নতুন দিল্লী
তামিল চলচ্চিত্ৰ জগতৰ অপ্রতিদ্বন্দ্বী ‘থলাইভা’ তথা মেগা চুপাৰষ্টাৰ ৰজনীকান্তৰ জনপ্ৰিয়তা যে সময়ৰ লগে লগে আৰু অধিক বৃদ্ধি পাইছে, সেয়া তেওঁ পুনৰবাৰ প্ৰমাণ কৰিছে। ৭৫ বছৰ বয়সতো তেওঁৰ যাদুৰ ওচৰত শেহতীয়াকৈ বহুবোৰ কনিষ্ঠ তাৰকাই সেও মানিবলৈ বাধ্য হৈছে। তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত বহু প্ৰত্যাশিত ছবি ‘জেলৰ ২’-ৱে বৰ্তমান বক্স অফিচত এক প্ৰকৃত ধুমুহাৰ সৃষ্টি কৰিছে।
উপাৰ্জনৰ পৰিসংখ্যাৰ দিশৰ পৰা চাবলৈ গ’লে, এই ছবিখনে চলিত বৰ্ষৰ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ সফল আৰু বৃহৎ ছবি হিচাপে নিজৰ স্থান সুৰক্ষিত কৰিছে। কেৱল সেয়াই নহয়, মুক্তিৰ প্ৰথমটো সপ্তাহতেই ছবিখনে বলীউডৰ অন্যতম বৃহৎ ছবি ‘ধুৰন্ধৰ ২: দ্য ৰেভেঞ্জ’ৰ ঈৰ্ষণীয় অভিলেখো ভংগ কৰিবলৈ সক্ষম হৈছে।
দৰ্শকৰ বিপুল সঁহাৰি আৰু উন্মাদনাৰ ফলস্বৰূপে, চুপাৰষ্টাৰ ৰজনীকান্ত অভিনীত ‘জেলৰ ২’-ৱে মুকলি হোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰতেই বিশ্বজুৰি ৪০০ কোটি টকাৰ উপাৰ্জনৰ সীমা অনায়াসে অতিক্ৰম কৰিছে। বিশেষকৈ দেওবাৰৰ দিনটোত ছবিখনৰ উপাৰ্জনত এক চমকপ্ৰদ আৰু উল্লেখনীয় বৃদ্ধি পৰিলক্ষিত হয়। প্ৰতিভাৱান পৰিচালক নেলছন দিলীপকুমাৰৰ নিৰ্দেশনাত নিৰ্মাণ হোৱা এই এক্সনধৰ্মী ছবিখনে বৰ্তমানলৈকে সমগ্ৰ বিশ্বৰ বক্স অফিচত প্ৰায় ৪২৪.২৫ কোটি টকাৰ এক বিশাল ধনৰাশি সংগ্ৰহ কৰিছে।
ছবিখনে ইয়াৰ প্ৰদৰ্শনৰ চতুৰ্থ দিনা অৰ্থাৎ দেওবাৰে কেৱল ভাৰতবৰ্ষতেই ৫৫.৮৫ কোটি টকাৰ নেট উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে ভাৰতৰ বজাৰত ছবিখনৰ মুঠ নেট উপাৰ্জনৰ পৰিমাণ ১৯৯.৯০ কোটি টকালৈ বৃদ্ধি পালে।
বৰ্তমানলৈকে ভাৰতত ছবিখনৰ মুঠ গ্ৰছ সংগ্ৰহ হৈছেগৈ ২৩৪.২৫ কোটি টকা।
বিদেশত উপাৰ্জন: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ছবিখনে দৰ্শকৰ অভূতপূৰ্ব মৰম বুটলিবলৈ সক্ষম হৈছে, য’ত বিদেশৰ বজাৰৰ পৰা প্ৰায় ১৯০ কোটি টকা উপাৰ্জন হৈছে।
এই ঘৰুৱা আৰু বিদেশী উপাৰ্জনৰ সন্মিলিত ফলশ্ৰুতিত, ছবিখনৰ বিশ্বজুৰি মুঠ গ্ৰছ উপাৰ্জন হৈছেগৈ ৪২৪.২৫ কোটি টকা।
আন্তঃৰাষ্ট্ৰীয় বজাৰত উপাৰ্জনৰ ক্ষেত্ৰত ‘জেলৰ ২’-ৱে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’কো বহুদূৰত পেলাই থৈ গৈছে। চলিত বৰ্ষত মুকলি হোৱা ভাৰতীয় চলচ্চিত্ৰসমূহৰ ভিতৰত ‘জেলৰ ২’ বিদেশৰ বজাৰত আটাইতকৈ ডাঙৰ অ’পেনিং বা সৰ্ববৃহৎ মুকলি কৰা ছবি হিচাপে পৰিগণিত হৈছে। পৰিসংখ্যা অনুসৰি, ‘জেলৰ ২’য়ে বিদেশত ইয়াৰ প্ৰথম দিনটোতেই প্ৰায় ৫৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়, আনহাতে একেখন বজাৰত ‘ধুৰন্ধৰ ২’ৰ প্ৰথম দিনৰ উপাৰ্জন আছিল ৫২ কোটি টকা।
এই অভূতপূৰ্ব সফলতাই পুনৰবাৰ প্ৰমাণ কৰিলে যে বক্স অফিচত ৰজনীকান্তৰ দপদপনি আজিও অক্ষুণ্ণ আছে আৰু দৰ্শকৰ বাবে তেওঁ আজিও একেই 'থলাইভা' হৈয়ে জিলিকি আছে।