আৱাজ-দ্য ভইচ অসম ব্যুৰো
ইতিহাস ৰচিলে বড়ো লোক-সংস্কৃতিৰ অনন্য লোকনৃত্য 'বাগুৰুম্বা'ই। অসম চৰকাৰে আয়োজন কৰা 'বাগুৰুম্বা দহৌ' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি ৰাজ্যৰ শিল্পীয়ে পৰিৱেশন কৰা বাগুৰুম্বা নৃত্যৰে মুখৰিত হৈ পৰিল গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প। খ্ৰাম, চিফুঙৰ ধ্বনিত মুখৰিত হৈ পৰিল সমগ্ৰ ক্ৰীড়া প্ৰকল্পৰ চৌহদ। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ হাজাৰৰো অধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে বাগুৰুম্বা নৃত্য।
দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমলৈ অহা প্ৰধানমন্ত্রী মোদীয়ে এই কাৰ্যসূচীয়ে বড়ো সংস্কৃতিক উদযাপন কৰা বুলি মন্তব্য কৰি সমাজৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে উল্লেখ কৰিছে। শুকুৰবাৰে এক্সত এক পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে, "এই কাৰ্যসূচীয়ে বড়োসকলৰ মহান সংস্কৃতি উদযাপন কৰিছে। কেন্দ্ৰ আৰু অসমৰ এনডিএ চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন পূৰণৰ বাবে ব্যাপকভাৱে কাম কৰি আছে।"
বড়ো জনগোষ্ঠীৰ এগৰাকী সন্মানীয় নেতা ব্ৰহ্মাৰ ১৯৯০ চনত ৩৪ বছৰ বয়সত এক মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁক 'বডোফা' (বড়োসকলৰ অভিভাৱক) উপাধিৰে সন্মানিত কৰা হয়।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অন্যান্যসকলেও প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
'বাগুৰুম্বা দহৌ ২০২৬' শীৰ্ষক এই অনুষ্ঠান গুৱাহাটী মহানগৰীৰ সৰুসজাই অঞ্চলৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ প্ৰায় ৮০০০ নৃত্যশিল্পীসহ ১০,০০০তকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিছে।
অসমৰ অন্যতম বৃহৎ খিলঞ্জীয়া জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ লোকনৃত্য 'বাগুৰুম্বা'ৰ প্ৰকৃতিৰ সৈতে গভীৰভাৱে জড়িত আৰু ই ফুলি উঠা ফুলৰ প্ৰতীক আৰু মানৱ জীৱন আৰু প্ৰকৃতিৰ মাজত সম্প্ৰীতিৰ প্ৰতীক। বুইছাগু, বড়ো নৱবৰ্ষ আৰু ডোমাছিৰ দৰে উৎসৱৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বাগুৰুম্বা উৎসৱে শান্তি, উৰ্বৰতা, আনন্দ আৰু সামূহিক সম্প্ৰীতিক প্ৰতিনিধিত্ব কৰে।
পৰম্পৰাগতভাৱে মহিলাসকলে কৰা এই নৃত্যত পুৰুষসকলেও বাদ্যযন্ত্ৰবাদক হিচাপে তেওঁলোকৰ লগত যোগদান কৰে। এই নৃত্যত পখিলা, চৰাই, পাত আৰু ফুলৰ অনুকৰণ কৰি আকৰ্ষণীয়ভাৱে নৃত্য কৰা হয়।
গুৱাহাটীত অনুষ্ঠিত হোৱা এই নৃত্য অনুষ্ঠানত বড়ো ভাষাত ঢৌৰ অৰ্থ বুজোৱা শব্দ 'দ্হৌ' ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে বড়ো ভাষাত গীত আৰু খাম, চেৰজা, চিফুং, জথা আৰু জাপশ্ৰিংৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ সংযোজন কৰা হয়। ইয়াৰে কেইবাটাও বাদ্যযন্ত্ৰই জি আই টেগ লাভ কৰিছে।
এই কাৰ্যসূচীত কেইবাটাও বড়ো সংগঠনে অংশগ্ৰহণ কৰিছে, য'ত ২৫ জন বিশেষজ্ঞই গুৱাহাটীত ৪০০ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ দিছিল, যিসকলে পৰৱৰ্তী সময়ত নিজ নিজ জিলাত শিল্পীসকলক প্ৰশিক্ষণ দিছিল। ৰাজ্য চৰকাৰে বিগত দুবছৰ ধৰি একেধৰণৰ বৃহৎ পৰিসৰৰ বিহু আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনীৰ আয়োজন কৰিছিল, য'ত প্ৰধানমন্ত্ৰী মোদী উপস্থিত আছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে সন্ধিয়া ৰাজ্যৰ ৰাজধানী গুৱাহাটীত উপস্থিত হৈ এক ৰঙীন ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। দুদিনীয়া এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৭,০০০ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৭ত ঘূৰণীয়া পথৰ পৰা আৰম্ভ কৰা এই ৰোড শ্ব' প্ৰায় চাৰি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আজাৰাত সামৰণি পৰে।
ৰোড শ্ব' পইণ্টত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ যাত্ৰা মন্থৰ হয় আৰু ৰাজপথত মোদী জী জিন্দাবাদ আৰু ভাৰত মাতা কি জয়ৰ দৰে শ্লোগান প্ৰতিধ্বনিত হ'ল। ৰোডশ্ব'ৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে মোদীৰ সৈতে অংশগ্ৰহণ কৰে।
আনহাতে, একেইদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মালদাৰ পৰা প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে'লখনৰ উদ্বোধন কৰে। ৰে'ল মন্ত্ৰালয়ে কয় যে, সাধাৰণ যাত্ৰীসকলৰ বাবে ইয়াৰ বাণিজ্যিক কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব।
ৰেলৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, "এই ৰেলখন বৰ্তমান সাধাৰণ যাত্ৰীৰ বাবে বুকিংৰ বাবে উপলব্ধ নহয়। কিন্তু বুকিং ব্যৱস্থাত ইয়াক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। সাধাৰণ যাত্ৰীসকলৰ বাবে ৰে'লখন মুকলি কৰাৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।"
ই
২০২৬ চনৰ ৮ জানুৱাৰীত মন্ত্ৰালয়ে ৰেলখনৰ সময়সূচী আৰু ষ্টপেজৰ বিষয়ে অৱগত কৰি এখন চাৰ্কুলাৰ প্ৰকাশ কৰিছিল। চাৰ্কুলাৰ অনুসৰি, কামাখ্যা ষ্টেচনৰ পৰা সন্ধিয়া ৬.১৫ বজাত এটা ৰেল চেট (ট্ৰেইন নং ২৭৫৭৬) যাত্ৰা কৰিব আৰু ১৩টা ষ্টেচনত ষ্টপেজ থকাৰ সৈতে পিছদিনা পুৱা ৮.১৫ বজাত হাওৰাত উপস্থিত হ’ব, ১৪ ঘণ্টাত ৯৭২ কিলোমিটাৰ অতিক্ৰম কৰিব। আনখন ৰেল চেট (ট্ৰেইন নং ২৭৫৭৫) হাওৰাৰ পৰা সন্ধিয়া ৬.২০ বজাত যাত্ৰা কৰি পিছদিনা পুৱা ৮.২০ বজাত কামাখ্যাত উপস্থিত হ’ব।
কামাখ্যা আৰু হাওৰাৰ মাজৰ ১৩টা ষ্টপেজ হ’ল ৰঙিয়া, নিউ বঙাইগাঁও, নতুন আলিপুৰদুৱাৰ, নিউ কোচ বিহাৰ, জলপাইগুৰি ৰোড, নিউ জলপাইগুৰি, আলুৱাবাৰী ৰোড, মালদা টাউন, নিউ ফাৰাক্কা, আজিমগঞ্জ, কটোৱা, নবদ্বীপ ধাম, আৰু বাণ্ডেল।
তদুপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিভেটেড এনিমেল কৰিড'ৰ আৰু বিশ্বনাথ জিলাৰ পৰা গোলাঘাট জিলাৰ নুমলিগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ তলেৰে ৰেলপথসহ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰিব।