চিকিৎসালয়ত ভৰ্তি বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ পিতৃ ছালিম খান

Story by  atv | Posted by  Munni Begum • 1 Months ago
ছালিম খান
ছালিম খান
 
মুম্বাই 
 
প্ৰবীণ চিত্ৰনাট্যকাৰ ছালিম খানক ৯০ বছৰ বয়সত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছালিম খানৰ জ্যেষ্ঠ পুত্ৰ তথা বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানে তেওঁক সাক্ষাৎ কৰাৰ পিছত এঘণ্টা পূৰ্বে বান্দ্ৰাৰ লীলাৱতী হাস্পতালৰ পৰা ওলাই  আহিছিল।
 
পিটিআইৰ মতে, ছালিম খানক পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁ চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি হৈ আছে।
 
ছালিম খানৰ কন্যা আলভিৰা খান, জোঁৱাই অতুল অগ্নিহোত্ৰী আৰু নাতি আয়ন অগ্নিহোত্ৰীয়েও চিকিৎসালয়ত কিংবদন্তি চিত্ৰনাট্যকাৰক সাক্ষাৎ কৰে।
 
শ্বোলেই, হাতি মেৰে সাথি, জঞ্জীৰ আৰু মিষ্টাৰ ইণ্ডিয়াৰ দৰে আইকনিক চলচ্চিত্ৰৰ বাবে জনাজাত তেওঁৰ প্ৰাক্তন সংগী জাভেদ আখটাৰৰ সৈতে ছলিম খানে ২০২৫ চনৰ ২৪ নৱেম্বৰত তেওঁৰ ৯০ তম জন্মদিন উদযাপন কৰে।
 
তেওঁৰ ৯০ তম জন্মদিনৰ কেইদিনমান পূৰ্বে, ছালিম খান আৰু তেওঁৰ প্ৰথম পত্নী ছালমা খানে তেওঁলোকৰ ৬১ তম বিবাহ বাৰ্ষিকী পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে উদযাপন কৰে।