ইণ্ডিগ'ৰ বিফলতা ভাৰতীয় বিমান নিয়ন্ত্ৰকসকলৰ বাবে এক সতৰ্কবাৰ্তা হোৱা উচিত

Story by  atv | Posted by  Munni Begum • 6 h ago
ইণ্ডিগো এয়াৰলাইন্সৰ বিমান বাতিলৰ বাবে দিল্লী বিমানবন্দৰত আবদ্ধ হৈ পৰে ছৌদি অভিমুখী উমৰাহ হজযাত্ৰী
ইণ্ডিগো এয়াৰলাইন্সৰ বিমান বাতিলৰ বাবে দিল্লী বিমানবন্দৰত আবদ্ধ হৈ পৰে ছৌদি অভিমুখী উমৰাহ হজযাত্ৰী
 
সুষমা ৰামচন্দ্ৰন
 
২০২৫ৰ শেষৰ ফালে বিমান পৰিবহণৰ ক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি হয়। ডিচেম্বৰৰ আৰম্ভণিতে আগশাৰীৰ বিমান পৰিবহণ কোম্পানী ইণ্ডিগ'ৰ বিমানসমূহৰ উৰণ বাতিল কৰাৰ ফলত বিমান বন্দৰসমূহত যাত্ৰীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়, য’ত যাত্ৰীসকলে নিজৰ গন্তব্য স্থানত উপস্থিত হ'বলৈ উদ্বাউল হৈ পৰিছিল। যাত্ৰীসকলে বিমানৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি বহু দুৰ্ভোগ ভুগীবলগীয়া হৈছিল। আন বিমান পৰিবহণ কোম্পানীৰ বিমানেৰে যাত্ৰা কৰা লোকসকল আকাশলংঘী ভাড়াৰ সন্মুখীন হ'বলগীয়া হৈছিল।
 
পৰিস্থিতি এতিয়া বহুখিনি স্বাভাৱিক হৈ পৰিছে, যদিও ভাৰতীয় বিমান পৰিবহণ বজাৰৰ এক বৃহৎ অংশ নিয়ন্ত্ৰণ কৰা নিয়ন্ত্ৰক সংস্থাটোৱে ইণ্ডিগ' এয়াৰলাইন্সৰ বিমানৰ সংখ্যা সীমিত কৰিছে। বিমানবন্দৰসমূহত যি বিশৃংখলতাৰ সৃষ্টি হৈছিল আৰু যাত্ৰীসকল যি দুৰ্ভোগৰ সন্মুখীন হ’ব লগা হৈছিল, সেয়া আচলতে বিমান যাত্ৰা কৰা লোকসকলক অধিক সুৰক্ষা প্ৰদানৰ বাবে প্ৰণয়ন কৰা কিছুমান নতুন নিয়মৰ বাবে হৈছিল। এই নিয়মসমূহত পাইলটসকলক বিশ্ৰামৰ বাবে অধিক সময় দিয়াৰ কথা কোৱা হৈছে। বিশ্ৰামৰ সময় সপ্তাহত ৩৬ ঘণ্টাৰ পৰা ৪৮ ঘ্‌টালৈ বৃদ্ধি কৰা হৈছে। এয়া ফ্লাইট ডিউটি টাইম লিমিটেচন (FDTL) নামৰ এটা ব্যৱস্থাৰ অধীনত কৰা হৈছিল, যিয়ে পাইলটৰ ডিউটিৰ সময় নিয়ন্ত্ৰণ কৰে। আন আন ঘৰুৱা বিমান সংস্থাৰ দৰে ইণ্ডিগ'ই নতুন নিৰ্দেশনাৱলী অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত নিজৰ সময়সূচী পুনৰ গঠন কৰাত ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে।
 
আনহাতে, বিমান সংস্থাটোৱে দাবী কৰিছে যে ব্যাপক বিমান বাতিলৰ আঁৰত নতুন নিৰ্দেশনাৱলী নহয়, বৰঞ্চ ইয়াৰ বহু কাৰণ আছিল। এই অভূতপূৰ্ব বিশৃংখলতাৰ পৰিণাম দুই ধৰণ। প্ৰথমটো হ’ল অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয় আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ যৌথভাৱে এই বিশৃংখলতা আৰু যাত্ৰীসকলৰ দুৰ্ভোগৰ কাৰণসমূহ অনুসন্ধান কৰিব। দ্বিতীয়টো হ'ল যে বিমান পৰিবহণ উদ্যোগৰ ভৱিষ্যৎ এতিয়া এনে এটা প্ৰেক্ষাপটৰ পৰা চোৱা হ’ব, য’ত এটা একক সংস্থাই কাৰ্যতঃ একচেটিয়া আধিপত্য বিস্তাৰ কৰিছে। এই ক্ষেত্ৰখনক এক দ্বৈত অধিকাৰ হিচাপে বৰ্ণনা কৰিলেও বাস্তৱত ইণ্ডিগ'ই বজাৰৰ ৬৫ শতাংশ শ্বেয়াৰৰ সৈতে এক বৃহৎ সুবিধা ভোগ কৰি আছে। বিপৰীতে এয়াৰ ইণ্ডিয়া ২৬ শতাংশ শ্বেয়াৰৰ সৈতে বহু পিছ পৰি আছে।
 
ইণ্ডিগোৰ বিমান বাতিলৰ সময়ত আবদ্ধ যাত্ৰীৰ সামগ্ৰী
 
বিমান পৰিবহণ মন্ত্ৰ্যালয় আৰু দেশৰ বিমান পৰিবহণ নিয়ন্ত্ৰক, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ যাত্ৰীসকলৰ ক্ষোভ আৰু অসন্তুষ্টিৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাইজে অভিযোগ কৰিছিল যে বিমানৰ সুৰক্ষাক এই খণ্ডৰ এটা বৃহৎ বিমান কোম্পানীৰ খেয়ালখুচি মতে উপেক্ষা কৰা হৈছে। জনসাধাৰণৰ এই তীব্ৰ ক্ষোভৰ বাবে, চৰকাৰী কৰ্তৃপক্ষই এতিয়া হস্তক্ষেপ কৰিছে। তেওঁলোকে বিমান কোম্পানীটোক নিৰ্দেশ দিছে যে যাত্ৰীসকলক তেওঁলোকৰ বাতিল হোৱা বিমানৰ ধন সম্পূৰ্ণৰূপে ঘূৰাই দিব লাগে। এয়াৰলাইন কোম্পানীসমূহক যাত্ৰীসকলৰ আবদ্ধ কৰি ৰখা বেগসমূহ শীঘ্ৰে ঘূৰাই দিবলৈ কোৱা হৈছে। আচৰিত আৰু উদ্বেগজনক কথাটো হ'ল যে এই কাৰ্যকলাপসমূহ- ধন ঘূৰাই দিয়া আৰু লাগেজ ঘূৰাই দিয়া - হ’ল সাধাৰণ সেৱা, যিবোৰ যিকোনো এয়াৰলাইন্সে স্বাভাৱিকতে নিজে আগবঢ়াব লাগে। অৱশ্যে, এই ক্ষেত্ৰত এয়াৰলাইনে কেৱল এইটো কৰিছে কাৰণ চৰকাৰে কঠোৰ নিৰ্দেশ জাৰি কৰিছে, এয়া কোম্পানীৰ নিয়মীয়া বা দায়িত্বশীল নীতিৰ অংশ নহয়। এই পৰিস্থিতিয়ে যাত্ৰীসকলৰ অধিকাৰ আৰু বিমান সংস্থাৰ দায়বদ্ধতাৰ বিষয়ে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পৰা দেখা যায় যে চৰকাৰৰ চাপ অবিহনে যাত্ৰীসকলৰ বাবে থকা অত্যাৱশ্যকীয় সা-সুবিধাসমূহৰ নিশ্চয়তা দিব নোৱাৰি।
 
তদুপৰি, এই এয়াৰলাইনৰ শীতকালীন সময়সূচী ১০ শতাংশ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত যাত্ৰীসকলৰ বাবে বিমানৰ সংখ্যা হ্ৰাস হ’ব পাৰে, কিন্তু এই হ্ৰাসৰ কাৰণো বেলেগ, যদিও সৰু বিমান সংস্থাসমূহে ইয়াক পূৰণ কৰিব বুলি আশা কৰা হৈছে। নিয়ন্ত্ৰক সংস্থাই এয়াৰলাইনৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ এটা গোটো গঠন কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আশ্বাস দিছে যে এই বিশৃংখলতা সৃষ্টিৰ পিছত ইণ্ডিগ’ক শাস্তিৰ পৰা হাত সাৰি যাবলৈ দিয়া নহ’ব। ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয় তাৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ ঘোষণা কৰে। কিন্তু এতিয়াৰ বাবে বিমান সংস্থাটোৱে পৰ্যাপ্ত কৰ্মচাৰী নিযুক্তি নোপোৱালৈকে এফ ডি টি এলৰ নতুন নিয়ম শিথিল কৰিব লাগিব। অৰ্থাৎ অধিকাংশ ঘৰুৱা বিমান সংস্থাই নতুন নিয়ম মানি চলিব লাগিব, কিন্তু ইণ্ডিগ’ক দুমাহৰ বাবে এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। এয়া হয়তো অন্যায় যেন লাগিব পাৰে, কিন্তু নতুন নিয়মাৱলী কঠোৰভাৱে বলৱৎ কৰাৰ ফলত বিমান যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
 
দীৰ্ঘস্থায়ীভাৱে বৰ্তমান প্ৰায় একচেটিয়া পৰিস্থিতিৰ কাৰণে ঘৰুৱা বিমান উদ্যোগটো কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্ৰতিযোগিতা আয়োগে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকে হস্তক্ষেপ কৰিবলগীয়া হ’ব পাৰে। তেওঁলোকে বৃহৎ সংস্থাসমূহক ভাঙি পেলোৱাৰ বাবে নিজৰ শক্তি প্ৰয়োগ নকৰিব পাৰে, কিন্তু বৃহৎ সংস্থাসমূহে যাতে তেওঁলোকৰ প্ৰভাৱৰ অপব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইণ্ডিগ' এয়াৰলাইনছৰ বৃহৎ সংখ্যক বিমানৰ উৰণ বাতিলৰ ফলত পাটনা বিমানবন্দৰত আৱদ্ধ হৈ পৰে বহু যাত্ৰী
 
একে সময়তে আগশাৰীৰ ঘৰুৱা বিমান সংস্থা হিচাপে ইণ্ডিগ’ৰ উত্থান একেনিশাই হোৱা নাই। ই ১৯ বছৰ ধৰি ব্যৱসায় কৰি আছে আৰু দক্ষতা আৰু নিৰ্ভৰযোগ্যতাৰ বাবে ই যাত্ৰীসকলৰ আস্থা লাভ কৰিছে। এটা বাজেট এয়াৰলাইন হিচাপে, ই অতিৰিক্ত কোনে সুবিধা প্ৰদান নকৰে, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে ই বহুতৰ পচন্দৰ বিকল্প হৈ পৰে। সেই প্ৰতিশ্ৰুতিসমূহ হৈছে সময়মতে গন্তব্যস্থানত উপনীত হোৱা আৰু লাগেজৰ সৈতে নিৰ্বিঘ্নে যাত্ৰা সম্পূৰ্ণ কৰা। সাম্প্ৰতিক বছৰবোৰত পৃথক সেৱাৰ বাবে পৃথকভাৱে মাচুল আদায় কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ পিছতো এই বিমান সংস্থাটিয়ে এটি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠিান হিচাপে সুনাম অৰ্জন কৰি আহিছে।
 
ইণ্ডিগো এয়াৰলাইন্সৰ বিমান বাতিলৰ বাবে পাটনা বিমানবন্দৰত আবদ্ধ যাত্ৰী
 
এই বাজেট এয়াৰলাইনছৰ দ্ৰুত উত্থানৰ আন এক কাৰণ হ’ল এই সময়ছোৱাৰ মাজত কেইবাটাও প্ৰধান সংস্থাৰ বিলুপ্তি। উদাহৰণস্বৰূপে জেট এয়াৰৱেজ অপ্ৰত্যাশিতভাৱে উফৰি পৰে। স্পাইচজেটো অসুবিধাৰ সন্মুখীন হয় আৰু তেওঁলোকে বিমানৰ সংখ্যা হ্ৰাস কৰে, ফলত এয়াৰ ইণ্ডিয়া প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে ৰৈ যায়। টাটাৰ দ্বাৰা অধিগ্ৰহণ কৰাৰ পিছত শেহতীয়াভাৱে এয়াৰ ইণ্ডিয়াও সমস্যাৰ সন্মুখীন হৈছে, আনহাতে আকাছা এয়াৰৰ দৰে অন্যান্য সংস্থাসমূহে এতিয়াও এই উদ্যোগত তিষ্টি থকাৰ বাবে যুঁজ দি আছে। 
 
তথাপি ইণ্ডিগ'ৰ নিজৰ আধিপত্য আৰু অপৰাজয় মনোভাৱৰ বাবে তেওঁলোকৰ ৰাজহুৱা ভাবমূর্তি বিনষ্ট হৈছে৷ সাম্প্ৰতিক সময়ত যাত্ৰীসকলৰ সৈতে বেয়া আচৰণৰ ঘটনা বৃদ্ধি পাইছে, সংবাদ মাধ্যমত এনে অদ্ভূত ঘটনা দাঙি ধৰা হৈছে য’ত যাত্ৰীসকলে ৰানৱেত বহি আহাৰ গ্ৰহণ কৰিব লগা হৈছে। নিয়ন্ত্ৰক সংস্থা, DGCA-য়েও নতুন FDTL নিয়মৰ দৰে বিমানৰ সুৰক্ষা নিয়ম পালনৰ ক্ষেত্ৰত বিমান সংস্থাটিৰ ভূমিকা নিৰীক্ষণ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
 
দেশত বিমান পৰিবহণৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণৰ বৰ্তমানৰ সংকটসমূহো গুৰুত্বসহকাৰে ল’ব লাগিব। আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা (IATA)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০১৪ চনত ৬১৩,০০০ ৰ পৰা ২০২৪ চনত প্ৰায় ১১ লাখলৈ নিৰ্ধাৰিত বিমানৰ সংখ্যা বৃদ্ধি পাইছে। বিমান পৰিবহণ খণ্ডত এতিয়া জিডিপিৰ ১.৩ শতাংশৰ অৱদান আছে আৰু প্ৰায় ৭৭ লাখ নিয়োগৰ সৃষ্টি হৈছে।
 
এতিয়া সময় আহি পৰিছে, চৰকাৰে একক বিমান পৰিবহণ কোম্পানীৰ আধিপত্যৰ অৱসান ঘটাব লাগিব, প্ৰতিযোগিতাক উৎসাহিত আৰু নতুনকৈ বিমান পৰিবহণ আৰম্ভ কৰাসকলক সহায় কৰিব লাগিব। উল্লেখ্য যে, ইণ্ডিগ'ৰ বাহিৰে সকলো বিমান সংস্থাই নতুন বিমান সুৰক্ষা বিধি মানি চলিছে। যিসকলে নিয়ম মানি চলে তেওঁলোকক পুৰস্কৃত কৰা উচিত আৰু যিসকলে নিয়ম মানি নচলে তেওঁলোক পৰিণামৰ সন্মুখীন হ’ব। আশাকৰোঁ, বিমান পৰিবহণ মন্ত্ৰ্যালয়ে ভৱিষ্যতে আকাশত আৰু অধিক প্ৰতিযোগিতাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত এই নীতি অনুসৰণ কৰি কৰিব।