জুবিন ক্ষেত্ৰত উন্মোচন কৰা হ'ল 'চেনাই বাখৰুৱা'

Story by  atv | Posted by  [email protected] • 8 h ago
জুবিন ক্ষেত্ৰত উন্মোচন কৰা হ'ল 'চেনাই বাখৰুৱা'
জুবিন ক্ষেত্ৰত উন্মোচন কৰা হ'ল 'চেনাই বাখৰুৱা'
 
গুৱাহাটী
 
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি আৰু তেওঁৰ আধৰুৱা সপোনক সাকাৰ কৰাৰ উদ্দেশ্যে এক আৱেগিক পৰিৱেশত উন্মোচন কৰা হ’ল বিশেষ গীত 'চেনাই বাখৰুৱা'। জুবিন ক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অজয় ফুকনৰ বিশেষ প্ৰচেষ্টাত আৰু বিহু সম্ৰাট বিমান বৰুৱাৰ সংগীত পৰিচালনাত গীতটো ৰাইজৰ বাবে মুকলি কৰা হয়।
 
'চেনাই বাখৰুৱা' গীতটো উন্মোচনৰ পূৰ্বে জুবিন ক্ষেত্ৰত এক গম্ভীৰ পৰিৱেশৰ সৃষ্টি হয়। উপস্থিত সকলো অতিথি আৰু শিল্পীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ বিশ্ৰামস্থলীত ধূপ-বন্তি জ্বলাই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। জুবিন গাৰ্গৰ উপস্থিতি অবিহনে এইবাৰৰ ভোগালী যেন সকলোৰে বাবে এক উকা অনুভৱ হৈ পৰিছে।
 
প্ৰতিদিন টাইমছ'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই গীতটো আনুষ্ঠানিকভাৱে উন্মোচন কৰি আৱেগিক হৈ ভাষণ প্ৰদান কৰি কয়, "মোৰ বুকুখন বিষাইছে। এয়া জুবিন অবিহনে প্ৰথমটো মাঘ বিহু। জুবিনৰ মাতটো থাকিব কিন্তু জুবিন নাথাকিব। তেওঁৰ অবৰ্তমানত আমি ১১৫ দিনে বিভিন্ন অনুষ্ঠানত উদযাপন কৰিলোঁ। তথাপি কিবা এটা যেন নাই। পোহৰ আছে কিন্তু উত্তাপ নাই।"
 
তেওঁ লগতে কয় যে জুবিনে শিকোৱা 'কৰ্মই ধৰ্ম' মন্ত্ৰক সাৰোগত কৰি এই আধৰুৱা কামটো সম্পন্ন কৰা হৈছে আৰু ৰাইজক গীতটো আদৰি ল’বলৈ অনুৰোধ জনায়।
 
সংগীত শিল্পী অজয় ফুকনে সংবাদ মাধ্যমৰ আগত কয় যে- 'চেনাই বাখৰুৱা' গীতটো জুবিন গাৰ্গৰ অতি প্ৰিয় গীত আছিল। তেওঁ বাটে-পথে এই গীতটো গাইছিল আৰু 'নাহৰ ২০২৬'ত ইয়াক বাণীবদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল। জুবিনৰ সেই আধৰুৱা ইচ্ছা পূৰণ কৰাৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা হয়।
 
আনহাতে, বিশিষ্ট শিল্পী খগেন গগৈয়ে স্মৃতি ৰোমন্থন কৰি কয় যে এই গীতটোৰ জৰিয়তেহে জুবিনৰ সৈতে তেওঁৰ প্ৰথম চিনাকি হৈছিল। 'ৰৈ ৰৈ বিনালে'ৰ পিছত জুবিনে এই গীতটো নতুনকৈ গোৱাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছিল।
 
গীত উন্মোচনী অনুষ্ঠানটোত সংগীত শিল্পী ৰণজিত গগৈ, বিমান বৰুৱা, খগেন গগৈ, দেৱেশ্বৰ শইকীয়া, লেংডন নিউজৰ নিতুল বৰগোঁহাই, ৰমেন বৰঠাকুৰ, বেহেলাবাদক মানৱ অধিকাৰী, হেমন্ত কলিতা, জয়ন্তজিৎ কলিতা, কণ্ঠশিল্পী শাৰদী বৰা আৰু অভিনেত্ৰী জেৰিণাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
 
উল্লেখ্য যে, খগেন গগৈ, বিমান বৰুৱা আৰু অজয় ফুকনৰ কণ্ঠত প্ৰাণ পাই উঠা এই গীতটোৱে জুবিন অনুৰাগীসকলৰ মাজত এক বিশেষ স্থান দখল কৰিব বুলি আশা কৰা হৈছে । জুবিন গাৰ্গ শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে তেওঁ সদায় জীয়াই থাকিব।