নতুন দিল্লী
বৰ্তমান সময়ত ভাৰতীয় বক্সিং জগতত নিখাত জাৰিনৰ নাম সংগ্ৰাম, সাহস আৰু সফলতাৰ এক প্ৰতীক হৈ পৰিছে। ১৯৯৬ চনৰ ১৪ জুনত নিজামাবাদত জন্মগ্ৰহণ কৰা নিখাতে অতি সাধাৰণ পৰিৱেশৰ পৰা আহি ভাৰতীয় বক্সিঙৰ ইতিহাসত নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তিনিগৰাকী ভগ্নীৰ সৈতে এটা পৰম্পৰাগত মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হোৱা নিখাতৰ যাত্ৰাটো সহজ নাছিল। তথাপিও তেওঁৰ দৃঢ় সংকল্প আৰু পিতৃ মহম্মদ জামিল আহমেদৰ সহযোগ তথা সমৰ্থনে তেওঁক প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ ইন্ধন যোগাইছিল।
নিখাতৰ পিতৃ নিজেও এজন খেলুৱৈ আছিল আৰু তেওঁৱেই নিখাতক ক্ৰীড়া জগতৰ সৈতে চিনাকি কৰি দিছিল। প্ৰথম অৱস্থাত তেওঁ দৌৰৰ ট্ৰেকত খোজ দিছিল আৰু এথলেটিকছত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। তেওঁৰ জীৱনৰ এক নিৰ্ণায়ক মুহূৰ্ত সেই সময়ত আহিছিল, যেতিয়া তেওঁ লক্ষ্য কৰিছিল যে স্থানীয় ষ্টেডিয়ামৰ বক্সিং ৰিঙত ছোৱালীৰ সংখ্যা একেবাৰেই নাই। লগতে নিখাতৰ মনত প্ৰশ্ন উদয় হৈছিল যে বক্সিং কেৱল ল'ৰাৰ ক্ৰীড়া বুলিহে গণ্য কৰা হয় কিয় ? সেই প্ৰশ্নটোৱে নিখাতক ভিতৰি ভিতৰি খুন্দিয়াই আছিল, কিন্তু তেওঁ এই কুসংস্কাৰ ভঙাৰ সিদ্ধান্ত লৈছিল।
দৌৰৰ ট্ৰেকৰ পৰা বক্সিং ৰিঙলৈ তেওঁৰ এই পৰিৱৰ্তন সাহসৰ এক সুকীয়া পৰিচয় আছিল। তেওঁ নিজৰ পিতৃৰ ওচৰত প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত এক স্থানীয় জিমত ল’ৰাসকলৰ সৈতে বক্সিং খেলিছিল, য’ত পুৰুষৰ আধিপত্যই আছিল নিয়ম। তেওঁ প্ৰায়ে বিপর্যয়ৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কেতিয়াও হাৰ মানা নাছিল। নিখাতে বিশ্বাস কৰিছিল যে নিজৰ উন্নতিৰ বাবে শক্তিশালী প্ৰতিপক্ষৰ সৈতে প্ৰশিক্ষণ লোৱাটো প্ৰয়োজনীয়। এই মানসিকতাই তেওঁক আগুৱাই লৈ গৈছিল। পিছলৈ তেওঁ বিশাখাপত্তনমৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (SAI) কেন্দ্ৰত যোগদান কৰে, য’ত দ্ৰোণাচাৰ্য বঁটা বিজয়ী প্ৰশিক্ষক আই. ভি. ৰাওৰ তত্ত্বাৱধানত তেওঁ নিজৰ দক্ষতাক অধিক নিখুঁত কৰি তোলে।
২০০৯ চনত চাব-জুনিয়ৰ নেচনেল খিতাপ জয় কৰাৰ সময়তে নিখাতৰ প্ৰতিভা প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল। ২০১১ চনত জুনিয়ৰ আৰু ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ আগমণৰ বার্তা দিছিল—যিটো আছিল তেওঁৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। তিনি বছৰৰ পাছত তেওঁ ইউথ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে, যাৰ জৰিয়তে এইটো স্পষ্ট হৈ পৰিছিল যে ভাৰতে মহিলা বক্সিঙত এক নতুন তাৰকা বিচাৰি পাইছে।
অৱশ্যে তেওঁৰ কেৰিয়াৰ উত্থান-পতনেৰে ভৰা আছিল। বাছনি প্ৰক্ৰিয়াৰ বিতৰ্ক আৰু ডাঙৰ টুৰ্ণামেণ্টত সুযোগ হেৰুৱাই তেওঁ কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈছিল। ইমানবোৰ বাধাৰ পাছতো নিখাতে নিজৰ লক্ষ্যৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল। তেওঁ নিৰন্তৰ কাম কৰি গৈছিল আৰু মানসিক তথা শাৰীৰিকভাৱে নিজক শক্তিশালী কৰি তুলিছিল। তেওঁ বিশ্বাস কৰে যে এজন প্ৰকৃত চেম্পিয়ন সেইজনেই, যিয়ে কঠিন সময়তো ধৈৰ্য্য ধৰি ৰাখিব পাৰে।
নিখাত জাৰিন তেওঁৰ পিতৃ-মাতৃৰ সৈতে
২০২২ বৰ্ষটো তেওঁৰ কেৰিয়াৰৰ এক সোণালী অধ্যায় হিচাপে প্ৰমাণিত হয়, যেতিয়া তেওঁ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচনা কৰে আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। ২০২৩ চনতো তেওঁ এই সাফল্যৰ পুনৰাবৃত্তি ঘটায় আৰু পুনৰবাৰ বিশ্ব চেম্পিয়ন হৈ প্ৰমাণ কৰে যে তেওঁৰ সফলতা কোনো আকস্মিক ঘটনা নাছিল। ইটোৰ পিছত সিটোকৈ বিশ্ব খিতাপ জয় কৰাটোৱে তেওঁৰ অনুশাসন, আত্মবিশ্বাস আৰু একাগ্ৰতাকে প্ৰতিফলিত কৰিছিল। একেটা বছৰতে তেওঁ কমনৱেলথ গেমছতো স্বৰ্ণ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে।
নিখাতে ২০১১ চনৰ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে শক্তিশালী প্ৰদৰ্শন কৰি আহিছে। আজি তেওঁক ভাৰতৰ অন্যতম তাৰকা বক্সাৰ হিচাপে গণ্য কৰা হয়, যিয়ে দেশৰ বাবে বাৰে বাৰে স্বৰ্ণ পদক জয় কৰি ত্ৰিৰংগা উৰুৱাইছে।
২০২৫ চনৰ বিশ্ব বক্সিং কাপত স্বৰ্ণ পদক জয় কৰাৰ পিছত নিখাতে ব্যক্ত কৰে যে এই পদকটোৱে তেওঁৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব। তেওঁ কয় যে এয়া বিশেষভাৱে তাৎপৰ্যপূৰ্ণ আছিল কাৰণ এক দীৰ্ঘ বিৰতিৰ পিছত তেওঁ ফাইনেলত উপনীত হৈ স্বৰ্ণ জয় কৰিছিল। এছিয়ান গেমছৰ পিছত এয়া আছিল তেওঁৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক, যিয়ে এই জয়ক অধিক বিশেষ কৰি তুলিছিল। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে তেওঁ একেই স্তৰত প্ৰদৰ্শন অব্যাহত ৰাখিব আৰু ভাৰতৰ হৈ পদক জয় কৰি থাকিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নিখাত জাৰিন
ৰিঙৰ বাহিৰতো নিখাতৰ সফলতা উল্লেখনীয়। ২০২৪ চনলৈকে তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ১০-১৫ কোটি টকা (প্ৰায় ১.২–১.৮ নিযুত আমেৰিকান ডলাৰ) বুলি জানিব পৰা গৈছে। তেওঁৰ আয়ৰ উৎসসমূহৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টৰ জয়, বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছৰ পৰা চৰকাৰী নগদ ধনৰ পুৰস্কাৰ আৰু NMDC লিমিটেডৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনৰ চুক্তি। এগৰাকী অতি সাধাৰণ পৰিৱেশৰ পৰা অহা খেলুৱৈৰ বাবে এইটোৱে প্ৰমাণ কৰে যে ক্ৰীড়া কেনেকৈ আৰ্থিক সবলীকৰণৰ এক পথ হ’ব পাৰে।
নিখাত জাৰিনৰ কাহিনী কেৱল পদকৰ বিষয়েই নহয়; ই মানসিকতা সলনি কৰাৰ বিষয়েও। তেওঁ প্ৰমাণ কৰি দিছে যে বক্সিঙৰ দৰে কঠিন ক্ৰীড়াতো মহিলাসকলে বিশ্ব চেম্পিয়ন হ’ব পাৰে। আজি তেওঁ পৰম্পৰাগত বাধা নেওচি নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ আশা কৰা লাখ লাখ যুৱতীৰ বাবে এক অনুপ্ৰেৰণা। নিখাতে দেখুৱাই দিছে যে পৰিয়ালৰ সমৰ্থন, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা কোনো লক্ষ্যই অপ্ৰাপ্ত নহয়। সংগ্ৰামৰ পৰা সফলতালৈ তেওঁৰ এই যাত্ৰাই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।