ঘোষণা হ'ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা

Story by  atv | Posted by  [email protected] • 1 Months ago
ঘোষণা হ'ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা
ঘোষণা হ'ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা
 
নতুন দিল্লী
 
ঘোষণা হ'ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা। ৯৮ সংখ্যক বাৰ্ষিক একাডেমী এৱাৰ্ডছ লছ এঞ্জেলছৰ অ’ভেচন হলিউডৰ বিখ্যাত ডলবি থিয়েটাৰত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।  হলীউডৰ শ্ৰেষ্ঠ প্ৰতিভাৱান শিল্পীসকল একেলগতে একত্ৰিত হৈ চিনেমাৰ সৰ্বশ্ৰেষ্ঠতাক সন্মান জনায়।
 
উল্লেখযোগ্য যে, One Battle After Another লৈ শ্রেষ্ঠ চলচ্চিত্রৰ বঁটা ঘোষণা কৰে। ইপিনে জেছী বাকলীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ঘোষণা কৰে। লগতে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান মাইকেল বি জর্ডানলৈ ঘোষণা কৰা হয়। শ্ৰেষ্ঠ পৰিচালকৰ সন্মান পল থমাছ এণ্ডাৰছনলৈ ঘোষণা কৰে। আনফালে এই অনুষ্ঠানত এই অনুষ্ঠানত প্ৰিয়ংকা চোপ্ৰা, ৰবাৰ্ট ডাউনী জুনিয়ৰ, এন্নে হাথৱে, নিকোল কিডমেন, ক্ৰীছ ইভান্সকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।
 
ইপিনে এই অনুষ্ঠানত সংগীতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে মনোনীত হোৱা দুটা গীত লাইভত পৰিবেশন কৰা হয়।য’ত চিনাৰ্ছৰ আই লাইড টু ইউ আৰু কেপপ ডেমন হাণ্টাৰ্ছৰ গোল্ডেন আছিল। ইয়াৰ উপৰিও কিংবদন্তি গায়িকা বাৰ্ব্ৰা ষ্ট্ৰেইছেণ্ডে অভিনেতা ৰবাৰ্ট ৰেডফোৰ্ডৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় এই অনুষ্ঠানত।