অশান্ত ইৰানত ৰেজা পাহলভি কোন ?

Story by  atv | Posted by  [email protected] • 1 h ago
ইৰাণৰ ক্ৰাউন প্ৰিন্স ৰেজা পাহলভি
ইৰাণৰ ক্ৰাউন প্ৰিন্স ৰেজা পাহলভি
 
বিদুশী গৌৰ/নতুন দিল্লী
 
ইৰানৰ সৰ্বোচ্চ নেতা আলী খামেনেই নেতৃত্বাধীন দেশখনৰ ওপৰত দীৰ্ঘম্যাদী অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে সৃষ্টি হোৱা অৰ্থনৈতিক সমস্যাৰ ফলত ইৰানৰ পৰিস্থিতি অশান্ত হৈ পৰিছে৷ এনে পৰিস্থিতিৰ মাজতে আত্মপ্ৰকাশ ঘটিছে এজন নতুন নেতাৰ৷ তেওঁ হ’ল যুৱৰাজ ৰেজা পাহলভি। ইৰানৰ অন্তিমজন শ্বাহ (ৰজা) মহম্মদ ৰেজা শ্বাহ পাহলভিৰ জ্যেষ্ঠ পুত্ৰ তেওঁ৷ মহম্মদ ৰেজা শ্বাহ পাহলভিৰ চৰকাৰক ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ জৰিয়তে ক্ষমতাচ্যুত কৰা হৈছিল৷ যুৱৰাজ ৰেজা পাহলভি বৰ্তমান পশ্চিমীয়া দেশ তথা বিশেষকৈ আমেৰিকাত নিৰ্বাসিত জীৱন অতিবাহিত কৰি আছে।
 
সমগ্ৰ ইৰানত প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে৷ এই পৰিস্থিতিয়ে যদি শাসন পৰিৱৰ্তনৰ ফালে লৈ যায়, তাৰ বাবে দেশৰ নেতৃত্ব দিয়াৰ বাবে ৰাজকুমাৰ ৰেজা পাহলভিৰ নামটো এজন সম্ভাৱ্য নেতা হিচাপে প্ৰক্ষেপ কৰা হৈছে। আনকি পাহলভিয়েও সামাজিক মাধ্যমৰ জৰিয়তে ইৰানৰ প্ৰতিবাদকাৰীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু তেওঁলোকক চৰমপন্থী ধৰ্মীয় শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উৎসাহিত কৰি আহিছে। তেওঁ তেওঁলোকক সহায় কৰাৰো আশ্বাস প্ৰদান কৰিছে।
 
ইৰাণৰ ক্ৰাউন প্ৰিন্স ৰেজা পাহলভি
 
বিদেশত কেইবা দশক অতিবাহিত কৰাৰ পিছতো পাহলভি ইৰানী প্ৰবাসী আৰু ৰাজনৈতিক বিৰোধীৰ একাংশ লোকৰ বাবে প্ৰতীকী ব্যক্তিত্ব হৈয়ে আছে। পৰম্পৰাগত ৰজাসকলৰ বিপৰীতে পাহলভিয়ে ৰাজহুৱাভাৱে কয় যে তেওঁ ৰাজতন্ত্ৰৰ পুনঃপ্ৰতিষ্ঠা বিচৰা নাই, বৰং এনে এটা ভৱিষ্যতক সমৰ্থন কৰে য’ত ইৰানীসকলে তেওঁলোকৰ শাসন ব্যৱস্থা নিজে বাচি ল’ব পাৰে, আদৰ্শগতভাৱে যিটো উদাৰ মূল্যবোধক প্ৰতিফলিত কৰা এটা গণতান্ত্ৰিক ব্যৱস্থা হ’ব।
 
বছৰ বছৰ ধৰি পাহলভিয়ে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে সততে মাত মাতি আহিছে। তেওঁ গণতান্ত্ৰিক সংস্কাৰ আৰু ইৰানৰ সৰ্বোচ্চ নেতা তথা ধৰ্মীয় আভিজাত্যসকলৰ ধৰ্মীয় শাসনৰ অন্ত পেলোৱাৰ পোষকতা কৰি আহিছে। তেওঁ বৰ্তমানৰ শাসন ব্যৱস্থাক সমালোচনা কৰি আহিছে আৰু ইৰানৰ নেতৃত্বৰ ওপৰত চাপ প্ৰয়োগ কৰিবলৈ আমেৰিকাৰ ৰাজনীতিবিদকে ধৰি আন্তঃৰাষ্ট্ৰীয় নেতাসকলক আহ্বান জনাইছে।
 
ৰেজা পাহলভি
 
সাম্প্ৰতিক বছৰবোৰত ইৰানৰ আভ্যন্তৰত অসন্তুষ্টি বৃদ্ধি পোৱাৰ লগে লগে পৰিৱৰ্তনৰ বাবে আহ্বান আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। অৱশ্যে, পাহলভিয়ে এতিয়া যি প্ৰেক্ষাপটত মনোযোগ আকৰ্ষণ কৰিছে, সেয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত মাহাভিযোগৰ বাবে নহয়, বৰঞ্চ ইৰানত সাম্প্ৰতিক বছৰবোৰৰ ভিতৰত সৰ্ববৃহৎ চৰকাৰ বিৰোধী প্ৰতিবাদৰ সৈতে প্ৰত্যক্ষভাৱে জডড়িত হোৱাৰ বাবে৷ আৰু এই ঘটনাসমূহত পাহলভিৰ কণ্ঠ আৰু অধিক বলিষ্ঠ হৈ উঠিছে।
 
২০২৫ চনৰ শেষৰ ফালে আৰু ২০২৬ চনৰ আৰম্ভণি পৰ্যন্ত ইৰানৰ অৰ্থনৈতিক দুৰৱস্থা, ৰাজনৈতিক দমন, মুদ্ৰাস্ফীতি আৰু শাসকীয় ব্যৱস্থাৰ প্ৰতি হতাশাৰ বাবে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। এই বিক্ষোভসমূহে বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰিছে, যাৰ ভিতৰত ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু ৰাজনৈতিক সংস্কাৰৰ বাবে আন্দোলনকাৰী কৰ্মীসকল আছে।
 
পৰিয়ালৰ সৈতে শ্বাহ ৰেজা পাহলভি
 
এই বৃহৎ আন্দোলনৰ ভিতৰত একাংশ প্ৰতিবাদকাৰীয়ে শ্ল’গান দিছে এইবুলি, "এয়াই শেষ ৰণ, পাহলভি উভতি আহিব"৷ যিয়ে একাংশ সম্প্ৰদায়ৰ মাজত এই আশাকে প্ৰতিফলিত কৰে যে পাহলভিয়ে নিৰ্বাসনৰ পৰা উভতি আহি ইৰানৰ পৰিৱৰ্তনক নেতৃত্ব দিয়াত সহায় কৰিব৷ যদিও এই আৱেগ সমগ্ৰ বিক্ষোভ আন্দোলনটোত সাৰ্বজনীনভাৱে প্ৰকাশ কৰা হোৱা নাই।
 
এই ঘটনাসমূহৰ সৈতে পাহলভি সক্ৰিয়ভাৱে জড়িত হৈ আছেঃ
 
▪️ইৰানৰ ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ সমৰ্থনত দেশজুৰি ধৰ্মঘট আৰু বিক্ষোভৰ আহ্বান জনোৱা;
 
▪️দেশৰ নিৰাপত্তা বাহিনী আৰু চৰকাৰী কৰ্মচাৰীসকলক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱস্থা নল’বলৈ আহ্বান জনোৱা;
 
▪️বৰ্তমানৰ ধৰ্মীয় শাসন ব্যৱস্থাৰ পতন হ'লে ১০০ দিনীয়া অন্তৰ্ৱৰ্তীকালীন পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা, শান্তিপূৰ্ণ গণতান্ত্ৰিক
ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা;
 
▪️ইৰানৰ সমৃদ্ধি প্ৰকল্প আৰম্ভ কৰা - এক পৰিকল্পনা, য’ত ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত অৰ্থনৈতিক আৰু সামাজিক পুনৰ্নিমাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা;
 
▪️ইৰানৰ জনসাধাৰণক ৰাজহুৱাভাৱে সমৰ্থন কৰা বিশ্বৰ নেতাসকলক ধন্যবাদ জনোৱা, কৌশলগত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ওপৰত আলোকপাত কৰা;
 
এই প্ৰচেষ্টাসমূহ পাহলভি আৰু অন্যান্য প্ৰবাসী নেতৃত্বাধীন গোটসমূহৰ এক বৃহত্তৰ প্ৰচেষ্টাৰ অংশ যিয়ে নিজকে এক ঐক্যবদ্ধ বিৰোধী শক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু ইৰানৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছে৷
 
ৰেজা পাহলভি
 
সম্প্ৰতি ইৰানৰ ভিতৰত একাংশ প্ৰতিবাদকাৰীৰ মুখত ৰেজা পাহলভিৰ নাম উচ্চাৰণ হৈছে, যিয়ে চৰকাৰ বিৰোধী মনোভাৱ আৰু পৰিৱৰ্তনৰ আকাংক্ষাৰ মাজৰ এক প্ৰতীকী সম্পৰ্কক সূচায়, য'ত প্ৰাক্তন ৰাজকুমাৰৰ বাবে এক নতুন ভূমিকা অন্তৰ্ভুক্ত হ'ব পাৰে।
 
অৱশ্যে, বহু ইৰানীয়ে ৰাজতন্ত্ৰ বা কোনো একক নেতাক সমাধান হিচাপে গ্ৰহণ কৰাৰ বিষয়টোক লৈ সতৰ্ক হৈ আছে আৰু ব্যাপক গণতান্ত্ৰিক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
 
পৰিয়ালৰ সৈতে শ্বাহ ৰেজা পাহলভি
 
পাহলভিয়ে গণতান্ত্ৰিক আৰু জনসাধাৰণৰ নেতৃত্বত ভৱিষ্যতৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে৷ বৰ্তমান ৰাজতান্ত্ৰিক শাসনলৈ প্ৰত্যাৱৰ্তন নহয় আৰু এই সিদ্ধান্ত ইৰানীসকলে নিজে ল’ব লাগিব বুলি তেওঁ মন্তব্য কৰে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিদেশী সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰা, প্ৰবাসী সম্প্ৰদায়ৰ সৈতে জড়িত হোৱা আৰু শাসন ব্যৱস্থাৰ পৰৱৰ্তী পৰিকল্পনাৰ আভাস দাঙি ধৰাৰ জৰিয়তে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে যদিও ইৰানৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাত তেওঁৰ কোনো আনুষ্ঠানিক স্থিতি নাই আৰু তেহেৰানত তেওঁক লৈ কোনো অভিযোগ বা আনুষ্ঠানিক ৰাজনৈতিক প্ৰক্ৰিয়াও চলি থকা নাই।
 
ইয়াৰ বিপৰীতে তেওঁ নিৰ্বাসনত থকা বিৰোধী দলৰ এজন বিশিষ্ট ব্যক্তি হৈয়ে আছে, যিয়ে প্ৰতিবাদকাৰী আৰু প্ৰবাসী সমৰ্থকসকলৰ বাবে একতাৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰি আছে।