আতিৰ খান
ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতীয় মুছলমান মহিলাৰ ভূমিকা আমাৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ, যিটো দিশ বহু সময়ত উপেক্ষিত হৈ আহিছে। দেশৰ বিকাশ আৰু প্ৰগতিলৈ ভাৰতীয় মুছলমান মহিলাসকলে আগবঢ়োৱা অৱদান স্বীকৃতি আৰু সন্মানৰ যোগ্য, কিয়নো তেওঁলোকে ধাৰাবাহিকভাৱে ভাৰতৰ বৈচিত্ৰ্যময় আৰ্থ-সামাজিক আৰু ৰাজনৈতিক গাঁথনিক গঢ় দি আহিছে।
সকলো শ্ৰেণীৰ মহিলাৰ দৰেই মুছলমান মহিলাসকলৰ সাফল্যকো প্ৰাপ্য মৰ্যাদাৰে স্বীকৃতি দিয়া হোৱা নাই। অৱশ্যে, ইছলামৰ মূল শিক্ষাই মহিলাসকলক ৰাজনীতি, ব্যৱসায়-বাণিজ্য আৰু উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তিৰ অধিকাৰকে ধৰি পৰ্যাপ্ত অধিকাৰ প্ৰদান কৰিছিল। সৱলীকৰণৰ এই নীতিসমূহে বিকাশৰ এক সুদৃঢ় ভেটি স্থাপন কৰে যদিও সমাজৰ ভিতৰৰে কিছুমান ভুল অগ্ৰাধিকাৰৰ বাবে মুছলমান মহিলাসকলৰ প্ৰকৃত সম্ভাৱনাক প্ৰায়ে বাধাগ্ৰস্ত কৰা হৈছে।
সমান সুযোগৰ দেশ ভাৰতে মুছলমান মহিলাসকলক বিভিন্ন ক্ষেত্ৰত জিলিকি উঠাৰ সুযোগ প্ৰদান কৰিছে। বেগম হজৰত মহল আৰু বি আম্মাৰ দৰে ঐতিহাসিক ব্যক্তিসকল আছিল বিপ্লৱী নেত্ৰী, যিসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সাহস আৰু প্ৰতিৰোধৰ এক অনন্য নিদৰ্শন ৰাখি থৈ গৈছে।
এই পথপ্ৰদৰ্শক মহিলাসকলে পৰৱৰ্তী সময়ৰ বহু অসাধাৰণ মুছলমান মহিলাৰ বাবে পথ প্ৰশস্ত কৰিছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ পৰা আৰম্ভ কৰি হায়দৰাবাদৰ প্ৰথমগৰাকী মহিলা নিউৰোছাৰ্জন ডাঃ মৰিয়ম আফিফা আনছাৰীলৈকে, স্বাধীনতাৰ পৰৱৰ্তী যুগত মুছলমান মহিলাসকলৰ অৱদান অতি গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী আছিল।
অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চৈয়দা আনোৱাৰা টাইমূৰে ৰাজনৈতিক নেতৃত্বৰ সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ বিপৰীতে কুৰ্ৰাতুইলেন হায়দৰ, মধুবালা আৰু বেগম আখতাৰৰ দৰে সাংস্কৃতিক আইকণসকলে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
আজিৰ দিনতো ভাৰতীয় মুছলমান মহিলাসকলে ৰাজনীতিৰ পৰা আৰম্ভ কৰি ব্যৱসায়, ক্ৰীড়া, শিক্ষা আৰু কলাৰ দৰে বিভিন্ন ক্ষেত্ৰত বাধা অতিক্ৰম কৰি সফলতাৰ নতুন সংজ্ঞা দাঙি ধৰিছে। তেওঁলোকৰ মনোবল, দৃঢ়তা আৰু উৎকৃষ্টতাৰ কাহিনীয়ে কেৱল মহিলাসকলকেই নহয়, বৰঞ্চ সমাজৰ সকলো শ্ৰেণীৰ লোকক অনুপ্ৰাণিত কৰি আহিছে।
আমি ‘আৱাজ-দ্য ভইচ’ পৰিয়াল আমাৰ 'চেঞ্জমেকাৰ্ছ' (Changemakers) শৃংখলাটোৰ প্ৰতি পোৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে গভীৰভাৱে কৃতজ্ঞ, য'ত আমি সমাজলৈ ইতিবাচক অৱদান আগবঢ়োৱা মুছলমানসকলৰ কৰ্মৰাজিৰ আলোকপাত কৰিছো। এই কাহিনীবোৰৰ সঁহাৰি হিচাপে আমি লাভ কৰা অসংখ্য ই-মেইল আৰু ফোনৰ যোগেদি অহা প্ৰশ্নবোৰে এনে সাফল্যসমূহ প্ৰদৰ্শন কৰাৰ গুৰুত্বক পুনৰ এবাৰ প্ৰমাণ কৰিছে।
সৰ্বজনীন সাংবাদিকতাৰ প্ৰতি আমাৰ নিৰন্তৰ দায়বদ্ধতাৰ অংশ স্বৰূপে, আমি ‘পৰৱাজ’ নামৰ এক নতুন শৃংখলা মুকলি কৰিবলৈ ওলাইছোঁ, যিয়ে বিভিন্ন ক্ষেত্ৰত সমসাময়িক ভাৰতীয় মুছলমান মহিলাসকলৰ অসাধাৰণ সাফল্যসমূহক পোহৰলৈ আনিব। এই প্ৰচেষ্টা তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্টতাৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি হ'ব আৰু আনকো তেওঁলোকৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।
ৰাজনীতিত মুছলমান মহিলাসকলৰ ওপৰত এক বিশেষ প্ৰস্তাৱনাৰে (curtain-raiser) আজি 'পৰৱাজ' আৰম্ভ হৈছে আৰু ইয়াৰ পৰৱৰ্তী খণ্ডবোৰত আন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰা হ'ব। আমি আমাৰ পাঠকসকলক [email protected] লৈ তেওঁলোকৰ মতামত আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনাইছো।
(লেখক মুখ্য সম্পাদক ‘আৱাজ - দ্য ভইচ’)