গুৱাহাটী
অসমৰ শোণিতপুৰ জিলাত পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে।
অতিৰিক্ত আৰক্ষী অধীক্ষক হৰিচৰণ ভূমিজে কয় যে, প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই সামাজিক মাধ্যমৰ জৰিয়তে পাকিস্তানী কৰ্মীৰ সৈতে স্পৰ্শকাতৰ নথি-পত্ৰ আৰু তথ্য ভাগ-বতৰা কৰিছিল।
আৰক্ষীয়ে জব্দ কৰিছে তেওঁৰ লেপটপ আৰু মোবাইল ফোন। কিছু তথ্য ডিলিট কৰা হৈছে যদিও ডিভাইচসমূহ ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি ভূমিজে উল্লেখ কৰিছে।
অভিযুক্তজন আই এ এফৰ জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ আছিল আৰু ২০০২ চনত তেজপুৰৰ ছালোনিবাৰী ঘাটিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। পিছত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ বিভাগত যোগদান কৰিছিল যদিও চাকৰি এৰি দিছিল।
ভূমিজে কয় যে, বিএনএছৰ সংশ্লিষ্ট শাখাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু স্থানীয় আদালতে অভিযুক্তক পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।