গংগাত পৱিত্ৰ স্নান মুছলমান পৰিয়ালৰঃ বিশ্বাসৰ সীমা অতিক্ৰম কৰা এক হৃদয়স্পৰ্শী দৃশ্য

Story by  atv | Posted by  [email protected] • 2 h ago
গংগাত পৱিত্ৰ স্নান মুছলমান পৰিয়ালৰঃ বিশ্বাসৰ সীমা অতিক্ৰম কৰা এক হৃদয়স্পৰ্শী দৃশ্য
গংগাত পৱিত্ৰ স্নান মুছলমান পৰিয়ালৰঃ বিশ্বাসৰ সীমা অতিক্ৰম কৰা এক হৃদয়স্পৰ্শী দৃশ্য
 
কলকাতা
 
ধর্মক লৈ আৱৰি থকা মতভেদ, ৰাজনীতি আৰু বিভাজনৰ ভাষা আজিৰ সমাজৰ বাবে নতুন কথা নহয়। বিশ্বাস য’ত ব্যক্তিগত অনুভূতি, তাত তাক আৱৰি বাৰে বাৰে সংঘাতৰো সৃষ্টি হয়। তথাপি এই সকলো হুলস্থূলৰ মাজতো কেতিয়াবা এনে মুহূৰ্ত আহে, যিয়ে আমাক মনত পেলাই দিয়ে যে ধৰ্মৰ প্ৰকৃত ভাষা বিভাজন নহয়, বৰং সহাৱস্থান।
 
এক দৃশ্য পৰিলক্ষিত হ’ল গংগা সাগৰত। পৱিত্ৰ স্নান অনুষ্ঠানত আনসকলৰ দৰে উপস্থিত আছিল ফিৰোজ বক্সৰ সৈতে তেওঁৰ পত্নী আছমিনা বিবি আৰু তেওঁলোকৰ সন্তান। তেওঁলোকৰ পৰিচয় মুছলমান যদিও ধৰ্মৰ সীমা ৰেখা তেওঁলোকে মানি নচলে। হিন্দু ৰীতি মতে গংগাত স্নান কৰিবলৈ আহি তেওঁলোকে কোনো দ্বিধা বা সংকোচ অনুভৱ কৰা নাছিল। বৰং তেওঁলোক স্বাভাৱিকভাৱে বিলীন হৈ পৰিছিল সমুদ্ৰ মেলাৰ পৰিৱেশত। ফিৰোজ বক্সৰ সন্তানে হিজাব পিন্ধি স্নানত অংশগ্ৰহণ কৰে, এই দৃশ্য বহুতৰ বাবে হৈ পৰে আশ্চৰ্যৰ কাৰণ।
 
গংগা সাগৰ মেলাৰ প্ৰৱেশদ্বাৰৰ ছবি (ফাইল ফটো)
 
কিন্তু তেওঁলোকৰ বাবে এয়া তেনেই সাধাৰণ কথা। ফিৰোজ বক্সে জনায় যে তেওঁলোকে প্ৰতি বছৰে গংগা সাগৰলৈ আহে। ইয়াতেই তেওঁলোকৰ ঘৰ, ইয়াৰ পৰিৱেশ তেওঁলোকৰ চিনাকি। তেওঁ কয়, ''সকলো ধৰ্মই এটা স্থানত আহি মিলিত হয়। সকলোৱে মানুহ, সকলোৱে ভালপায়। সেয়েহে ইয়ালৈ আহি মনে শান্তি পায়।’’
 
তেওঁৰ পত্নী আছমিনা বিবিয়েও একেই কথাকে কয়। তেওঁৰ মতে, গংগা সাগৰলৈ অহাটো তেওঁলোকৰ বাবে বিশ্বাসৰেই এক প্ৰদৰ্শন। মন্দিৰলৈ যোৱা, প্ৰসাদ গ্ৰহণ কৰা, এইসমূহৰ মাজত তেওঁ কোনো অস্বাভাৱিকতা নেদেখে। তেওঁৰ ভাষাত, "বিশ্বাস হ'ল মনৰ কথা। ইয়াত বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। সকলো অতি স্বাভাৱিক।’’
 
গংগা সাগৰ মেলাৰ এখন ছবি (ফাইল ফটো)
 
ধৰ্মীয় বিভাজন আৰু পাৰস্পৰিক অবিশ্বাসৰ পৰিৱেশত ফিৰোজ বক্স আৰু তেওঁৰ পৰিয়ালৰ এই উপস্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। সমালোচনা, বিদ্ৰূপ বা সামাজিক চাপেও তেওঁলোকৰ বিশ্বাসৰ পথ ৰুদ্ধ কৰিব পৰা নাই। মনৰ তাড়নাত তেওঁলোকে গংগা সাগৰলৈ আহিছে, পৱিত্ৰ স্নানত অংশ লৈছে আৰু স্বাভাৱিকভাৱেই আনন্দ উপভোগ কৰিছে। তেওঁলোকৰ এই স্থিতিয়ে দেখুৱাইছে যে ধৰ্ম মানুহৰ মাজত দেৱাল সৃষ্টি কৰাৰ বাবে নহয়, বৰং মানুহৰ মনক সংযুক্ত কৰাৰ বাবে। এই স্বাভাৱিক সহাৱস্থানৰ দৃশ্য হয়তো ক্ষন্তেকৰ বাবে পৰিলক্ষিত হয়, কিন্তু বহু মানুহৰ মনত দীৰ্ঘদিন ধৰি এক নীৰৱ অনুপ্ৰেৰণা হিচাপে ৰৈ যায়।