'কায়ামখানী ব্ৰেভহাৰ্টছ' এই তথ্যচিত্ৰখনত ৰাজস্থানৰ কয়ামখানী নামৰ মুছলমান সম্প্ৰদায়ৰ কাহিনী বৰ্ণনা কৰা হৈছে। যত তেওঁলোকৰ কেৰিয়াৰৰ বাবে সামৰিক সেৱা বা আৰক্ষী নিৰ্বাচন কৰাটো প্ৰথম পছন্দ। তেওঁলোকে ৰাষ্ট্ৰৰ সেৱাক গৌৰৱ আৰু দায়িত্বৰ বিষয় হিচাপে গণ্য কৰে। তেওঁলোকৰ বাবে দেশপ্ৰেম কেৱল এটা শ্লোগান নহয়, বৰঞ্চ ই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এক পৰম্পৰা। এই তথ্যচিত্ৰখন সীমান্তত দেশ ৰক্ষা কৰা, শত্ৰুৰ গুলীৰ মুখামুখি হোৱা আৰু শ্বহীদ হোৱাটোক সন্মান হিচাপে গণ্য কৰা এই ভূমিৰ বীৰ সন্তানসকলৰ কাহিনীৰ এক দলিল।
তথ্যচিত্ৰখনৰ ৩৩ ছেকেণ্ডৰ টিজাৰৰ প্ৰথমটো দৃশ্যটো যথেষ্ট শক্তিশালী। কিয়নো ইয়াৰ প্ৰথমটো আভাসে দৰ্শকক শিহৰিত কৰি তুলিব। টিজাৰত কোৱা হৈছে যে, এই ছবিখন কেৱল তথ্যৰ বিষয়ে নহয়, বৰঞ্চ আত্ম বলিদান আৰু দেশপ্ৰেমৰে ভৰা এক আৱেগিক অভিজ্ঞতা। যিয়ে দৰ্শকক গৌৰৱান্বিত কৰি তোলাৰ লগতে তেওঁলোকক বুজিবলৈ সহায় কৰিব যে, দেশ ৰক্ষাৰ সময়ত, কেৱল কৰ্তব্যহে গুৰুত্বপূৰ্ণ, ধৰ্ম নহয়।
ৰাজস্থানৰ কায়মখানী মুছলমান সম্প্ৰদায়ৰ ইতিহাস বীৰত্ব, অনুশাসন আৰু ৰাষ্ট্ৰৰ সেৱাৰ দ্বাৰা পৰিপূৰ্ণ। এই সম্প্ৰদায়ৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ কোনোবা নহয় কোনোবা প্ৰকাৰে সশস্ত্ৰ বাহিনীৰ সৈতে জড়িত হৈ আছে। এই দেশৰ যুৱক-যুৱতীসকলে ডাঙৰ ব্যৱসায়িক ব্যক্তি বা উচ্চ পদস্থ চৰকাৰী বিষয়া হোৱাৰ সপোন নেদেখে, বৰঞ্চ তেওঁলোকৰ সপোন হৈছে ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী বা আৰক্ষীত যোগদান কৰি তেওঁলোকৰ মাতৃভূমিৰ সেৱা কৰা।
তথ্যচিত্ৰখনৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ মনজিৎ ঠাকুৰে কয় যে, কয়ামখানী সম্প্ৰদায়ৰ জোৱানসকলে এতিয়ালৈকে ৪ টা শৌৰ্য চক্ৰ, ১৮ টা সেনা পদক আৰু ৫ টা বিশিষ্ট সেৱা পদক লাভ কৰিছে। এই সাফল্যসমূহ যিকোনো সম্প্ৰদায়ৰ বাবে এক অতি গৌৰৱৰ বিষয় হয়, যদিও কায়মখানীসকলৰ বাবে কেৱল সন্মানেই নহয়, ই এক দায়িত্বৰ প্ৰতীককো প্ৰতিনিধিত্ব কৰে। ত্যাগৰ ক্ষেত্ৰত এই সম্প্ৰদায়ে বহু বৰঙণি আগবঢ়াইছে।
বৰ্তমান "সৈনিকৰ গাঁও" নামেৰে পৰিচিত দন্দুৰী গাঁৱত দেশৰ বাবে ১৮ জন কয়ামখানী মুছলমান শ্বহীদ হৈছিল। একেদৰে ঝাঝোট আৰু নুৱা গাঁৱৰ ১০ জনকৈ জোৱানে নিজৰ মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিছে। এইবোৰ কেৱল সংখ্যা নহয়, বৰঞ্চ সেইবোৰ মাতৃসকলৰ চকুলো, সেই পৰিয়ালবোৰৰ গৌৰৱ আৰু এনে সাহসী পুত্ৰৰ জন্ম দিয়া মাটিৰ সাৰমৰ্মক প্ৰতিনিধিত্ব কৰে।
এই তথ্যচিত্ৰখনে এই শ্বহীদসকলৰ কাহিনীসমূহ অতি স্পৰ্শকাতৰ আৰু শক্তিশালীভাৱে উপস্থাপন কৰিছে। কেমেৰাৰ কাম, সম্পাদনা আৰু গ্ৰাফিক্স উচ্চ মানৰ আৰু দৰ্শকক আৱেগিকভাৱে কাহিনীটোৰ সৈতে সংযুক্ত কৰিছে। প্ৰতিটো ফ্ৰেমেই গভীৰ গৱেষণা, কঠোৰ পৰিশ্ৰম আৰু প্ৰামাণিকতা প্ৰতিফলিত কৰিছে।
এই তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ পূৰ্বে আৱাজ-দ্য ভইচৰ দলটোৱে বিস্তৃত গৱেষণা কৰিছিল। মুখ্য সম্পাদক আতিৰ খানৰ নেতৃত্বত, দলটোৱে ইতিহাস অধ্যয়ন আৰু ভূমিৰ বাস্তৱিকতা বুজি পোৱাৰ বাবে দীৰ্ঘ সময় কটাইছিল। এই তথ্যচিত্ৰখন ৰাজস্থানৰ বিভিন্ন গাঁৱত কেইবাদিনো ধৰি চিত্ৰগ্ৰহণ কৰা হৈছিল। এই সম্প্ৰদায়ৰ প্ৰকৃত জীৱনশৈলী, সংগ্ৰাম আৰু গৌৰৱক বিশ্বৰ আগত উপস্থাপন কৰিবলৈ গভীৰ নিশালৈকে চিত্ৰগ্ৰহণ চলি আছিল।
ৰাজস্থানৰ এখন গাঁৱত স্থানীয় লোকৰ সৈতে আৱাজৰ দল
এই তথ্যচিত্ৰখনত কেইবাটাও আচৰিত তথ্যও দাঙি ধৰা হৈছে। উদাহৰণস্বৰূপে, কয়ামখানী মুছলমানসকলে গৰুক তেওঁলোকৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি গণ্য কৰিছে আৰু ইয়াৰ ক্ষতি কৰাৰ কথা কল্পনাও কৰিব নোৱাৰে। এই তথ্যই সঠিকভাৱে বুজি নোপোৱাকৈ সমাজত প্ৰায়ে গঢ় লৈ উঠা কু-সংস্কাৰবোৰক ভংগ কৰিছে।
মনজিৎ ঠাকুৰে কৈছে যে, যেতিয়া দলটো কয়ামখানী গাঁৱত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকক এক গৌৰৱ আৰু উষ্ম আদৰণি জনোৱা হৈছিল। গাঁওবাসীয়ে তেওঁলোকক কেৱল আন্তৰিকতাৰে আদৰণি জনোৱাই নহয়, মুকলিকৈ তেওঁলোকৰ কাহিনী, যন্ত্ৰণা, গৌৰৱৰ কথাও ব্যক্ত কৰিছিল। এই আস্থাই তথ্যচিত্ৰখনৰমূল বিষয়বস্তু হৈ পৰিছিল।
চলচ্চিত্ৰখনৰ উদ্দেশ্যৰ বিষয়ে আতিৰে কয় যে, আজিৰ পৃথিৱীত নেতিবাচকতা বাতৰিৰ মূল বিক্ৰী পইণ্ট হৈ পৰিছে। এনে পৰিস্থিতিত, আৱাজ-দ্য ভইচ ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ সহযোগিতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ ইতিবাচক কাহিনীসমূহ প্ৰকাশ কৰাৰ এক মঞ্চ হিচাপে পৰিগণিত হৈছে।
তেওঁ মতে বিশ্বাস, ধৰ্ম, জাতি, অঞ্চল আৰু ভাষাৰ পাৰ্থক্যৰ বাহিৰেও, ভাৰতীয়সকলৰ বহু অভিন্ন প্ৰত্যাহ্বান, আশা আৰু সপোন আছে, যিয়ে সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ সম্ভাৱনা আছে। আৱাজ-দ্য ভইচ'ৰ বিষয়বস্তুৱে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ মাজত প্ৰগতিশীল, ইতিবাচক আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰণা প্ৰচাৰ কৰে।
এই তথ্যচিত্ৰখন সেই ধাৰণাটোৰেই সম্প্ৰসাৰণ। ই প্ৰকৃত দেশপ্ৰেমৰ কণ্ঠক বৃদ্ধি কৰাৰ প্ৰয়াস চেষ্টা, যি প্ৰায়ে ঘৃণাৰ শব্দত হেৰাই যায়। এই ছবিখনে আমাক এই কথা সোঁৱৰাই দিয়ে যে, ইউনিফৰ্মৰ কোনো ধৰ্ম নাই, আৰু দেশৰ বাবে যিমানেই ৰক্তপাত নহওক কিয়, সেয়া সম্পূৰ্ণ ভাৰতীয়ৰেই হয়।
মুক্তি পোৱাৰ পাছত এই তথ্যচিত্ৰখনে দৰ্শকসকলক নিশ্চয়কৈ আৱেগিক কৰি তুলিব, চিন্তা কৰিবলৈ বাধ্য কৰিব, তেওঁলোকক গৌৰৱান্বিত কৰিব আৰু দেশক সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব। এয়া কেৱল কায়ামখানী সম্প্ৰদায়ৰ কাহিনী নহয় বৰঞ্চ এয়া এনে এখন ভাৰতৰ কাহিনী য'ত দেশক প্ৰথম স্থান দিয়া হয়।