ছদ্মনামত ভবেন্দ্ৰ নাথ শইকীয়া

Story by  atv | Posted by  Munni Begum • 18 h ago
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
 
  স্বপ্না দাস 
 
অসমীয়া সাহিত্য জগতৰ প্ৰাতঃস্মৰণীয় সাহিত্যিকসকলৰ মাজৰ অন্যতম এগৰাকী ড॰ ভবেন্দ্ৰ নাথ শইকীয়া। একেধাৰে গল্প, কবিতা, নাটক, উপন্যাস, প্ৰবন্ধ, সমালোচনাত্মক লেখা, শিশুসাহিত্যৰ পৰা ব্যংগ লেখালৈকে--- সাহিত্যৰ বিভিন্ন দিশত চৰ্চাৰ ক্ষেত্ৰত অভিন্ন সম্পৰ্কেৰে অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থোৱা শইকীয়াই পষেকীয়া আলোচনী 'প্ৰান্তিক' আৰু মাহেকীয়া শিশু আলোচনী 'সঁফুৰা'ৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ উপৰি তেওঁ ৰেডিঅ' নাট, একাংকিকা নাট, ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আদি ৰচনা কৰাৰ বাদেও পৰিচালনা কৰিছিল মুঠতে আঠখনকৈ অসমীয়া চিনেমা।
 
১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱত ওপজা বিদূৰ শইকীয়া আৰু চম্পাৱালা শইকীয়াৰ পুত্ৰ ভবেন্দ্ৰ নাথ শইকীয়াই শৈশৱৰে পৰা অধ্যয়নৰ দিশত চোকা ছাত্ৰ হিচাপে সকলোৰে মন মুহি প্ৰতীয়মান কৰিছিল যে, তেওঁ এদিন কুলৰ বন্তি প্ৰজ্বলিত কৰি ৰখাৰ অন্যতম এগৰাকী হ'ব। তিনিটকীয়া বৃত্তিৰে সৈতে ছাত্ৰবৃত্তি নুৰুদ্দিন মোক্তাবৰ পৰা লাভ কৰা 'পুতুল' বুলি ঘৰৰ সকলোৱে মতা শইকীয়াই ১৯৪৮ চনত তিনিটা বিষয়ত লেটাৰ নম্বৰসহ তেতিয়াই ষ্টাৰ নম্বৰেৰে সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পৰ্যায়ক্ৰমে কটন কলেজ, কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজত অধ্যয়ন কৰাৰ অন্তত ১৯৬১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী আৰু লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চায়েন্স এণ্ড টেকন'লজী’ৰ পৰা ডিপ্লমা লাভ কৰে। 
 
ড° ভবেন্দ্ৰ নাথ শইকীয়া লেখা-মেলা কৰি থকা এক দৃশ্য
 
শিৱসাগৰ মহাবিদ্যালয়ত (তাণ্টিয়া বিজ্ঞান মন্দিৰত), পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ ক্ৰমে ডেমনষ্ট্ৰেটৰ, অধ্যাপক আৰু ৰীডাৰ হিচাপে কৰ্মৰত হোৱাৰ সমান্তৰালভাৱে সাহিত্য সাধনাৰ সৈতেও জড়িত আছিল। 'বেউলা' নামৰ চিনেমা, কুমাৰ ভাস্কৰ নাট্যমন্দিৰত মঞ্চস্থ হোৱা বসন্ত কুমাৰ শইকীয়াৰ নাটক 'চোৰ' আদিত অভিনয়ো কৰা ড° শইকীয়াই সাহিত্য অকাডেমি, অসম উপত্যকা সাহিত্য বঁটা, ৰজত কমল বঁটা, অসম প্ৰকাশন পৰিষদ বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা আদি বঁটা লাভ কৰাৰ উপৰি পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছিল।
 
২০০৩ চনৰ ১৩ আগষ্টত ৭১ বছৰ বয়সত প্ৰয়াণ ঘটা ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে দোহৰাৰ হয়তো প্ৰয়োজন নাই। কিন্তু এইখিনিতে ড° শইকীয়াৰ সৃষ্টি সম্পৰ্কত উল্লেখ কৰিব বিচৰা হৈছে অন্য এটা প্ৰসংগ। ভবেন্দ্ৰ নাথ শইকীয়াই নিজৰ নামৰ লগতে ছদ্মনামেৰেও যথেষ্ট লিখা-মেলা কৰি থৈছে। এটা নহয়, কেইবাটাও ছদ্মনামেৰে তেওঁ লিখা-মেলা কৰিছিল। বিষয় অনুযায়ী ভিন ভিন ছদ্মনামত ড° ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্য চৰ্চা কৰিছিল।  
 
বিদেশৰ পটভূমিত ড° ভবেন্দ্ৰ নাথ শইকীয়াই কেইবাটাও গল্প ছদ্মনামত লিখিছিল। সম্ভৱতঃ তিনিটা গল্প তেওঁ এনেদৰে লিখিছিল।‌ সেই ছদ্মনামটো আছিল 'সঞ্জয়'। জ্যোতি প্ৰকাশন প্ৰকাশিত উৎপল দত্তৰ 'ড॰ ভবেন্দ্ৰ নাথ শইকীয়া : ছয় দশকৰ গদ্য' গ্ৰন্থখনত এই সম্পৰ্কত শইকীয়াৰ অনুভৱ উল্লেখ কৰা হৈছে এইদৰে--- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ।" সাদিনীয়া কাকত 'নৱদূত'ত 'প্ৰহৰী' ছদ্মনামেৰে 'দৃষ্টিপাত' লিখা ভবেন্দ্ৰ নাথ শইকীয়াই নিজে অভিনয় কৰা চিনেমা 'বেউলা'ৰ বিষয়ে এটা লেখা 'আৱাহন'ৰ পাতত 'সুনীতি' ছদ্মনামেৰে লিখাৰ বিপৰীতে তেওঁ চিনেমা বিষয়ক লিখা-মেলাৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰিছিল 'চিত্ৰপ্ৰিয় পাঠক' ছদ্মনামটো। 
 
ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা গ্ৰন্থ
 
ছদ্মনামত লিখা কেইবাটাও ব্যংগ লেখা 'কল্পলোকৰ কাহিনী'ত সন্নিৱিষ্ট হয়। তেওঁ ছদ্মনামেৰে লিখা কেইটামান লেখা ক্ৰমে--- দিবাকৰ নেওগ ছদ্মনামেৰে 'কেণ্ডিডেট', গৃহানন্দ স্বামী ছদ্মনামেৰে 'খাদ্যপ্ৰাণ', বিচিত্ৰা দত্ত‌ ছদ্মনামেৰে 'শৃংখল', অৰবিন্দ দত্ত ছদ্মনামেৰে 'বাটৰ আমনি', সুকুমাৰ দত্ত ছদ্মনামেৰে 'আনন্দ', ৰজনী দত্ত ছদ্মনামেৰে 'এদিন বাদে এদিন', বিৰাজমোহন বৰুৱা‌ ছদ্মনামেৰে 'দিগম্বৰ বুৰ্জোৱা', গোলোক মহন্ত ছদ্মনামেৰে 'নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ', পৰমানন্দ ৰাজগুৰু ছদ্মনামেৰে 'মোৰ ৰাশিফল সদায় ভাল', কুসুম কুমাৰ বৰুৱা ছদ্মনামেৰে 'ইণ্টিমেট', মানবেন্দ্ৰ দাস ছদ্মনামেৰে 'ডিঙিৰ খজুৱতি' আদি। 
 
'পৰ্যবেক্ষক' আৰু 'সুদৰ্শন' ছদ্মনামেৰেও একাধিক লেখা লিখা ড° ভবেন্দ্ৰ নাথ শইকীয়াই সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰি ছটাকৈ লেখা লিখিছিল। 'বুধবাৰ'ৰ পৃষ্ঠাত সদানন্দ পাঠক ছদ্মনামেৰে 'পৰম প্ৰিয় বন্ধুবৰ', 'বিশ্বাসঘাতক বান্দৰ', সোণালী এণ্টাৰপ্ৰাইজ', 'বেলি ডুবাৰ সময়', 'ভিতৰবিলাক' আৰু 'বিগ ক্ল’জ আপ' শীৰ্ষক লেখা লিখা ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটো হ'ল সত্যপ্ৰিয় পাঠক। 
 
যদিহে আমি ভুলকৈ জনা নাই, তেন্তে এইটো ছদ্মনামেৰে ড° শইকীয়াই সম্ভৱতঃ আটাইকেইটা লেখা 'প্ৰান্তিক'ত লিখিছিল। সত্যপ্ৰিয় পাঠক ছদ্মনামেৰে ভবেন্দ্ৰ নাথ শইকীয়াই লিখা লেখা প্ৰসংগত 'বলনাস্কিৰ চাকৰি কিয় গ’ল', 'জাতীয় জীৱনৰ ঘাই সুঁতি', 'শীতলা', 'ইনছাল্ট', 'জীৱাশ্ম বা ফছিল', 'আৱিষ্কাৰৰ জননী', 'সোৱণশিৰিৰ চকুলো!', 'লাই-লফা লটং-পটং', 'প্ৰিয়জনৰ গান শুনা যন্ত্ৰ', 'সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল', 'যোৱা তিনি বছৰৰ দৰে...', 'বৃদ্ধৰ বাণী', 'ঘূৰি-ঘূৰি আকৌ', 'জয়জয়-ময়ময়', 'কনফাৰেন্সৰ দোকান', 'নিতান্ত ঘৰুৱা', 'শেষ প্ৰস্তাৱ', 'আধুনিক তাঁতবাতি শিল্প', 'বুৰ্জোৱা' আৰু'বেয়া নহয়, ভালেই' আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি।
 
ড° ভবেন্দ্ৰ নাথ শইকীয়াই চিনেমাৰ দৃশ্য গ্ৰহণ কৰাৰ এক দৃশ্য
 
কেইবাটাও ছদ্মনামেৰে বিভিন্ন বিষয়ক লেখা লিখা ড° ভবেন্দ্ৰ নাথ শইকীয়াই যিমানসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰিছিল, সিমান ছদ্মনামেৰে আন কোনো অসমীয়া সাহিত্যিকে সাহিত্য চৰ্চা কৰিছিলনে অথবা এতিয়ালৈকে কৰিছেনে? ছদ্মনামত সম্প্ৰতিও লিখা অনেকক লৈ আমি পেজ-থ্ৰী জাতীয় গুজবত ব্যস্ত হোৱাৰ পৰত প্ৰাতঃস্মৰণীয় সাহিত্যিকগৰাকীৰ ছদ্মনামলৈ চকু দি এয়া লেখকৰ একান্তই ব্যক্তিগত বিষয় বুলি ভবাৰ অৱকাশ পামনে ?
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক। আজি ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে)