মেজি-ভেলাঘৰৰ ৰূপান্তৰ আৰু....

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  স্বপ্না দাস
 
অসমত পুহ মাহৰ অন্তিম দিনা আৰু মাঘ মাহৰ আগদিনা মকৰ সংক্ৰান্তি হয়। সংক্ৰান্তিৰ আগদিনা ৰাতি উৰুকা পালন কৰে। নতুন চাউলৰ ভাত, পুখুৰীৰ মাছ , হাঁহ-পাৰৰ মাংসৰ লগতে বতৰৰ নতুন পাচলিৰে লগে-ভাগে উৰুকা খোৱাৰ নিয়ম। নামনিৰ কেৱল বৰপেটাৰ বাহিৰে ৰাজ্যৰ সকলোৱে সংক্রান্তিৰ দিনা আৰু বৰপেটা পহিলা মাঘত ৰাতিপুৱা গা ধুই মেজিৰ জুইৰ তাপ লৈ তাত মাহ-কঢ়াই, পিঠা, লাড়ু অগ্নিত আহুতি দি সেৱা জনায়। তাৰ পিছতহে দিনটোৰ বাকী পৰম্পৰা পালনেৰে মাঘ বিহু উদযাপন কৰে। 
 
ভোগালী বিহু আমাৰ ভোগৰ উৎসৱ। এই সময়খিনিত খাদ্যবস্তুৰে উভনদী হৈ থাকে প্ৰতিখন ঘৰ। ন-চাউলেৰে কলপাতত সিজোৱা টোপোলা ভাত, নানাবিধ পিঠা-লাড়ুৰে আপ্যায়ন কৰাৰ নিয়ম চলি আহিছে তাহানিৰে পৰা। ইয়াৰ উপৰি অসমৰ বিভিন্ন ঠাইত মাঘৰ বিহুত মহ যুঁজ, কুকুৰা যুঁজ আদিৰ দৰে খেল পাতি আনন্দ মনেৰে উৎসৱটি পালন কৰে।
 
মাঘ বিহুৰ মহ যুঁজ
 
আজিকালি ভোগালী বিহুৰ মেজি আৰু ভেলাঘৰক বিভিন্ন ধৰণৰ ৰূপ দি সজা দেখা যায়। ঐতিহাসিক কীৰ্তিচিহ্ন, মঠ-মন্দিৰ, অসমৰ গৌৰৱৰ স্বাক্ষৰ কৰা নানা বিষয়ৰ পৰা বিশ্বৰ বিভিন্ন ঠাইৰ জনপ্ৰিয় সম্পদ আদিকে ধৰি নানাধৰণৰ আৰ্হিৰে ভোগালী বিহুৰ মেজি আৰু ভেলাঘৰ সজা দেখা যায়। ইয়াকে কেন্দ্ৰ কৰি বিভিন্নজনে বিভিন্নধৰণৰ মন্তব্যও পোষণ কৰে। কিছুমানে ইয়াত সদৰ্থক দিশৰ উমান পায়। আন কিছুমানৰ মতে এইবোৰ অপসংস্কৃতিৰ লক্ষণ। সেই বিষয়ত আলোচনা নকৰি এই সময়ত মনলৈ অহা অন্য এটা কথাহে উত্থাপন কৰিব বিচাৰিছো। 
 
ন-চাউলেৰে কলপাতত সিজোৱা টোপোলা ভাত
 
ভোগালী বিহুত আধুনিক ৰূপত সজা মেজি আৰু ভেলাঘৰসমূহৰ সৈতে সাধাৰণেত যুৱ প্ৰজন্ম জড়িত হৈ থাকে। আমাৰ লোকাচাৰ, কৃষ্টি, পৰম্পৰা আদিৰ প্ৰতি উদাসীন বুলি ককৰ্থনা সহ্য কৰিবলগীয়া যুৱ প্ৰজন্মৰ এই ব্যস্ততা আদৰিবলগীয়া বুলি কোনোবাই ভাবিলেও বা নাভাবিলেও ইয়াত কাৰো দ্বিমত নাই যে আধুনিক ৰূপৰ মেজি, ভেলাঘৰবিলাকতো তেওঁলোকৰ সৃষ্টশীলতাৰ উমান স্পষ্টভাৱে দেখা যায়। তেওঁলোকক অলপমান উছাহ যোগালে বা মঞ্চ এখন দিলে তেওঁলোকে নিজৰ সৃষ্টিশীলতাৰে উজলি উঠিব পাৰে।
 
মাঘ বিহুৰ কুকুৰা যুঁজ
 
আধুনিক আৰ্হিৰে সজা ভোগালী বিহুৰ মেজি, ভেলাঘৰ যদি সঁচাকৈয়ে অপসংস্কৃতিৰ বাহক সেই কথা তেওঁলোকক বুজাই দিয়ো কিন্তু তেওঁলোকৰ সৃজনশক্তিক আমি প্ৰেৰণা যোগাব পাৰো। সেই প্ৰেৰণাৰ প্ৰয়োজনো আছে। অলপ প্ৰেৰণাত তেওঁলোকৰ মাজৰ কোনোবাই হয়তো সৃষ্টিশীলতাৰে উজলি উঠিব পাৰে। তেওঁলোকৰ ভিতৰত সুপ্ত হৈ থকা শিল্পীসত্ত্বাক উলিয়াই অনাৰ দায়িত্ব আমাৰেই নহয় জানো?
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)