নতুন দিল্লী
আজি ১৩ ডিচেম্বৰৰ, ভাৰতবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। ২০০১ চনত নতুন দিল্লীৰ ভাৰতীয় সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হয়। পাকিস্তানৰ দুটাকৈ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এলইটি) আৰু জৈশ-ই-মহম্মদ (জেইএম)য়ে এই সংঘটিত কৰিছিল আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত ৬ জন আৰক্ষীৰ জোৱান,সংসদ সুৰক্ষা সেৱাৰ দুজন কৰ্মী আৰু এজন মালীকে ধৰি মুঠ ৯ জন মৃত্যু হয়। ইয়াৰ লগতে সংসদ ভৱনৰ বাহিৰত ৫ জন সন্ত্ৰাসবাদী নিহত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই আক্ৰমণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জনাই সামাজিক মাধ্যমত লিখিছে যে, "২০০১ চনত সংসদ ভৱনৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেইসকলক স্মৰণ কৰি আজি আমাৰ ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ভয়ানক বিপদৰ সন্মুখীন হৈও তেওঁলোকৰ সাহস, সজাগতা আৰু কৰ্তব্যৰ প্ৰতি অটল মনোভাৱ আছিল উল্লেখনীয়। তেওঁলোকৰ সৰ্বোচ্চ ত্যাগৰ বাবে ভাৰত সদায়েই কৃতজ্ঞ হৈ থাকিব।"
আনহাতে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়েও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমত লিখে যে, "২০০১ চনৰ আজিৰ দিনটোতে আমাৰ সংসদক সুৰক্ষা দি নিজৰ জীৱন উৎসৰ্গা কৰা সাহসী বীৰসকলক দেশবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বীৰত্ব আৰু কৰ্তব্যৰ প্ৰতি থকা নিষ্ঠাই আমাৰ জাতীয় চেতনাৰ পথ প্ৰদৰ্শন কৰি আহিছে। দেশ তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ঋণী হৈ ৰ'ব। এই দিনটোত আমি পুনৰ দোহাৰিছো।"
উল্লেখযোগ্য যে, ১৩ ডিচেম্বৰৰ দিনটো আন এক সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনাৰ সাক্ষী হৈছিল। ১৯৮৯ চনত সন্ত্ৰাসবাদীয়ে তদানীন্তন গৃহমন্ত্ৰী মুফতি মহম্মদ ছাইদৰ কন্যাক অপহৰণ কৰি কাৰাগাৰত থকা একাংশ সতীৰ্থৰ মুক্তি নিশ্চিত কৰিছিল।