গুৱাহাটী
বড়ো সম্প্রদায়ৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা। এই বাগৰুম্বা লোকনৃত্যৰে ইতিহাস ৰচিবলৈ সাজু ৰাজ্যৰ প্ৰায় দহ হাজাৰ শিল্পী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া মহানগৰীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এই ১০ হাজাৰ শিল্পীয়ে খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে এক অপৰূপ দৃষ্টিনন্দন শৈলীৰে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব।
এই সন্দৰ্ভত বৃহস্পতিবাৰে সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত এখন সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয়, ‘‘ৰাজ্যৰ বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক বৈভৱসমূহক বিশ্ব মঞ্চত উদ্ভাসিত কৰি তোলাৰ বাবেই বিগত কেইবছৰমানৰ পৰা চৰকাৰে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে বিহু বিনন্দীয়া আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠান সফলভাৱে আয়োজন কৰা হৈছে। এই অনুষ্ঠানসমূহে আমাৰ সাংস্কৃতিক সম্পদসমূহ বিশ্বৰ সমুখত তুলি ধৰাৰ লগতে আমাৰ মাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু সমন্বয়ৰ এনাজৰীডালো কটকটীয়া কৰে।’’
তেওঁ লগতে কয়, ‘‘এই অনুষ্ঠানৰ সফল ৰূপায়ণে বাগৰুম্বা নাচত ব্যৱহৃত বাদ্য যেনে- খাম, চেৰজা, চিফৌং, জথা, জাপশ্ৰীং আদিৰ লগতে বড়ো চিখলাসকলে পৰিধান কৰা দখনা, ৰেগেৰেগাং জোমগ্ৰা, আৰনাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজপাৰ আৰু আ-অলংকাৰ আদিয়ে দেশ-বিদেশৰ লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ'ব। আনহাতে, ই পৰ্যটনৰ বিকাশতো ইতিবাচক প্ৰভাৱ পেলাব।’’
উল্লেখ্য যে, বড়ো সমাজৰ দুলাৰাই বড়ো হাৰিমু আফাদ, বড়ো সাহিত্য সভা, দুলাৰাই বাথৌ গৌথুমকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত ২৫ গৰাকী বিশেষজ্ঞই যুগুতাই দিয়া পৰামৰ্শৰ ভিত্তিত গুৱাহাটীৰ শিল্পগ্ৰামত ৪, ৫ আৰু ৬ জানুৱাৰীত প্ৰায় চাৰিশ ওজা প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। এই প্ৰশিক্ষকসকলে ৰাজ্যৰ ২৩ খন জিলাৰ ৮১ টা সমষ্টিত ৮-১০ জানুৱাৰীলৈ প্ৰায় ১০ হাজাৰ শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰে।
শিল্পীসকলক বিভিন্ন জিলাৰ পৰা ১১ জানুৱাৰীত গুৱাহাটীলৈ অনা হয় আৰু ১২ জানুৱাৰীৰ পৰা সৰুসজাইত আখৰা অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন হ'ব লগা এই ঐতিহাসিক অনুষ্ঠানে বড়ো জনগোষ্ঠীৰ এই বৰ্ণাঢ্য সাংস্কৃতিক বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব বুলিও মন্ত্ৰী বড়াই সংবাদমেলত প্ৰকাশ কৰে।
ইফালে, শুকুৰবাৰে চূড়ান্ত আখৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি মন্ত্ৰী বড়াই প্ৰকাশ কৰে। এই বাগৰুম্বা দহৌৰ প্ৰতি ৰাইজৰ আগ্ৰহৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰৰ চূড়ান্ত আখৰাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই কয় যে ইতিমধ্যে প্ৰায় ১৪ হাজাৰ প্ৰৱেশ পত্ৰ বিতৰণ কৰা হৈছে। ১৭ জানুৱাৰীৰ দিনা দৰ্শকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মূল ষ্টেডিয়ামৰ বাহিৰত এল ই ডি স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে।