এই অনুষ্ঠানত শতাধিক উলেমা, বুদ্ধিজীৱী আৰু জনগোষ্ঠীয় নেতৃবৃন্দ উপস্থিত আছিল, য'ত পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ পৰিৱেশ সৃষ্টি হৈছিল। মূল ভাষণ প্ৰদান কৰে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে। মোহন ভাগৱতে ভাষণ প্ৰদান কৰাৰ উপৰিও ফাউণ্ডেচনটোৰ অধ্যক্ষ ডঃ খোৱাজা ইফতিখাৰ আহমেদে তেওঁৰ উদ্বোধনী ভাষণত এক সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰে। তাৰোপৰি লক্ষ্ণৌৰ সমন্বয়ক অধ্যাপক ছাকিল কিদৱাই অতিথিসকলক স্বাগতম জনায়।
আৰএছএছৰ মুৰব্বী ভাগৱতে তেওঁৰ ভাষণত কয় যে হিন্দু-মুছলমানৰ মাজত হাজাৰ বছৰ পুৰণি ভুল বুজাবুজিৰ সমস্যা একে উশাহতে দূৰ কৰিব নোৱাৰি। ইয়াৰ বাবে ধৈৰ্য্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন। অস্থিৰ হৈ এই কাম কৰিলে বিফল হ'ব পাৰে। তেওঁ কয় যে সংঘৰ শতবৰ্ষ উপলক্ষে তেওঁ বিভিন্ন স্থানত বক্তৃতা প্ৰদান কৰি আছে আৰু সেইবাবেই তেওঁ আজি মুছলমানসকলৰ মাজলৈ আহিছে।
তেওঁ লগতে উল্লেখ কৰে যে যেতিয়া তেওঁ এই অনুষ্ঠানত উপস্থিত হ'ব বিচাৰিছিল, কেইজনমান লোকে দিল্লীৰ বোমা বিস্ফোৰণৰ কথা উল্লেখ কৰি তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সেয়া উপেক্ষা কৰিছিল। "ইয়াত উপস্থিত থকা মানুহবোৰ সন্ত্ৰাসবাদ বিৰোধী, সেইবাবেই মই আপোনালোকক সাক্ষাৎ কৰিবলৈ আহিছো", তেওঁ স্পষ্টকৈ কয়।
অনুষ্ঠানটোত উপস্থিত থকা ইছলামিক পণ্ডিতসকল
মোহন ভাগৱতে ইতিহাসৰ কথালৈ আঙুলিয়াই কয় যে ভাৰতবৰ্ষত সময়ে সময়ে বিভিন্ন ধৰণৰ আক্ৰমণ হৈছিল, বিভিন্ন ধৰ্মৰ লোকসকল ভাৰতলৈ আহিছিল, যাৰ ফলত শতিকাজুৰি পাৰস্পৰিক ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। ব্ৰিটিছসকলে এই ভুল ধাৰণা সমূহৰ অপব্যৱহাৰ কৰিছিল আৰু ইয়াক অধিক বিকৃত ৰূপত প্ৰসাৰিত কৰিছিল। সেইবোৰ ধাৰণা নাইকিয়া কৰাটো আমাৰ সকলোৰে দায়িত্ব। সংঘৰ দৰ্শন হ'ল, সকলো দেশবাসী একগোট হ'লেহে ভাৰতে বিশ্বক নেতৃত্ব দিব। তেওঁ সংঘৰ প্ৰতিষ্ঠাপক ডঃ কেশৱ বলীৰাম হেডগেৱাৰৰ চিন্তাধাৰাৰ উদ্ধৃতি দি তেওঁ কয় যে বৰ্তমানেও সংঘই এই দৰ্শন লয়েই আগুৱাই গৈ আছে।
তেওঁ কৈছিল যে ভাৰতত বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে হিন্দু, যিয়ে নিজকে হিন্দু বা ভাৰতীয় বুলি ভাবে। "প্ৰকৃততে তেওঁলোক একে, কেৱল তেওঁলোকৰ প্ৰকাশভঙ্গীহে ভিন্ন ধৰণৰ। তেওঁ কয় যে প্ৰথমে সংঘই হিন্দু আৰু সনাতন পৰম্পৰাক মানি চলা লোকসকলক সংগঠিত কৰিছিল, যাৰ ফলত সমাজ শক্তিশালী হৈছিল। এতিয়া আমি অন্য সম্প্ৰদায়ৰ লোকসকলকো একগোট কৰি আছো। বিভিন্ন ধৰ্মত বিশ্বাসীলোকসকলৰ পূজা পদ্ধতি বা উপাসনাৰ পদ্ধতি ভিন্ন হ'ব পাৰে, কিন্তু আমি ১৪৪ কোটি ভাৰতীয় সদায় একত্ৰিত", তেওঁ কয়।
মব লিঞ্চিঙৰ বিষয়ে ভাগৱতে স্পষ্ট কৰি দিয়ে যে এয়া সংঘৰ দৃষ্টিভংগী নহয়। যদি সংঘৰ লগত জড়িত কোনো ব্যক্তিয়ে এনে কাৰ্যত জড়িত থাকে, তেন্তে সংঘই তেওঁ আৰু তেওঁৰ এই কাৰ্য্যক সমৰ্থন নকৰে। এনে পৰিস্থিতিত আমি জনসাধাৰণক আইনৰ সহায় ল'বলৈ পৰামৰ্শ দিওঁ। সংঘৰ দৃষ্টিভংগী হৈছে সংযুক্তিকৰণ, সংঘৰ দৃষ্টিভংগী মানুহৰ লগত যুঁজ দিয়া নহয়।
কেন্দ্রৰ বিজেপি চৰকাৰখনৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে সংঘৰ চৰকাৰৰ সৈতে কোনো প্রত্যক্ষ সম্পর্ক নাই, যদিও সংঘৰ সৈতে জড়িত কিছুমান লোক চৰকাৰৰ অংশ হৈ আছে, যাৰ জৰিয়তে সংঘক চৰকাৰৰ সৈতে সংলগ্ন কৰাৰ প্ৰয়াস কৰা হয়।কিন্তু ৰাজনীতি ভোটৰ দ্বাৰা পৰিচালিত হয়, সেয়েহে চৰকাৰো ভোটৰ দ্বাৰা গঠন হয়। তেওঁ মুছলমানসকলক আঙুলিয়াই দি কয় যে বহুসময়ত চৰকাৰৰ ওচৰত মুছলমানসকলৰ কথা উত্থাপন কৰা হয় আৰু সেইবোৰক গুৰুত্ব দিয়া নহয়।
মুছলমানসকলক সংঘত অন্তৰ্ভুক্ত কৰাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সকলো সমস্যাৰ সমাধান ঐক্যৰ মাজেৰে সম্ভৱ, কিন্তু এই প্ৰক্ৰিয়াও লাহে লাহে আগবাঢ়িব। তেওঁ পুনৰ কয় যে, "খৰখেদাকৈ কৰিলে যিকোনো কাম বেয়াই হয়।"
আন এটা মন্তব্যত অভিযোগ কৰা হৈছিল যে আৰ এছ এছে ইয়াৰ গোপন এজেণ্ডা প্ৰচাৰ কৰিছে আৰু জ্ঞানী লোকে ইয়াৰ গোপন উদ্দেশ্যসমূহ চিনাক্ত কৰিব লাগে। মন্তব্যকাৰীজনৰ মতে, আমাৰ শ্ল'গান আছিল 'বৈচিত্ৰতাৰ মাজত ঐক্য', কিন্তু এতিয়া ইয়াক 'বৈচিত্ৰতাৰ পৰা একতা'লৈ সলনি কৰা হৈছে। ই বিভিন্ন সম্প্ৰদায়, মুছলমান, খ্ৰীষ্টান আদিৰ পৰিচয়ক অস্বীকাৰ কৰে আৰু সাংস্কৃতিক পৰিচয়সমূহ বিলোপ কৰিবলৈ চেষ্টা কৰে।' বুলি মন্তব্য কৰে।
এনেদৰে, লক্ষ্ণৌৰ এই অনুষ্ঠানটো এক কথোপকথন আৰু সমন্বয়ৰ এক নতুন প্ৰচেষ্টা হিচাপে চোৱা হৈছে যদিও ই গভীৰ ৰাজনৈতিক আৰু আদৰ্শগত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।