"মই যীচুক ধন্যবাদ জনাব বিচাৰো, কাৰণ মই নিজৰ দ্বাৰা এই কাম সমাধান কৰিব নোৱাৰিলোহেঁতেনে। মই মোৰ মা, দেউতা, প্ৰশিক্ষক আৰু মোৰ ওপৰত বিশ্বাস কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাইছো। যোৱা মাহটো মোৰ বাবে বৰ কঠিন আছিল। সেয়ে এইখিনি সময় সপোনৰ দৰে লাগিছে। বিশ্বাস কৰিব পৰা নাই যে মই ভাৰতৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰিছো।", জেমিমাই বিজয়ৰ পিছত কয়।"I have cried every day through this tour. I wasn't doing well mentally, dealt with a lot of anxiety"
— ESPNcricinfo (@ESPNcricinfo) October 30, 2025
Jemimah Rodrigues, take a bow 🙇 pic.twitter.com/k15Nn95GAB
"এতিয়ালৈকে মোৰ জীৱনত যিবোৰ ঘটিছে, সেই সকলোবোৰ আজিৰ এই দিনটোৰ বাবে এক প্রস্তুতি আছিল। ঘটনাবোৰ একেৰাহে ঘটি থাকিল, আৰু মই একো নিয়ন্ত্ৰণ কৰিব পৰা নাছিলো। এই সময়ছোৱাত মই প্ৰায় প্ৰতিদিনেই কান্দিছো। মই মানসিকভাৱে সুস্থ নাছিলো, যথেষ্ট উদ্বিগ্নতাত ভুগি আছিলো"।-ক্ৰিকেটাৰগৰাকীয়ে কয়।EMOTIONAL JEMIMAH RODRIGUES IN PRESENTATION. 👑
— Johns. (@CricCrazyJohns) October 30, 2025
- Brilliant questions by Raunak Kapoor. pic.twitter.com/6PeBR37cyp
১৩৪ টা বলত ১২৭ ৰানৰ আকৰ্ষণীয় ইনিংছ খেলি ভাৰতীয় শিবিৰলৈ স্মৰণীয় জয় কঢ়িয়াই অনা তাৰকা ক্ৰিকেটাৰগৰাকীয়ে কয়, "মোৰ ভিতৰত বহুত কৰিবলগীয়া আছিল, কিন্তু মই শান্ত হৈ থাকিবলৈ চেষ্টা কৰিছিলো। ভাৰতে ৫ উইকেটত জয়ী হোৱা দেখি মই নিজকে ৰখাব নোৱাৰিলোঁ। শেষৰ ফালে, মই নিজকে আগুৱাই নিবলৈ চেষ্টা কৰিছিলো কিন্তু নোৱাৰিলোঁ। দীপ্তিয়ে প্ৰতিটো বলত মোৰ সৈতে কথা পাতিছিল আৰু মোক উৎসাহিত কৰি আছিল। মই একো কৃতিত্ব ল'ব নোৱাৰো, মই নিজে একো কৰা নাই। প্ৰতিজন সদস্যই গীত গাইছিল, উৎসাহিত কৰিছিল আৰু বিশ্বাস কৰিছিল। প্ৰতিটো ৰাণৰ বাবে তেওঁলোকে মোক উৎসাহিত কৰিছিল, এইবোৰে মোক অনুপ্ৰাণিত কৰিছিল আৰু সাহস বঢ়াইছিল।"𝐏𝐈𝐂𝐓𝐔𝐑𝐄 𝐎𝐅 𝐓𝐇𝐄 𝐃𝐀𝐘! 📸❤️
— Sportskeeda (@Sportskeeda) October 30, 2025
Jemimah Rodrigues shares an emotional hug with her father after guiding India to a memorable semi-final win over Australia! 🇮🇳🥹🫂#INDWvAUSW #CWC25 #NaviMumbai #Sportskeeda pic.twitter.com/A7x87SIa3u