বৰ্তমান সময়ত 'বাবৰ'ৰ নামত মছজিদৰ প্ৰয়োজন আছে নে?

Story by  atv | Posted by  Munni Begum • 3 h ago
সম্ৰাট বাবৰে স্থাপন কৰা অযোধ্যাৰ মছজিদটো
সম্ৰাট বাবৰে স্থাপন কৰা অযোধ্যাৰ মছজিদটো
 
  মৌলানা নুৰুল আমিন কাছিমী 
 
পশ্চিম বংগত বিশেষকৈ মুৰ্শিদাবাদ জিলাত 'বাবৰৰ নামত মছজিদ নিৰ্মাণ' বিষয়টো বৰ্তমান সময়ত দেশৰ আটাইতকৈ চৰ্চিত বিষয়। হুমায়ূন কবীৰ নামৰ এজন নিলম্বিত বিধায়কৰ নেতৃত্বত চলি থকা এই কুচকাৱাজত একাংশই সমৰ্থন কৰাৰ বিপৰীতে আন একাংশ লোকে সমালোচনা কৰিছে?
 
এই সম্পৰ্কে বহুতৰে মনত প্রশ্ন জাগিছে --- বাবৰৰ নামত মছজিদ নিৰ্মাণ সচাকৈয়ে ধৰ্মীয় প্ৰয়োজন নে? নে কেৱল ৰাজনৈতিক ষড়যন্ত্ৰৰ এটা অংশ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ ইতিহাস, সামাজিক স্থিতি আৰু বৰ্তমানৰ পৰিস্থিতি, এই তিনিটাই একেলগে চাব লাগিব।
 
১. ইছলামত মছজিদ নিৰ্মাণৰ মূল উদ্দেশ্য কি?
 
ইছলামত মছজিদ হৈছে — নামাজৰ ঠাই,শিক্ষা বা তালিমৰ কেন্দ্ৰ, সমাজক সঠিক দিশ প্ৰদানৰ স্থান আৰু শান্তি, নৈতিকতা আৰু মানবীয়তাৰ প্ৰতীক। মছজিদ নিৰ্মাণ সদায়েই ঈমানৰ কাম।
 
বিধায়ক হুমায়ূন কবীৰ
 
কিন্তু 'প্ৰয়োজন' নথকা ঠাইত 'নাম-মাত্ৰ' মছজিদ বনাই জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাটো ইছলামৰ উদ্দেশ্য নহয়। নবী (ছাঃ) নিজে বিৰোধ, বিভাজন আৰু অহংকাৰৰ বাবে মছজিদ নিৰ্মাণ কৰা নিষিদ্ধ কৰিছে (মছজিদে দিৰাৰৰ ঘটনাত)। সেয়ে ইছলামৰ দৃষ্টিত এটা গুৰুত্বপূর্ণ নীতি আছে—
 
য'ত নামাজী আছে, তাত মছজিদ লাগিবই, য'ত নামাজী নাই, তাত মছজিদৰ কি প্ৰয়োজন? 
 
এতিয়া চাব লগা বিষয়টো হ'ল, মুৰ্শিদাবাদত বহু পুৰণি মছজিদ, মাদ্ৰাছা আৰু ইছলামিক শিক্ষাকেন্দ্ৰ ইতিমধ্যে আছেই। সেই স্থানত সাধাৰণ মুছলিম জনগণে নতুনকৈ 'বাবৰৰ নামত বিশেষ মছজিদ'ৰ বাবে দাবীও জনোৱা নাই। তেনেহলে মুৰ্শিদাবাদত বাবৰৰ নামত মছজিদ নিৰ্মাণৰ প্ৰয়োজন আহি পৰিল কিয়? এয়া বৰ্তমান সময়ত এক কোটিটকীয়া প্ৰশ্ন! 
 
'বাবৰৰ নামত মছজিদ' বিষয়টো বৰ্তমান সময়ত ভাৰতৰ মুছলমানৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক কোনো দিশতেই প্ৰয়োজনত একেবাৰে নপৰে। গতিকে এই মছজিদ নিৰ্মাণৰ উদ্দেশ্য কি সেয়া চিন্তা কৰিবলগীয়া। 
 
২. 'বাবৰৰ নামত মছজিদ' ইছলামিক দৃষ্টিকোণ
 
সম্ৰাট বাবৰে স্থাপন কৰা অযোধ্যাৰ মছজিদটোক লৈ বহু বছৰ ধৰি ভাৰতৰ হিন্দু আৰু মুছলমানসকলৰ মাজত থকা পুৰণি বিবাদ ইতিমধ্যে অন্ত পৰিছে। দেশৰ হিন্দুধৰ্মাৱলম্বী জনসাধাৰণৰ আবেগ আৰু অনুভুতিক সন্মান জনাই দেশৰ সমগ্ৰ মুছলমান জনসাধাৰণে ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে দিয়া ৰায়ক মানি লৈছে। তাৰপিছতো যদি কোনোবাই দেশৰ আন কোনোবা ঠাইত বাবৰৰ নামত মছজিদ নিৰ্মাণ কৰে, তেন্তে তাৰ অৰ্থ হৈছে পুৰণি বিবাদক পুনৰ সাৰ পানী যোগোৱা আৰু কৌমৰ ক্ষতি কৰা। গতিকে বিবাদ সৃষ্টিৰ বাবে মছজিদ নিৰ্মাণৰ ক্ষেত্ৰত ইছলামে কি কৈছে চাওঁ আহক ---
 
وَالَّذِينَ اتَّخَذُوا مَسْجِدًا ضِرَارًا وَكُفْرًا وَتَفْرِيقًا بَيْنَ الْمُؤْمِنِينَ وَإِرْصَادًا لِمَنْ حَارَبَ اللَّهَ وَرَسُولَهُ مِنْ قَبْلُ...
 
আৰু যিসকলে (মুছলমানসকলৰ) ক্ষতি কৰিবলৈ, কুফৰী বিয়পাই দিবলৈ, মুমিনসকলৰ মাজত বিভাজন কৰিবলৈ, আৰু আগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰা কোনো এজনৰ ঘাটি বনাবলৈ মছজিদ নিৰ্মাণ কৰিছিল, তেওঁলোকে হয়তো কছম খাই কব, আমি ভালৰহে উদ্দেশ্য কৰিছোঁ। কিন্তু আল্লাহে সাক্ষী দিছে যে, তেওঁলোকেই মিচলীয়া। (ছুৰা তৌবাহ :১০৭)
 
ইছলামিক শিক্ষাকেন্দ্ৰৰ এক অনুষ্ঠান
 
কোৰাণ পাকৰ এই আয়াতৰ দ্বাৰা বুজা যায় বিবাদ আৰু বিভাজন সৃষ্টিৰ লগতে আল্লাহ আৰু ৰচুলৰ শত্ৰুসকলক ফিৎনাৰ সুবিধা কৰি দিবৰ বাবে মছজিদ নিৰ্মাণ কৰা বিষয়টোক পৱিত্ৰ কোৰাণে কঠোৰ ভাষাৰে সমালোচনা কৰিছে।  
 
৩. উম্মতৰ উলামায়ে কেৰামৰ দৃষ্টিভংগী:
 
মুৰ্শিদাবাদত বাবৰৰ নামত মছজিদ নিৰ্মাণৰ ক্ষেত্ৰত উম্মতৰ উলামাসকলৰ কোনো এজনে এতিয়ালৈকে সহযোগ তথা সমৰ্থন জনোৱা নাই। সকলোৱে বিৰোধিতা কৰাহে পৰিলক্ষিত হৈছে। বুজা গ'ল, এই কাৰ্য ধৰ্মীয় প্ৰয়োজন নহয়। ধৰ্মীয় প্ৰয়োজন হোৱাহেতেন উলামাসকলে নিশ্চয় সহযোগিতাও কৰিলেহেতেন, পৰামৰ্শও দিলেহেতেন। 
 
বৰ্তমানৰ পৰিস্থিতি, ইতিহাস, সমাজ আৰু বাস্তৱতা সকলো দিশে পৰ্যালোচনা কৰিলে এই ক্ষেত্ৰত এটা কথা স্পষ্ট ৰূপত দেখা যায়—  ইয়াক লৈ হুলস্থুল, চৰ্চা, উত্তেজনা— এইবোৰ সকলো কোনো ৰাজনৈতিক শক্তিৰ ষড়যন্ত্ৰ। ভাৰতীয় মুছলমান সমাজে এই কথা বুজিব লাগিব যে, ইছলাম বিভেদৰ ধৰ্ম নহয়, শান্তি আৰু ভ্ৰাতৃত্বৰহে ধর্ম। 
 
গতিকে য’ত প্ৰয়োজন আছে, তাত নিশ্চয় মছজিদ নিৰ্মাণ হওঁক। য’ত প্ৰয়োজন নাই, তাত অযথা ৰাজনীতি কৰিবলৈ গলে কৌম আৰু উম্মতৰ ক্ষতি হোৱাটো নিশ্চিত।
 
(লেখক তেজপুৰস্থিত Islamic Study & Research Academy Assamৰ সভাপতি)