গুৱাহাটী
অসমত পুনৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ অধীনত দুই বাংলাদেশী হিন্দু নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব৷ বৰাকৰ শ্ৰীভূমি জিলাৰ বদৰপুৰৰ বেনাৰ্জী উপাধিৰ এগৰাকী মহিলা আৰু কাছাৰৰ শিলচৰ চহৰৰ গোস্বামী উপাধিৰ এজন ব্যক্তিয়ে 'কা' ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে৷ বদৰপুৰৰ মহিলাগৰাকীয়ে ২০০৭ চনত ভাৰতত প্ৰবেশ কৰিছিল আৰু তেওঁ বিবাহসূত্ৰে নাগৰিকত্ব লাভ কৰিছে৷
নাগৰিকত্ব লাভত দুই বাংলাদেশীক সহায় কৰা শিলচৰৰ অধিবক্তা ধৰ্মান্ধ দেবে জানিবলৈ দিয়া মতে, বদপুৰৰ বেনাৰ্জী উপাধিৰ এগৰাকী বাংলাদেশী মহিলাসহ শিলচৰ চহৰৰ গোস্বামী উপাধিৰ এজন বৃদ্ধ লোকে শুকুৰবাৰে ‘কা’ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে৷ ধৰ্মান্ধ দেবে জানিবলৈ দিয়া মতে, অসমত ‘কা’ৰ অধীনত বৰ্তমানলৈ ৪ জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে৷
তেওঁ কয়, "বদৰপুৰত বসবাস কৰা মহিলাগৰাকী মূলত বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা৷ ২০০৭ চনত পৰিয়ালৰ এজন লোকৰ চিকিৎসাৰ বাবে তেওঁ শিলচৰ মেডিকেল কলেজত আহিছিল আৰু তাতে তেওঁৰ পৰিচয় হয় বদৰপুৰৰ এজন চিকিৎসকৰ সৈতে৷ পাছত চিকিৎসকগৰাকীৰ সৈতে তেওঁৰ বিবাহপাশত আৱদ্ধ হয়৷"
তেওঁ লগতে কয় যে, নাগৰিকত্ব সংশোধনী আইন ২০১৯ জাৰি হোৱাৰ পাছত মহিলাগৰাকীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল আৰু বিবাহসূত্ৰে মহিলাগৰাকীয়ে শুকুৰবাৰে নাগৰিকত্ব লাভ কৰিছে৷ অধিবক্তা ধৰ্মান্ধ দেবে জানিবলৈ দিয়া মতে, বদৰপুৰৰ মহিলাগৰাকী বিবাহসূত্ৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰা উত্তৰ-পূবৰ প্ৰথম নাগৰিক৷
আনহাতে ‘কা’ ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দ্বিতীয়গৰাকী বাংলাদেশী হৈছে শিলচৰ চহৰৰ গোস্বামী উপাধিৰ ৬১ বছৰীয়া এজন বৃদ্ধই৷ ১৯৭৫ চনত বাংলাদেশৰ মৌলভীবজাৰ জিলাৰ পৰা পৰিয়ালসহ তেওঁ ভাৰতলৈ আহিছিল৷ পাছত তেওঁ শিলচৰ চহৰত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল৷ ‘কা’ বলৱৎ হোৱাৰ পাছত তেওঁ আবেদন কৰিছিল আৰু শুকুৰবাৰে তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে বুলি অধিবক্তা ধৰ্মান্ধ দেবে জনায়৷