গুৱাহাটী
নাগালেণ্ডৰ কোহিমাৰ ঐতিহ্যমণ্ডিত কিছামা গাঁৱত আজিৰে পৰা আৰম্ভ হৈছে ২৬ সংখ্যক হৰ্নবিল মহোৎসৱ। ইপিনে, আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস। ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। প্রতিষ্ঠা দিৱসৰ সৈতে একেলগে ১০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবেলি হৰ্নবিল মহোৎসৱ।
এই মহোৎসৱত নাগালেণ্ডৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। অনুষ্ঠানত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্রদর্শন কৰা হ'ব। প্রায় দুই দশক পূর্বে পর্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৰ্নবিল মহোৎসৱ বর্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ-বিদেশৰ পর্যটক, সহযোগী তথা শিল্পীসকলক আকর্ষণ কৰি আহিছে। অইন অইন বছৰৰ দৰে এইবেলিও হৰ্নবিল মহোৎসৱত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই ৰাজ্য চৰকাৰৰ হৈ নাগালেণ্ডবাসীৰ লগতে সকলো সন্মানীয় অতিথি আৰু দৰ্শনাৰ্থীক এই উৎসৱলৈ উষ্ম আদৰণি জনাইছে।
আনহাতে, ৰাজ্যখনৰ প্রতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে নাগালেণ্ডবাসীক শান্তি, উন্নয়ন তথা একতাৰ ক্ষেত্ৰত প্রতিশ্রুতিবদ্ধ হৈ সকলোকে ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ণয় কৰাত অংশীদাৰ হ'বলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।