গুড়-বুটৰ লোভত খেলিবলৈ আৰম্ভ কৰিছিল ছাবাই
ভাৰতীয় মহিলা হকী দলৰ দ্ৰুত ফৰৱাৰ্ড ছাবা অঞ্জুমে কয়, ''যেতিয়া মই খেলিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। দেউতাকে মছজিদত আজান দিছিল আৰু মাকে ঘৰ চলাবলৈ কামলৈ গৈছিল। এবাৰ খেলপথাৰত এটা গ্ৰীষ্মকালীন শিবিৰ চলি আছিল, য'ত ল'ৰা-ছোৱালীবোৰক খেলাৰ পিছত খাবলৈ গুড় আৰু বুটমগু দিয়া হৈছিল। খেলিলে গুড়-বুট পোৱা যাব বুলিয়েই মই খেলিবলৈ আৰম্ভ কৰিছিলো। এই চিন্তাৰেই মই খেলৰ পাতনি মেলিছিলো। ইয়াৰ পিছত এখন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, য'ত মই অংশগ্ৰহণ কৰি প্ৰথম স্থান অৰ্জন কৰিছিলো। পুৰস্কাৰ স্বৰূপে এডাল হকী ষ্টিক লাভ কৰিছিলো। তাৰ পৰাই মই খেলাৰ প্ৰেৰণা পালে আৰু হকী খেলা অব্যাহত ৰাখিলো।
স্কুলৰ ফালৰ পৰা আমি নেহৰু হকী টুৰ্নামেণ্ট খেলিবলৈ গৈছিলো। তাৰ পিছতে মই ভাৰতীয় দলত নিৰ্বাচিত হৈছিলো। ইয়াৰ পিছত মই আৰু কেতিয়াও উভতি চাবলগীয়া হোৱা নাই। ১৯৯৯ চনত মই নেহৰু হকী কাপ খেলিছিলো। ২০০২ চনৰ পৰা ২০১২ চনলৈ মই ভাৰতীয় হকী দলৰ সদস্যা আছিলো আৰু কেইবাখনো প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিছিলো। এই সময়ছোৱাত মই ভাৰতীয় দলৰ অধিনায়কো আছিলো। পৰিয়ালৰ ভিতৰত মোৰ জ্যেষ্ঠ ভাতৃও হকীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছিল।
যেতিয়া প্ৰশিক্ষকে তেওঁক টীমৰ পৰা আঁতৰত ৰাখিছিল...
১৯৮৫ চনৰ ১২ জুনত জন্মগ্ৰহণ কৰা ছাবা অঞ্জুমে জনায় যে ১৯৯৭ চনত খেলৰ সময়ত প্ৰশিক্ষকে তেওঁক মেচৰ পৰা বাহিৰত বহুৱাই থৈছিল। তাৰ পিছত তেওঁলোকে তাইক পুনৰ দলত খেলাৰ সুযোগ দিয়া নাছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১১ বছৰ, তেতিয়াই দেউতাক প্ৰশিক্ষকৰ ওচৰলৈ গৈ তেওঁক খেলিবলৈ আৰু এটা সুযোগ দিবলৈ অনুৰোধ কৰিছিল। সেই মুহূৰ্তটো তেওঁৰ বাবে বৰ স্মৰণীয় আছিল। দেউতাকে তেওঁক আগবঢ়াই নিবলৈ প্ৰশিক্ষকক কাকূতি-মিনতি কৰিছিল। এই ঘটনাই তেওঁক নিৰন্তৰ খেলিবলৈ আৰু আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিল। সেই দিনাৰ পৰাই তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহিছিল।
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা বঁটা গ্ৰহণ কৰি থকা অৱস্থাত ছাবা আঞ্জুম
সামাজিক বাধাও আহিছিল, কিন্তু পৰিয়ালে দিছিল পূৰ্ণ সমৰ্থন
পদ্মশ্ৰী ছাবা অঞ্জুমে কয় যে সৰুতে যেতিয়া তেওঁ খেলি বাহিৰৰ পৰা ঘূৰি আহিছিল, তেতিয়া দেউতাকে মছজিদত কাম কৰিছিল। তেওঁ মছজিদৰ বাহিৰত দেউতাকলৈ বাট চাই বহি আছিল এই আশাত যে দেউতাকে ওলাই আহিলে তেওঁক কাজু-কিচমিচ বা কিবা খাবলৈ আনি দিব। তেওঁ প্ৰায়েই মছজিদৰ বাহিৰত বহি দেউতাকলৈ অপেক্ষা কৰিছিল। এই স্মৃতি আজিও তেওঁৰ হৃদয়ত সজীৱ হৈ আছে। অৰ্জুন বঁটা বিজয়ী ছাবাৰ মতে, যেতিয়া তেওঁ খেলিবলৈ আৰম্ভ কৰিছিল, মুছলমান পৰিয়ালৰ হোৱা বাবে কিছু সামাজিক বাধা আহি পৰিছিল।
কিন্তু তেওঁৰ দেউতাক আৰু মাকে তেওঁক সম্পূৰ্ণ সহযোগ কৰিছিল। তেওঁলোকে সদায় তেওঁক খেলিবলৈ উৎসাহিত কৰিছিল। যেতিয়া ভাৰতীয় দলত তেওঁ নিৰ্বাচিত হৈছিল, তেতিয়া পাছপ'ৰ্ট বনাবলৈ যথেষ্ট অসুবিধা হৈছিল কাৰণ আৰ্থিক অৱস্থা একেবাৰেই ভাল নাছিল। সেই সময়ত মাকে ঘৰৰ কাঁহী-বাটি বিক্ৰী কৰি তেওঁৰ পাছপ'ৰ্ট বনাই দিছিল। তেওঁৰ মাক-দেউতাকে তেওঁৰ বাবে বহুত ত্যাগ স্বীকাৰ কৰিছে, যিবোৰ তেওঁ কেতিয়াও কল্পনা কৰিব নোৱাৰে। তেওঁলোকে সকলো সময়তে তেওঁৰ কাষত থিয় দিছিল।
খেলৰ বাবেই ডিএছপি পদত নিযুক্তি লাভ কৰিছিল ছাবাই
অতিৰিক্ত আৰক্ষী অধীক্ষ (ASP)ক হিচাপে দায়িত্ব পালন কৰি থকা ছাবা অঞ্জুমে জনায় যে যেতিয়া তেওঁ ভাৰতীয় দলত খেলিবলৈ গৈছিল, তেতিয়া জ্যেষ্ঠ খেলুৱৈসকলক দেখি অনুপ্ৰাণিত হৈছিল। তেওঁ ভাল খেলাৰ লগতে এদিন ভাৰতীয় হকী দলৰ অধিনায়ক হোৱাৰ প্ৰেৰণা লাভ কৰিছিল। হকীয়ে তেওঁক জীৱনত বহুতো কিবা-কিবি দিলে। তেওঁ অৰ্জুন বঁটা আৰু পদ্মশ্ৰী বঁটা লাভ কৰিলে। লগতে ছত্তীশগড় আৰক্ষীত ডিএছপি পদতো তেওঁৰ নিযুক্তি হৈছিল।
ছাবা অঞ্জুমে যুৱপ্ৰজন্মক স্পষ্ট বাৰ্তা দিছে যে তেওঁলোকে যি কামেই নকৰক কিয়- সেয়া খেলুৱৈয়েই হওক বা পঢ়া-শুনাই হওক, নিজৰ সামৰ্থ্যক চিনাক্ত কৰক আৰু সেই সামৰ্থ্যৰে নিৰন্তৰ পৰিশ্ৰম কৰক। পৰিশ্ৰম কৰিলেহে সফলতা পোৱা যায়। কঠোৰ পৰিশ্ৰমেই আপোনাক আনতকৈ এক সুকীয়া পৰিচয় প্ৰদান কৰে। সফলতা অৰ্জন কৰাৰ কোনো চমু পথ (শ্বৰ্টকাট) নাই। কেৱল পৰিশ্ৰমৰ জৰিয়তেহে আপুনি নিজৰ ক্ষেত্ৰখনত আগবাঢ়িব পাৰিব।
হকী খেলি থকা অৱস্থাত ছাবা আঞ্জুম
খেলপথাৰৰ সোণালী চৰাইৰ উত্থান, দ্ৰুত ফৰৱাৰ্ডৰ পৰিচয়
ৰায়পুৰত শিক্ষালাভ কৰা ছাবা অঞ্জুম ভাৰতীয় মহিলা হকী দলৰ নিয়মীয়া সদস্যা আছিল। দ্ৰুত গতিৰে উইঙৰ মাজেৰে দৌৰি বলটো গ'লপ'ষ্টলৈ লৈ যোৱাৰ তেওঁৰ কলাটোৱে তেওঁক এক সুকীয়া পৰিচয় দিছিল। ২০০২ চনত সমগ্ৰ বিশ্বৰ চকু আছিল মানচেষ্টাৰ কমনৱেলথ গেমছৰ ওপৰত। ১৭ বছৰীয়া ছাবা সেই ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল।
ফাইনেলত ভাৰতীয় দলে স্বৰ্ণ জয় কৰাৰ পিছত তেওঁ ৰাতিটোৰ ভিতৰতে ষ্টাৰ হৈ পৰিছিল। তেওঁ কেৱল গ'ল কৰাই নহয়, খেলপথাৰত বিৰোধী দলৰ প্ৰতিৰক্ষা (ডিফেন্স) ভাঙি পেলাইছিল। ইয়াৰ পিছত সফলতাৰ ধাৰা স্তব্ধ হোৱা নাছিল। ২০০৪ চনৰ এছিয়া কাপৰ স্বৰ্ণই হওক বা ২০১১ চনত ভাৰতীয় দলৰ অধিনায়কত্বই হওক, ছাবাই প্ৰতিটো ক্ষেত্ৰতে নিজকে প্ৰমাণ কৰিছিল। ২০০ খন আন্তঃৰাষ্ট্ৰীয় মেচত ৯২ টা গ'ল কৰাটোৱেই তেওঁৰ দক্ষতাৰ প্ৰমাণ আছিল।
খেলপথাৰৰ পৰা খাকীলৈ যাত্ৰা
হকীৰ খেলপথাৰত নিজৰ চমক প্ৰদৰ্শন কৰাৰ পিছত, ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা (২০১৩) আৰু পদ্মশ্ৰী (২০১৫) ৰে সন্মানিত কৰে। ছত্তীশগড় চৰকাৰে তেওঁৰ কৃতিত্বৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক আৰক্ষী বিভাগত নিযুক্তি প্ৰদান কৰে। আজি যেতিয়া ছাবাই আৰক্ষীৰ ইউনিফৰ্ম (খাকী) পিন্ধি ওলাই যায়, তেতিয়া তেওঁ কেৱল এগৰাকী বিষয়াই নহয়, বৰঞ্চ অভাৱৰ মাজত জীৱন কটোৱা সেই হাজাৰ হাজাৰ ছোৱালীৰ বাবে আশাৰ ৰেঙনি হৈ পৰে। দুৰ্গৰ যিখন পথাৰত মানুহে তেওঁক ইতিকিং কৰিছিল, আজি সেই পথাৰৰ কাষেৰে পাৰ হৈ যাওঁতে মানুহে তেওঁক গৌৰৱেৰে অভিবাদন জনায়।
মুখ্য তথ্য আৰু কৃতিত্ব
প্ৰাৰম্ভিক কেৰিয়াৰঃ ছাবা অঞ্জুমে মাত্ৰ ১৫ বছৰ বয়সতে ২০০০ চনত হংকঙত অনুষ্ঠিত অনূৰ্ধ্ব-১৮ এএইচএফ (AHF) কাপৰ জৰিয়তে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল।
হকী খেলপথাৰত ছাবা আঞ্জুম
কমনৱেলথ গেমছঃ ২০০২ চনৰ মানচেষ্টাৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা তেওঁ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল, য'ত ভাৰতীয় দলে স্বৰ্ণ পদক জয় কৰিছিল। তেওঁ ২০০৬ চনৰ মেলবৰ্ন কমনৱেলথ গেমছতো অংশগ্ৰহণ কৰিছিল।
এছিয়ান গেমছ আৰু কাপঃ ছাবাই ২০০৪ চনৰ এছিয়া কাপত স্বৰ্ণ আৰু ২০০৬ চনৰ দোহা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
অৰ্জুন বঁটাঃ ২০১৩
পদ্মশ্ৰীঃ ২০১৫ (ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান)
গুণ্ডাধুৰ সন্মানঃ ছত্তীশগড় ৰাজ্যৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা।
বৰ্তমানৰ ভূমিকাঃ ছত্তীশগড় চৰকাৰে তেওঁক আৰক্ষী বিভাগত নিযুক্তি দিছে। বৰ্তমান তেওঁ ছত্তীশগড় আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক / অতিৰিক্ত আৰক্ষী অধীক্ষক (ASP) হিচাপে সেৱা আগবঢ়াই আছে।
থোৰতেঃ
নামঃ ছাবা অঞ্জুম কৰিম
জন্মঃ ১২ জুন ১৯৮৫
ৰাজ্যঃ ছত্তীশগড়
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰঃ ২০০২–২০১২
উল্লেখযোগ্য সাফল্যঃ ২০০২ কমনৱেলথ গেমছৰ স্বৰ্ণ
সন্মানঃ পদ্মশ্ৰী, অৰ্জুন বঁটা
বৰ্তমানৰ পদবীঃ ASP, ছত্তীশগড় আৰক্ষী