মুম্বাই
দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহু অঞ্চলত অচিনাক্ত ব্যক্তিয়ে অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা কৰে। অৱশ্যে অভিনেতাগৰাকী কোনো ধৰণৰ আঘাত পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
মুম্বাইৰ পশ্চিম উপকণ্ঠৰ জুহু আৰক্ষী থানাৰ অন্তৰ্গত পুষ্পা পাৰ্কৰ সমীপত এই ঘটনা সংঘটিত হয়। ঘটনাটোৰ পূৰ্বাপৰ ঘটনাক্ৰম উদ্ঘাটনৰ চেষ্টা চলি আছে বুলি এগৰাকী বিষয়াই জনায়।
বিষয়াগৰাকীয়ে পুনৰ স্পষ্ট কৰি দিয়ে, “শ্ৰফ সুৰক্ষিত আছে আৰু গুলীচালনাৰ ঘটনাত তেওঁ কোনো আঘাত পোৱা নাই।”
প্ৰাথমিক খবৰ অনুসৰি, এজন অচিনাক্ত ব্যক্তিয়ে অভিনেতাগৰাকী আৰু তেওঁৰ বন্ধুক লক্ষ্য কৰি গুলীচালনা কৰে।
ভাইৰেল হোৱা এটা ভিডিঅ’ত এজন অচিনাক্ত ব্যক্তিয়ে অভিনেতাগৰাকীৰ গাড়ীলৈ গুলীচালনা কৰা দেখা গৈছে।
ঘটনাত জড়িতসকলক কৰায়ত্ত কৰিবলৈ ব্যাপক অভিযান আৰম্ভ কৰা হৈছে। তদন্তৰ সূত্ৰ বিচাৰি বিশেষ দলসমূহে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে বুলিও বিষয়াগৰাকীয়ে জনায়।