় দিন অর্থাৎ শনিবাৰে ছবিখনে ১১৩ কোটি টকা উপার্জন কৰে । আৰু হিন্দী সংস্কৰণে ১০৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ ফলত ছবিখনৰ মুঠ ঘৰুৱা বক্স অফিচ সংগ্রহ হৈছে ৩৩৯.২৭ কোটি টকা। মাত্র তিনিদিনতে ২৩০০ কোটিৰ সীমা অতিক্ৰম কৰে ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জে। এই সকলোবোৰ মাজতে ‘ধুৰন্ধৰ ২’ক লৈ শিখ সমাজত ক্ষোভৰ সৃষ্টি হৈছে। শিখসকলৰ ধৰ্মীয় আৱেগক আঘাত হানাৰ অভিযোগ উত্থাপন হৈছে ছবিখনৰ প্ৰযোজক তথা অভিনেতাজৰ বিৰুদ্ধে। ইপিনে মুম্বাইৰ মুলুণ্ড আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে।
উল্লেখযোগ্য যে, ছবিখনৰ এখন পোষ্টাৰক লৈ তীব্ৰ আপত্তি দাঙি ধৰিছে শিখছ ইন মহাৰাষ্ট্ৰ’ সংগঠনৰ সভাপতি চৰ্দাৰ গুৰজ্যোত সিঙে। অভিযোগ অনুসৰি পোষ্টাৰখনত শিখসকলৰ পৰম্পৰাগত সাজ-পোছাক আৰু পাগুৰি পিন্ধি চিগাৰেট খাই থকা এটা চৰিত্ৰ উপস্থাপন কৰা হৈছে। যিটো চৰিত্ৰই শিখসকলৰ আচৰণ বিধি উলংঘা কৰে আৰু শিখসকলৰ লগতে গুৰু গোবিন্দ সিং জীক অপমান কৰা বুলি গণ্য কৰিছে।
বিতৰ্কিত এই চৰিত্ৰটোক লৈ প্ৰচলন বন্ধ কৰিবলৈ কৈছে আৰু যেতিয়ালৈকে সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়ালৈকে ছবিখনৰ প্ৰদৰ্শনো স্থগিত ৰাখিব লাগে বুলি উল্লেখ কৰিছে।