আঁচনিৰ মহিলা বনাম ৰাজনীতিৰ মহিলা

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
  স্বপ্না দাস 
 
বিধানসভা নিৰ্বাচনী বতাহ অসমৰ চুকে-কোণে বলাৰ সময়ত ৰাজনৈতিক মঞ্চত মহিলা বিষয়ো সঘনে উচ্চাৰিত হৈছে। সম অধিকাৰ, সমতা, নাৰী সবলীকৰণকে আৰম্ভ কৰি নাৰী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে নাৰীৰ জয়গান এনে সময়ত বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ পৰা গোৱা দেখা যায়। ৰাজনৈতিক দলৰ প্ৰতিখন মেল-মিটিঙত শুনিবলৈ পোৱা যায় আই-মাতৃসকলৰ প্ৰতি দেখুওৱা গুৰুত্বৰ কথা। 
 
নিৰ্বাচনী প্ৰচাৰ, মনোনয়ন দাখিল, ৰাজনৈতিক সভা আদিত উপস্থিতিৰ সংখ্যাৰ আধিক্যও পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰতহে প্ৰায়েই দেখা যায়। এই ছবিয়ে নাৰীসকলৰ জীৱনৰ এক আশাৰ দুৱাৰ মুকলি কৰি দিয়েনে? প্ৰকৃতাৰ্থত মহিলাসকলে আশা কৰিব পৰাকৈ শাসকীয় দলে কৰিছে কি? বিৰোধী দলসমূহে ভাবিছে কি? কোনখন আঁচনিত কিমান মহিলাক অন্তৰ্ভুক্ত কৰিছে অথবা কৰিব? প্ৰচাৰ অভিযানত মহিলাৰ অংশীদাৰিত্ব কিমান? এইবোৰেইনে নাৰীৰ সমঅধিকাৰ বা সমতাৰ বিষয় বস্তু? এনে ধৰণৰ অনেক প্ৰশ্নই জুমুৰি দি ধৰাৰ এনে সময়খিনিতে নিৰ্বাচনৰ প্ৰাকক্ষণৰ আন কেইটামান অতি গুৰত্বপূৰ্ণ প্ৰশ্নও অনেকৰ মনত উত্থাপন নিশ্চয় হয়; অথবা হোৱাটো জৰুৰী। 
 
অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি বিধায়িকা অজনা নেওগৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ এক দৃশ্য
 
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মহিলাৰ প্ৰত্যক্ষ অংশগ্ৰহণৰ বাস্তৱ ৰূপটো কেনেকুৱা? যেতিয়াই এই বাস্তৱ ছবিখন পৰ্যালোচনা কৰা যায়, তেতিয়াই দেখা যায় যে আঁচনি, প্ৰতিশ্ৰুতিৰ মাজতো মহিলাসকলৰ বাবে প্ৰত্যক্ষ ৰাজনৈতিক সুযোগ এতিয়াও নগন্য। বিধানসভা নিৰ্বাচনত মহিলাক প্ৰাৰ্থী হিচাপে দিয়া সুযোগ আজিও পুতৌজনকভাৱে কম, যি কথা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এক গভীৰ চিন্তাৰ বিষয়। এই পৰিপ্ৰেক্ষিততে ভাৰতীয় সংবিধানৰ ১০৬ নং সংশোধনী আইন অনুসৰি 'মহিলা সংৰক্ষণ বিধেয়ক, ২০২৩' বা 'নাৰী শক্তি বন্দন অধিনিয়ম' ৰাষ্ট্ৰপতিৰ সন্মতিমৰ্মে আইনলৈ ৰূপান্তৰ হয়। 
 
উক্ত সংশোধনীৰ জৰিয়তে লোকসভা, ৰাজ্যিক বিধানসভা, স্থানীয় নিগম-নিকায়সমূহত মহিলাৰ বাবে ৩৩ শতাংশ (এক তৃতীয়াংশ) আসন সংৰক্ষণৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু  বাস্তৱত এই সংৰক্ষণৰ সফল ৰূপায়ণ হৈছেনে?শেহতীয়াকৈ প্রকাশ পোৱা অসমৰ ভোটাৰ তালিকা অনুসৰি অসমত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩গৰাকী হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩ গৰাকী। কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰায় সমসংখক ভোটাৰ থকা ৰাজ্যখনত মহিলা প্ৰাৰ্থীৰ সংখ্যা সংৰক্ষণৰ তুলনাত চিন্তনীয়ভাৱে যেন যথেষ্ট কম। 
 
বিগত ২০২১ চনত অনুষ্ঠিত অসম বিধানসভা নির্বাচনত ১১৯জন পুৰুষ প্ৰতিনিধিৰ বিপৰীতে মাত্র সাতগৰাকী মহিলা বিধায়িকা নির্বাচিত হৈছিল। এয়া অসমৰ কোনো এটা ৰাজনৈতিক দলেই আনুপাতিক হাৰত মহিলা প্রার্থী প্রক্ষেপ নকৰাৰ ফল নেকি? লক্ষ্যণীয় যে ১২৬ গৰাকী প্ৰতিনিধি থকা অসম বিধানসভাত শতাংশ হিচাপত মাত্র চাৰি-পাঁচ শতাংশহে মহিলা প্রতিনিধি। এই পৰিসংখ্যাই প্ৰশ্নৰ অৱতাৰণা কৰে— পুৰুষতান্ত্রিক শাসন ব্যৱস্থাত মহিলা সদায়ে অৱহেলিত হৈয়ে থাকিব নেকি?
 
দেখা গৈছে যে, আধুনিক ৰাজনীতিত মহিলা সমতা, সবলীকৰণ বা মহিলাৰ প্ৰাধান্যতা মানেই যেন একোখন কল্যাণমূলক আঁচনি। অসমৰ ক্ষেত্ৰত ‘অৰুণোদয়’ আঁচনি তাৰ অন্যতম উদাহৰণ। এই আঁচনিখনৰ জৰিয়তে বৰ্তমান প্ৰায় ২৭-২৮ লাখ মহিলাই প্ৰতিমাহে নিৰ্দ্দিষ্ট পৰিমাণৰ ধন লাভ কৰে। ২০২০ চনত আৰম্ভ হোৱা এই আঁচনিত অন্তৰ্ভুক্ত মহিলাক আৰম্ভণিতে ৮৩০ টকাকৈ দিয়া এই অনুদান বৰ্তমান ১২৫০ টকালৈ বৃদ্ধি পাইছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰতিদিনে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ এনে এক সময়ত এই ধৰণৰ আঁচনিয়ে মহিলা এগৰাকীক সঁচাকৈয়ে আর্থিকভাৱে স্বাবলম্বী কৰিছেনে? পৰিয়ালৰ দৈনন্দিন খৰচত হাত বঢ়াইছেনে? নে হিমাংশু প্ৰসাদ দাসে গান এটিত গোৱাৰ দৰে চামুচেৰে দি বেলচাৰে নিয়াৰ দৰেহে হৈছে? এই কথাবোৰ নিশ্চয় ৰাইজে ভালদৰেই বিবেচনা কৰাৰ এয়াই উচিত সময়। আনহাতে, 'লাখপতি বাইদেউ'সকলে লাখটকীয়া সপোন দেখি থাকিব নেকি? ইয়াৰ উপৰিও সঁচা অৰ্থতেই দৰিদ্ৰসকলেহে এই আঁচনিৰ ধন পাইছে নে আৰ্থিকভাৱে স্বচ্ছলেও পাইছে এই সময়ৰ এটা লাখটকীয়া প্ৰশ্ন। 
 
এইখিনিতেই উদয় হয় আন এক এক গুৰুত্বপূৰ্ণ প্ৰশ্ন— এই আঁচনিসমূহ সঁচাকৈ মহিলাৰ সবলীকৰণ নে কেৱল এক সুসংগঠিত ‘ভোট বেংক’ নিৰ্মাণৰ ৰাজনীতি? বহু সমালোচকৰ মতে, পোনপটীয়া নগদ ধন বিতৰণ কৰা আঁচনিসমূহে কেতিয়াবা নাগৰিকক চৰকাৰৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল কৰি তোলে আৰু মৌলিক অধিকাৰৰ দাবীৰ পৰিৱৰ্তে অনুদানৰ ওপৰত নিৰ্ভৰ কৰাৰ এক সংস্কৃতি গঢ়ি তোলে। নিৰ্বাচনৰ আগমুহূৰ্তৰ এনে ধনৰ আঁচনিৰ ঘোষণা কেতিয়াবা ভোটাৰক আকৰ্ষণ কৰাৰ শক্তিশালী অস্ত্ৰ হৈ পৰে, যি এখন সুস্থ সমাজৰ বাবে বিপজ্জনক। 
 
ইয়াৰ উপৰিও ‘প্ৰক্সী ৰাজনীতি’ নামৰ এক গুৰুত্বপূৰ্ণ সমস্যাও বৰ্তমানৰ ৰাজনীতিত যেন বিদ্যমান। বহু ক্ষেত্ৰত দেখা যায় যে নিৰ্বাচনত জয়লাভ কৰা মহিলাৰ একাংশৰ ক্ষেত্ৰত পিছলৈ অদৃশ্যমানভাৱে পৰিয়ালৰ পুৰুষ সদস্যৰেই সিদ্ধান্ত চলি থাকে। যদি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা মহিলাৰ হাতলৈ নাহে, তেন্তে সংৰক্ষণ বা আঁচনি— কোনোটোৱেই সঁচা অৰ্থত সবলীকৰণ বা সমতা নহয়। তাৰ মাজতে কিছুসংখ্যক মহিলাই উচ্চশিক্ষা, যথেষ্ট কষ্ট আৰু চেষ্টাৰ অন্তত  চৰকাৰী বা ব্যক্তিগত খণ্ডত নিযুক্তি লাভ নাইবা দুই এক ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ উদাহৰণ নোহোৱা নহয়। পিছে এই উদাহৰণ যেন এপাচি শাকত এটা জলকীয়াৰ লেখিয়াহে। 
কিন্তু বাস্তৱত মহিলাৰ সমতা, স্বাৱলম্বিতা বা সুৰক্ষাৰ প্ৰতিচ্ছবিখন সকলোৰে বাবে স্পষ্ট। কেৱল ফ্ৰী চাউল দিলেই বা দালি, মিঠাতেল আদি দিয়াৰ প্ৰতিশ্ৰুতি দিলেই জানো স্বাৱলম্বী হয়? সমাজ এখনত মহিলাক আগবঢ়াই নিয়াৰ বাবে ইমানখিনিয়েই পৰ্যাপ্তনে? সমতাৰ নামত আঁচনিৰ অন্তৰ্ভুক্তকৰণেই নে মহিলাৰ বাবে শাসকীয় দলৰ সৰ্বোত্তম কৰণীয়? এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ বিচাৰি উলিওৱাৰো এয়াই উচিত সময়। 
 
অসমত ৰাজনৈতিক প্ৰেক্ষাপটত মহিলাৰ স্থান ক'ত? 'নাৰী শক্তি বন্দন অধিনিয়ম' অনুসৰি ৰাজনৈতিক দলসমূহত মহিলাৰ বাবে সংৰক্ষিত আসনৰ অৱস্থিতিয়েই বা কিমান? কেৱল 'women wings'ৰ বাহিৰে দলসমূহৰ মূল সমিতিত নাৰীৰ সংখ্যা তেনেই পুতৌজনক। তাৰোপৰি আজিপৰ্যন্ত অসমৰ কোনটো দলৰ ৰাজ্যিক সভাপতি, সম্পাদক আদিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত কিমান মহিলাই স্থান পাইছে সেয়াও এক লক্ষণীয় বিষয়। 
 
আইমাতৃ বুলি জয়গান গোৱা ৰাজনৈতিক দল সমূহে মহিলাক কেৱল আঁচনিৰ নামত আৱেগৰ বশৱৰ্তী কৰি সভা-সমিতি, প্ৰচাৰ অভিযানত ব্যৱহৃত কৰা যেন হে পৰিলক্ষিত হৈছে। মহিলাৰ সম-অধিকাৰ কেৱল সংবিধানত আৰু ভাষণতেই থাকি যাব নেকি? এনে পৰিস্থিতিত মহিলাৰ সমতাৰ যি অৰুণ সেই অৰুণ প্ৰকৃতাৰ্থত উদয় হ'ব নে অস্তহে যাব সেইয়াও চিন্তনীয়।
এক সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী
 
আজিৰ অসমৰ ৰাজনীতিত মহিলা ভোটাৰসকলৰ ভূমিকা যথেষ্ট বৃদ্ধি পাইছে। বহু নিৰ্বাচনত মহিলা ভোটাৰৰ উপস্থিতি পুৰুষতকৈও অধিক হোৱা দেখা গৈছে। এই কথাই প্ৰমাণ কৰিছে যে, মহিলাসকল এতিয়া নিজৰ ভোটৰ মূল্য বুজিবলৈ শিকিছে আৰু স্বাধীনভাৱে সিদ্ধান্ত ল’বলৈ সক্ষম হৈছে। কিন্তু ভোটাৰ হিচাপে গুৰুত্ব বৃদ্ধি হ’লেও নেতা হিচাপে তেওঁলোকৰ সংখ্যা এতিয়াও আশানুৰূপ নহয়— এয়াই হৈছে আমাৰ গণতন্ত্ৰৰ এক বৃহৎ বৈপৰীত্য। 
 
সঁচা অৰ্থত মহিলাৰ সবলীকৰণ মানে কেৱল নগদ ধন দিয়াৰ মাজতেই সীমাবদ্ধ নহয়। তেওঁলোকক নীতি-নিৰ্ধাৰণৰ কেন্দ্ৰলৈ আগবঢ়োৱা, নেতৃত্ব দিয়াৰ সুযোগ সৃষ্টি কৰা আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত সমান অংশীদাৰ কৰা আদি হৈছে প্ৰকৃত সমতাৰ পথ। আঁচনিৰ সুবিধা দিয়াটো ভাল কথা, কিন্তু যদি সেই আঁচনিয়ে মহিলাক কেৱল  হিতাধিকাৰী কৰি ৰাখে আৰু নেতৃত্বৰ পথ বন্ধ কৰি ৰাখে, তেন্তে তাক পূৰ্ণ সবলীকৰণ বুলি ক’ব নোৱাৰি। প্ৰতিদিনে মহিলাসকলে উচ্চ শিক্ষাৰ উপৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। 
 
আনকি সামগ্রিকভাৱে দেশৰ উন্নয়নৰ ক্ষেত্রত মহিলাৰ অৱদান পুৰুষতকৈ কোনো গুণে কম নহয়। তাৰ পিছতো কিন্তু আজিও মহিলা বঞ্চিত, অৱহেলিত হৈয়েই আহিছে। ৰাজনৈতিক দলসমূহে মহিলাক পথপ্ৰদৰ্শক নেতৃত্বকাৰীৰ পৰিৱৰ্তে কেৱল অনুসৰণকাৰী কৰিয়েই ৰাখিব বিচৰা যেন পৰিলক্ষিত হৈছে। যিখন দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ আছে নাৰী--- কিন্তু তেনে সময়তে অসমত যেন নাৰীৰ যোগ্যতা নাৰীৰ নেতৃত্বকলৈ শংকা আৰু একপ্ৰকাৰ হীনমন্যতাত ভোগা বুলি ক'ব পাৰি পুৰুষতান্ত্ৰিক সমাজখনক।
 
এখন ঘৰৰ পৰা আৰম্ভ হৈ এখন সমাজ এখন দেশৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে এগৰাকী নাৰীয়ে গুৰুত্বপুৰ্ণ ভূমিকা আগবঢ়ায়। তাৰ পিছতো ৰাজনীতিৰ ক্ষেত্ৰখনত মহিলাৰ অংশীদাৰিত্ব পুতৌজনক কিয়? এনে অনেক প্ৰশ্ন অনেক চিন্তাৰ মাজতে সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আগবাঢ়ি অহা উচ্চ শিক্ষিত তিনিগৰাকী তৰুণীয়ে যেন আশাৰ বতৰা কঢ়িয়াই আনিছে। অৱশ্যে ইয়াৰ পূৰ্বেও মীৰা বৰঠাকুৰ, অজন্তা নেওগ আদিকে ধৰি কেইবাগৰাকীও মহিলাই সাম্প্ৰতিক অসমৰ প্ৰত্যক্ষ ৰাজনীতিত জড়িত যদিও প্ৰতিটো নিৰ্বাচনতে নতুন মহিলা বা যুৱতী প্ৰাৰ্থীৰ অন্তৰ্ভুক্তি দেখা পোৱা নাযায় বুলিবই পাৰি। 
প্ৰতিনিধিত্বমূলক ছবি
 
অসমৰ ৰাজনীতিত মহিলাৰ প্ৰত্যক্ষ অংশগ্ৰহণ আৰু মহিলাক ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণ স্থান দিয়াৰ প্ৰসংগ আশাব্যঞ্জক এতিয়াও নহয়। এই কথা সকলোৰে জ্ঞাত। কিন্তু একেখিনি সময়তে নিৰ্বাচনৰ এই বতাহে যেন কোনোবাখিনিত এইবাৰ আশাৰ বতৰা লৈ আহিছে। এইবেলি অসমৰ ৰাজনীতিত দেখা উচ্চ শিক্ষিতা, আত্মবিশ্বাসী তিনি তৰুণীৰ আগমন যেন এক নতুন চিন্তাধাৰাৰ সূচনা কৰিব বুলি আশা কৰিব পাৰি। এইক্ষেত্ৰত মাত্ৰ ২৬ বছৰ বয়সৰ ৰূপালী লাংথাচাই হাফলঙৰ পৰা বিজেপিৰ প্রার্থিত্ব লাভ কৰিছে। দিয়ুংমুখৰ উচ্চ শিক্ষিতা তৰুণী ৰূপালী লাংথাচাই ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ দায়িত্ব পালন কৰি আহিছে। 
 
ই এক উল্লেখযোগ্য কথা যে কম বয়সতে এনে গুৰুত্বপূৰ্ণ দায়িত্ব ল’ব পৰা তেওঁৰ সক্ষমতাই দেখুৱায়— তৰুণী নাৰীসকলে কেৱল স্বপ্ন দেখাই নহয়, সেই স্বপ্ন বাস্তৱায়িত কৰাৰো মানসিক শক্তি ৰাখে। পাহাৰ-সমভূমিৰ বহু কন্যাৰ বাবে ৰূপালী লাংথাচা এক অনুপ্ৰেৰণাৰ প্ৰতীক হ’ব পাৰে। এই নির্বাচনত মধ্য গুৱাহাটী সমষ্টিত সকলো বিৰোধী দলৰ সমর্থিত প্রার্থী হিচাপে কুংকি চৌধুৰীক প্রার্থিত্ব প্রদান কৰিছে অসম জাতীয় পৰিষদে। 
 
বৰ্তমান শাসনাধিষ্ঠ বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰা বিজয় গুপ্তাৰ বিৰুদ্ধে মধ্য গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা মাত্ৰ ২৭ বছৰীয়া কুংকি চৌধুৰীয়ে সততা আৰু সাহসৰ এক নতুন উদাহৰণ স্থাপন কৰিছে বুলি চৰ্চা হৈছে। উচ্চ শিক্ষাৰে শিক্ষিত এইগৰাকী তৰুণীয়ে মুম্বাইৰ এখন স্বনামধন্য প্ৰতিষ্ঠান 'এন এম আই এম এছ'ৰ পৰা বিবিএ পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ অন্তত লণ্ডনৰ 'ইউএলচি ইনষ্টিটিউট অব এডুকেচন'ৰ পৰা 'এডুকেচন লিডাৰশ্বিপ'ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 
 
কুংকি চৌধুৰীৰ ৰাজনীতিৰ পথাৰত খোজে প্ৰমাণ কৰিছে যে নেতৃত্বৰ বাবে কেৱল অভিজ্ঞতা নহয়, নতুন চিন্তা আৰু দৃষ্টিভংগীও অতি প্ৰয়োজনীয়। আনহাতে, ২০২৬ বৰ্ষৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা ত্যাগ আৰু দৃঢ়তাৰ এক উজ্জ্বল উদাহৰণ। 
 
যিখন দেশত নাৰীসকলৰ বহুতে সুৰক্ষিত বৃত্তৰ ভিতৰত থাকিবলৈ পচন্দ কৰে, সেই সমাজত জ্ঞানশ্ৰী বৰাই ৰাসায়ন বিজ্ঞানৰ অধ্যাপিকাৰ চৰকাৰী চাকৰি ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰাটো সহজ সিদ্ধান্ত নহয়। মৰিয়নিত ৰাইজৰ দলৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া ৩৪ বছৰীয়া জ্ঞানশ্ৰী বৰাৰ প্রতিদ্বন্দ্বী হৈছে ৫বাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত বৰ্তমান বিজেপি দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুর্মী। এই প্ৰতিদ্বন্দিতা যথেষ্টই কঠিন বুলি জানিও ৰাইজৰ লগত থাকি ৰাইজৰ বাবে কাম কৰিবলৈ জ্ঞানশ্ৰী বৰা আগবাঢ়ি আহিছে। 
 
কুংকি চৌধুৰীয়ে চলোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ এক দৃশ্য
 
সুৰক্ষিত জীৱন এটি ত্যাগ কৰি ৰাজনীতিৰ অনিশ্চিত পথ বাচি লৈ তেওঁ দেখুৱাইছে যে, আদৰ্শ আৰু লক্ষ্যৰ বাবে নাৰী সুৰক্ষাৰ গণ্ডী ভাঙিবলৈও সাহসী হ’ব পাৰে। তেওঁৰ এই পদক্ষেপে প্ৰমাণ কৰে নাৰীসকল কেৱল অনুসৰণকাৰী নহয়, তেওঁলোক পথপ্ৰদৰ্শকো হ’ব পাৰে। কুংকি চৌধুৰী, ৰূপালী লাংথাচা আৰু জ্ঞানশ্ৰী বৰা--- উচ্চ শিক্ষিতা এই তিনিগৰাকী যুৱতীৰ ৰাজনীতিত প্ৰৱেশ হয়তো কেৱল ব্যক্তিগত লক্ষ্যৰ বাবে নহয়। এই তৰুণীত্ৰয়ৰ ৰাজনীতিৰ পথাৰত খোজে সমাজলৈ  এক শক্তিশালী বাৰ্তা বহন কৰিব পাৰে— নাৰীসকলেও নেতৃত্ব দিব পাৰে, সিদ্ধান্ত ল’ব পাৰে আৰু সমাজ গঢ়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব পাৰে। 
 
পুৰুষৰ তুলনাত অধিক সংখ্যক নাৰীয়ে ৰাজনীতি ভাল নাপাওঁ বা ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি মন্তব্য আগবঢ়োৱা দেখা যায়। এনেদৰে আগবঢ়াব পাৰে, কিন্তু তেনেদৰে মতপোষণ নকৰি ৰাজনীতিৰো তলা-নলা জনাৰ আৰু বুজাৰ চেষ্টা কৰাৰ ক্ষেত্ৰত পুৰুষ, নাৰী, তৰুণ, তৰুণী আদি প্ৰতিগৰাকী নাগৰিকেই আগ্ৰহী হোৱাটো এখন সুস্থ সবল গণতান্ত্ৰিক দেশৰ বাবে অতিকৈ প্ৰয়োজনীয় বিষয়। 
 
কেৱল ভোটাধিকাৰ সাব্যস্ত কৰিলেই সুস্থ চৰকাৰ এখন লাভ নকৰিবও পাৰোঁ--- যদিহে ৰাজনীতি সম্পৰ্কে, প্ৰাৰ্থী সম্পৰ্কে, ৰাজনৈতিক দলৰ পূৰ্বৰ কৰ্ম সম্পৰ্কে, নীতি-আদৰ্শ সম্পৰ্কে এখুদমানো জ্ঞান নাথাকে বা সেইবোৰ চালি-জাৰি নাচাওঁ। গতিকে সুস্থ সমাজ এখন পাবলৈ উপযুক্ত শাসকীয় দল এটি নিৰ্বাচন কৰাৰ দায়িত্ব পৰোক্ষ বা প্ৰত্যক্ষভাৱে নাৰী-পুৰুষ সকলোৰে আছে এই দায়িত্ব পালন কৰাতোও প্ৰতিগৰাকী নাগৰিকৰে প্ৰধান কৰ্তব্য। যি কি নহওক, কুংকি চৌধুৰী, ৰূপালী লাংথাচা আৰু জ্ঞানশ্ৰী বৰাই যুৱ প্ৰজন্ম আৰু নাৰীৰ ৰাজনীতিত অংশগ্ৰহণৰ লগতে ৰাজনৈতিক বাতাবৰণ সলনিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পৰা যায়।
 
পৰিশেষত ক’ব পাৰি যে, অসমত মহিলাৰ বাবে আঁচনি, সংৰক্ষণ আৰু ৰাজনৈতিক জয়গান সকলো ঠিকেই আছে; কিন্তু এইবোৰৰ ঢৌত মহিলাসকল পৰনিৰ্ভৰশীল আৰু কিছু কিছু ক্ষেত্রত দেখা দিয়া নৈতিক স্খলনৰ পৰিবৰ্তে সঁচা অৰ্থত ক্ষমতা এতিয়াও যে সীমিত এই কথাহে উপলব্ধি কৰিব লাগিব। এতিয়া সময় আহিছে, মহিলাসকলক কেৱল ভোটাৰ বা হিতাধিকাৰী হিচাপে নহয়, সিদ্ধান্ত গ্ৰহণকাৰী আৰু নেতৃত্বদানকাৰী হিচাপে স্বীকৃতি দিয়াৰ। 
 
এয়া নিৰ্ণয় কৰিব প্ৰতিগৰাকী ভোটাৰে, বিষেশকৈ মহিলা ভোটাৰে লোৱা সিদ্ধান্তৰ ওপৰত। যোগ্যতা আদৰ্শ আৰু আচৰণৰ ওপৰত ভিত্তি কৰি আৱেগৰ সলনি বিবেকেৰে যদিহে প্ৰতিটো ভোট দিয়া হয়, তেতিয়া হয়তো নাৰী বাস্তৱত সমতা লাভ কৰিব। কাৰণ এখন শক্তিশালী গণতন্ত্ৰ তেতিয়াহে গঢ়ি উঠে যেতিয়া মহিলাই কেৱল সুবিধাভোগী নহয়, বৰঞ্চ ক্ষমতাৰ সঁচা অংশীদাৰ হয়। এই কথা নুবুজিলে মহিলা কেৱল হিতাধিকাৰী বা ভোটাৰ হৈয়েই থাকিব আৰু তেনেহ'লে মহিলাৰ জীৱনৰ অৰুণ উদয় নহয় অস্ত যোৱাৰহে পথ সুগম হ'ব পাৰে।
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)