শংকৰ কুমাৰ
বৰ্তমানৰ বিশ্ব পৰিস্থিতিৰ বিদ্ৰূপাত্মক ৰূপটো এতিয়া সম্পূৰ্ণৰূপে উন্মোচিত হৈছে। এফালে পাকিস্তানে নিজৰ চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ চিকিৎসালয়, আৱাসিক এলেকাত বিনা দ্বিধাই বোমা বৰ্ষণ কৰি নিৰীহ লোকক হত্যা কৰি আছে আৰু আনফালে আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধত 'শান্তিৰক্ষক'ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাই আছে। অৱশ্যে এই প্ৰয়াসত তেওঁলোক বিফল হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় বাণিজ্য - বিশেষকৈ শক্তি খণ্ডত বিৰূপ প্ৰভাৱ পেলোৱা এই সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে পাকিস্তানে ছৌদি আৰৱ, তুৰস্ক আৰু ইজিপ্তৰ বৈদেশিক মন্ত্ৰীসকলক আতিথ্য প্ৰদান কৰে।
ইৰানৰ বিৰুদ্ধে যুদ্ধ তীব্ৰতৰ কৰাৰ বাবে ৱাশ্বিংটন ডিচিৰ আহ্বানক লৈ স্বয়ং আমেৰিকা যুক্তৰাষ্ট্ৰই আইন প্ৰণেতা, ৰণনীতিবিদ আৰু সাংবাদিকসকলৰ ক্ৰমবৰ্ধমান সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু ইয়াৰ মাজতে এই ভয়ংকৰ সংঘাতত পাকিস্তানক মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈ ট্ৰাম্প প্ৰশাসনে অনুমতি দিয়াত আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলক আটাইতকৈ বেছি আচৰিত কৰি তুলিছে।
আটাইতকৈ পৰিতাপৰ কথাটো হ'ল, আমেৰিকাৰ কংগ্ৰেছনেল ৰিচাৰ্ছ ছাৰ্ভিচ (CRS)ৰ যিখন প্ৰতিবেদনত পাকিস্তানক 'সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল' বুলি অভিহিত কৰা হৈছিল, সেই প্ৰতিবেদনক আওকাণ কৰি ইছলামবাদক এই ভূমিকা অৰ্পণ কৰা হৈছে। ভাৰতকে ধৰি বিশ্বৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদ বিয়পোৱাৰ ক্ষেত্ৰত পৰিচিত পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (UNSC)ৰ দ্বাৰা নিষিদ্ধ ঘোষিত সৰ্বাধিক সংখ্যক সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনক আশ্ৰয় দিয়াৰ অভিলেখ গঢ়িছে।
আমেৰিকাত সংঘটিত ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল খলনায়ক তথা ভয়ংকৰ সন্ত্ৰাসবাদী ওছামা বিন লাডেনে পাকিস্তানৰ প্ৰধান সামৰিক কেন্দ্ৰ এবোটাবাদত নিৰাপদে আশ্ৰয় লৈ আছিল। আনহাতে, হাফিজ ছৈয়দ আৰু মাছুদ আজহাৰৰ দৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদীসকলে আজিও দেশখনত ৰাষ্ট্ৰ-পৃষ্ঠপোষকতাৰ আতিথ্য উপভোগ কৰি আছে।
চুবুৰীয়া ৰাষ্ট্ৰ, বিশেষকৈ আফগানিস্তানত পাকিস্তানে চলোৱা কাৰ্যকলাপসমূহো কম উদ্বেগজনক নহয়, য'ত তেওঁলোকে কাবুল আৰু দেশখনৰ অন্যান্য প্ৰান্তৰ চিকিৎসালয়, বিদ্যালয় আৰু আৱাসিক এলেকাত নিৰ্বিচাৰভাৱে বোমা বৰ্ষণ কৰি আছে। আমেৰিকা-ইজৰাইলে ইৰানৰ বিৰুদ্ধে যুটীয়া সামৰিক অভিযান আৰম্ভ কৰাৰ মাত্ৰ দুদিন পূৰ্বে পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
আফগানিস্তানৰ তালিবান চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লাহ ফিট্ৰেটৰ মতে, যোৱা ১৬ মাৰ্চত পাকিস্তানৰ নেতৃত্বত হোৱা এক বিমান আক্ৰমণত কাবুলৰ অমিদ ড্ৰাগ ৰিহেবিলিটেচন চেণ্টাৰ (২০১৬ চনৰ পৰা চলি থকা ২,০০০ খন বিছনাযুক্ত এখন চিকিৎসা প্ৰকল্প) ত ৪০০ লোক নিহত হয় আৰু ২৫০ জনৰো অধিক লোক আহত হয়।
বিগত মাহত, আফগানিস্তানত চলি থকা যুদ্ধখন এক বধ্যভূমিত পৰিণত হৈছে। তালিবানৰ শাসনত ইতিমধ্যে তীব্ৰ দুৰ্দশাৰ সন্মুখীন হোৱা জনসাধাৰণৰ ওপৰত পাকিস্তানৰ সেনাই মিছাইল আক্ৰমণ চলোৱাৰ লগতে যুঁজাৰু বিমানৰ পৰা বোমা নিক্ষেপ কৰিছে। ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তান আৰু আফগান বাহিনীৰ মাজত হোৱা এই সংঘাতৰ ফলত ইতিমধ্যে ১ লাখৰো অধিক লোক গৃহহীন হৈছে।
এনে এক প্ৰেক্ষাপটত, মধ্যপ্ৰাচ্যত চলি থকা সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত মধ্যস্থতা কৰিবলৈ পাকিস্তানে ছৌদি আৰৱ, ইজিপ্ত আৰু তুৰস্কৰ বৈদেশিক মন্ত্ৰীসকলৰ এক চাৰিপক্ষীয় বৈঠকত আতিথ্য প্ৰদান কৰে। ই এক নিষ্ঠুৰ বিড়ম্বনাৰ বাহিৰে আন একো নহয় - ঘৰৰ ভিতৰত তেওঁলোকৰ কাৰ্যকলাপ আৰু বিশ্ব দৰবাৰত তেওঁলোকৰ কাৰ্যকলাপৰ মাজত এয়া এক তীব্ৰ অন্তৰ্বিৰোধ।
কিন্তু পাকিস্তানে নিজৰ ভাবমূৰ্তি সলনি কৰিবলৈ যিমানেই চেষ্টা নকৰক কিয়, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ইয়াক কেতিয়াও গুৰুত্ব সহকাৰে নলয়। ইৰানে পাকিস্তানক কৰা তীক্ষ্ণ উপেক্ষাৰ পৰাই এই কথা স্পষ্ট হৈ পৰে। তেহৰানে কয় যে মধ্যপ্ৰাচ্যৰ উত্তেজনা সন্দৰ্ভত তেওঁলোক কোনো কূটনৈতিক আলোচনাত লিপ্ত হোৱা নাই।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ছৌদি বৈদেশিক মন্ত্ৰীৰ ইছলামাবাদ ভ্ৰমণৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) সৃষ্ট ছবি
মুম্বাইত থকা ইৰানৰ কনচুলেট জেনেৰেলে স্পষ্টভাৱে জনাইছে যে আমেৰিকাৰ সৈতে তেওঁলোকৰ "কোনো প্ৰত্যক্ষ আলোচনা" হোৱা নাই আৰু পাকিস্তানে অনুষ্ঠিত কৰা বৈদেশিক মন্ত্ৰীসকলৰ চাৰিপক্ষীয় বৈঠকখন আছিল "তেওঁলোকৰ নিজা উদ্যোগ", যিয়ে ইছলামবাদৰ সীমিত কূটনৈতিক প্ৰভাৱকে আঙুলিয়াই দিয়ে।
তদুপৰি, ইৰানৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ইছমাইল বাঘায়ে পাকিস্তানৰ জৰিয়তে আমেৰিকাই প্ৰেৰণ কৰা যুদ্ধ বিৰতিৰ ১৫ দফীয়া প্ৰস্তাৱক "অবাস্তৱ আৰু অযৌক্তিক" বুলি ৰাজহুৱাভাৱে প্ৰত্যাখ্যান কৰে। এই ১৫ দফীয়া প্ৰস্তাৱত ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী বাতিল কৰা আৰু হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ হস্তান্তৰ কৰাৰ দাবী অন্তৰ্ভুক্ত আছিল। ইৰানৰ এই প্ৰত্যাখ্যানে আমেৰিকাৰ নিৰ্দেশত পাকিস্তানে কৰা কূটনৈতিক প্ৰয়াসক লৈ তেওঁলোকৰ অস্বস্তিক সূচায়।
ইছলামবাদৰ বাবে এই পৰিঘটনা বিশেষভাৱে লজ্জাজনক, কিয়নো ইয়াৰ পূৰ্বে তেওঁলোকে অতি গৌৰৱেৰে ঘোষণা কৰিছিল যে তেহৰান আৰু ৱাশ্বিংটন ডিচি- দুয়োপক্ষই আলোচনাৰ আঁত ধৰোঁতা হিচাপে পাকিস্তানৰ ভূমিকাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। কিন্তু মধ্যস্থতাকাৰী হোৱাৰ আগ্ৰহৰ মাজত পাকিস্তানে পাহৰি গৈছে যে পৰিস্থিতি ক্ৰমান্বয়ে বিপজ্জনক হৈ পৰিছে, কিয়নো আমেৰিকা আৰু ইৰান, দুয়োপক্ষই যুদ্ধ বন্ধ কৰাৰ কোনো মানসিকতাত নাই। দুয়োপক্ষই পৰস্পৰৰ বিৰুদ্ধে মাৰাত্মক অস্ত্ৰ প্ৰয়োগ কৰি কেৱল জয়ী হোৱাটো বিচাৰিছে।
ইয়াৰ উপৰি, পাকিস্তানৰ নেতৃত্বত চলোৱা মধ্যস্থতাৰ প্ৰয়াসত ছৌদি আৰৱৰ অংশগ্ৰহণো আছিল। এছ'চিয়েটেড প্ৰেছৰ মতে, ছৌদি আৰৱে UAE, কুৱেইট আৰু বাহৰেইনৰ সৈতে একেলগে এইটো নিবিচাৰে যে ইৰানৰ নেতৃত্বৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন বা তেহৰানৰ দৃষ্টিভংগীৰ সালসলনি নোহোৱালৈকে আমেৰিকাৰ নেতৃত্বত চলা সামৰিক অভিযান হ্ৰাস পাওক। যদি এই কথা সঁচা হয়, তেন্তে ইছলামবাদৰ মধ্যস্থতা প্ৰয়াসৰ বিশ্বাসযোগ্যতা আৰু উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপিত হয়। যিবোৰ দেশে নিজেই ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান চলাই নিয়াটো বিচাৰে, তেনে দেশসমূহক অন্তৰ্ভুক্ত কৰা কাৰ্যই পাকিস্তানৰ 'নিৰপেক্ষ শান্তি প্ৰতিষ্ঠাকাৰী'ৰ দাবীক স্পষ্টভাৱে দুৰ্বল কৰি তোলে।
সেয়েহে, পাকিস্তানৰ নিজকে শান্তিৰক্ষক হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস তেওঁলোকৰ অন্তৰ্বিৰোধৰ বোজাত মূল্যহীন হৈ পৰিছে আৰু তেওঁলোকক এগৰাকী দায়িত্বশীল শান্তি প্ৰতিষ্ঠাকাৰীতকৈ সুযোগসন্ধানী খেলুৱৈ হিচাপেহে অধিক গণ্য কৰা পৰিলক্ষিত হৈছে। মধ্যস্থতাৰ বাবে নিৰপেক্ষতা, বিশ্বাস আৰু ধাৰাবাহিকতাৰ প্ৰয়োজন - যিবোৰ গুণ প্ৰদৰ্শন কৰাত পাকিস্তান সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।